ক’ৰনাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে দুখনকৈ চুটি ছবি নিৰ্মাণ পৰিচালক মঙ্গল নায়কৰ

VideoCapture_20200418-002035

মঙ্গল নায়কৰ চুটি ছবিৰ এটি মুহূৰ্ত। ফটো: নৰ্থইষ্ট নাও

মাৰাত্মক ক’ৰনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যৰো জিলা সমূহক কেইবাটাও স্তৰত বিভক্ত কৰা হৈছে যদিও ৰাজ্যৰ একাংশ গ্ৰাম্যাঞ্চল তথা চাহ বাগিছা অধ্যুষিত অঞ্চলত এতিয়াও মহামাৰী বিধৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত পিছ পৰি থকা দেখা পোৱা গৈছে।

এই গুৰুত্বপূৰ্ণ সমস্যাৰ সন্দৰ্ভত চাহ বাগিছা অঞ্চলৰ ৰাইজৰ মাজত ক’ৰনা নামৰ মহামাৰী বিধৰ সংক্ৰমণৰ বিৰুদ্ধে সজাগতা তথা সতৰ্কতা সৃষ্টিৰ প্ৰয়াস কৰি নগাঁও জিলাৰ চাপানালাৰ এজন সংস্কৃতিবান লোকে গ্ৰহণ কৰিছে এটি বিশেষ পদক্ষেপ।

ব্যক্তি জন হ’ল চাহ বাগিছা অঞ্চলৰ তথা অসমৰ এজন জনপ্ৰিয় অভিনেতা, পৰিচালক তথা চিত্ৰনাট্যকাৰ মঙ্গল নায়ক।

মঙ্গল নায়কে কেৱল পকেটৰ ম’বাইলটোৰে নিজৰ ঘৰতে দৃশ্য গ্ৰহণ কৰি চাহ বাগিছা অঞ্চলৰ ৰাইজে সহজে বুজিব পৰাকৈ নিৰ্মাণ কৰি উলিয়াইছে দুখনকৈ চুটি কথাছবি।

নায়কে নিজে চিত্ৰনাট্য তথা পৰিচালনা কৰা চুটি ছবি দুখনত বিভিন্ন চৰিত্ৰত তেওঁৰে পত্নী,পুত্ৰ আৰু জীয়াৰীয়ে অভিনয় কৰিছে।

চুটি ছবি দুখনত ৰাইজৰ মাজত ভয়াবহ ক’ৰনা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে কি ধৰণৰে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় আৰু লক্ ডাউনৰ সময়ত কেনেকৈ দৰিদ্ৰ দিন হাজিৰা লোকক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী প্ৰদান কৰি সহায়ৰ হাত আগবঢ়াব পৰা যায় সেই বিষয় দুটাৰ ওপৰত প্ৰধানকৈ গুৰুত্ব প্ৰদান কৰা দেখা গৈছে।

ইফালে মঙ্গল নায়কে চুটি ছবি দুখন ছচিয়েল মিডিয়াৰ জৰিয়তে প্ৰচাৰ কৰাত সম্প্ৰতি যথেষ্ট সমাদৰ লাভ কৰাৰ লগতে সজাগতাৰ দিশত চাহ বাগিছা অধ্যুষিত অঞ্চল সমূহত প্ৰভাৱিত কৰিছে বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমক।

অৱশ্যে এই দুখন চুটি ছবি সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰি ৰাজ্যৰ সকলো চাহ বাগিছা অঞ্চলৰ ৰাইজৰ মাজত ক’ৰনা ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত এক সময়োপযোগী প্ৰয়াস কৰিবৰ বাবে আহ্বান জনাইছে পৰিচালক মঙ্গল নায়কে।