NORTHEAST NOW (Assamese)

মৰিগাঁৱৰ পাটেকীবৰিত জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ গণ স্বাক্ষৰ অভিযান সম্পন্ন

November 17, 2020 7:49 pm · চানু গগৈ

জগত-গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম স্থান পাটেকীবৰিত জনসংখ্যা সমাধান ফাউণ্ডেশ্যন অসম প্ৰান্তৰ মৰিগাঁও জিলা সমিতিৰ নেতৃত্বত  জন-স্বাক্ষৰ অভিযানৰ এক অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

জনসংখ্যা সমাধানৰ ফাউণ্ডেশ্যনৰ শীৰ্ষ গীতেৰে আৰম্ভ কৰা অনুষ্ঠানটোত উপস্থিত থাকে মৰিগাঁও জিলা সংযোজক পুলিন কাকতি।

তেওঁৰ উপৰিও মৰিগাঁও জিলা যুৱ শক্তি অধ্যক্ষ মিলন কাকতি সমাজ সচেতক তুলেন মেধিকে ধৰি জিলাখনৰ বহুকেইজন গণ্য মান্য লোক উপস্থিত থাকে।

জিলা সংযোজক পুলিন কাকতিয়ে আঁতধৰা অনুষ্ঠানটোত পাটেকীবৰি থানৰ মুখ্য পূজাৰী গৰাকীয়ে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ লক্ষ্য আৰু উদ্যেশ সম্পৰ্কে ৰাইজক অৱগত কৰা লগতে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনক সদায় সহায় সহযোগিতা কৰি যাব বুলি মন্তব্য কৰে।

সত্ৰ সাধাৰণ সম্পাদকসহ বহুকেইজন সত্ৰৰ কৰ্মকৰ্তাৰে গণ স্বাক্ষৰ বিষয়ে ৰাইজক সম্যকভাৱে বুজাই দিয়ে।

পৰবৰ্ত্তী সময়ত অনুষ্ঠানত উপষ্ঠিত থকা সকলোৱে এই অভিযানত সক্ৰিয় সহায় সহযোগ কৰা আশ্বাস প্ৰদান কৰা লগতে আজিৰ গণ স্বাক্ষৰ অভিযান আৰম্ভণি কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

Related News