NORTHEAST NOW (Assamese)

সৰ্বসাধাৰণৰ মাজত বিজ্ঞানক জনপ্ৰিয় কৰি তোলা বিজ্ঞানী ড০ প্ৰণৱজ্যোতি চেতিয়াৰ আকস্মিক বিয়োগ

August 11, 2023 9:57 am · এন ই নাও নিউজ, গুৱাহাটী

যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ তত্ত্বাৱধায়ক তথা বিজ্ঞানী ডঃ প্ৰণৱজ্যোতি চেতিয়াৰ আকস্মিক বিয়োগ ঘটিছে। বৃহস্পতিবাৰে নিশা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱিট লয় প্ৰতিভাৱান বিজ্ঞানীগৰাকীয়ে।

অসুস্থ অনুভৱ কৰি নিজেই চিকিৎসালয়লৈ গৈ ৰক্তচাপ পৰীক্ষা কৰাৰ সময়তে চিকিৎসালয়তে মৃত্যু ঘটে চেতিয়াৰ।

সৰ্বসাধাৰণৰ মাজত বিজ্ঞানক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত চেতিয়াই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল। ‘বিজ্ঞাজ্যোতি’ নামৰ এটা সামাজিক মাধ্যমৰ পেজৰ জৰিয়তে বিজ্ঞানক জনপ্ৰিয় কৰি তুলিছিল চেতিয়াই।

অতি কম সময়ৰ ভিতৰতে নিজৰ সাৱলীল জ্ঞান আৰু বিজ্ঞান মনস্কতাৰ সজাগতা সৃষ্টিৰ জৰিয়তে জনপ্ৰিয় হৈ পৰিছিল ডঃ প্ৰণৱজ্যোতি চেতিয়া।

বিজ্ঞানৰ বহু নজনা কথা বিজ্ঞাজ্যোতিৰ ভিডিঅ’ৰ মাধ্যমেৰে উপস্থাপন কৰি বিজ্ঞানক সহজবোধ্য কৰি তোলা চেতিয়া এগৰাকী অতি সপ্ৰতিভ ব্যক্তিত্বৰ অধিকাৰী আছিল।

বিজ্ঞানীগৰাকীৰ আকস্মিক মৃত্যুৰ বাতৰিয়ে যোৰহাটবাসীৰ লগতে সমগ্ৰ ৰাজ্যৰ তেওঁৰ অজস্ৰ অনুৰাগীক শোকস্তব্ধ কৰি তুলিছে। বিভিন্নজনে তেওঁৰ অকাল বিয়োগত সামাজিক মাধ্যমৰ জৰিয়তে শোক ব্যক্ত কৰিছে। 

Related News