অনলাইন প্লেটফৰ্মসমূহত যৌনগন্ধী বিষয়বস্তু নিয়ন্ত্ৰণৰ বাবে এখন ৰাষ্ট্ৰীয় বিষয়বস্তু নিয়ন্ত্ৰণ কৰ্তৃপক্ষ গঠনৰ নিৰ্দেশনা বিচৰি আবেদন কৰিছিল। উচ্চতম ন্যায়ালয়ে সোমবাৰ,২৮ এপ্ৰিলত অ’টিটি আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মত যৌন সম্পৰ্কীয় বিষয়বস্তুৰ সম্প্ৰচাৰ নিষিদ্ধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব। ইতিমধ্যে আই এণ্ড বি মন্ত্ৰণালয়ে অ’টিটি প্লেটফৰ্মসমূহক ‘অশ্লীল বিষয়বস্তু’ৰ বিৰুদ্ধে সতৰ্ক কৰি দিছে। এই আবেদনৰ শুনানি গ্ৰহণ কৰিব ন্যায়াধীশ বি.আৰ.গাভা আৰু ন্যায়াধীশ অগাস্টিন জৰ্জ মাছিৰ বিচাৰপীঠে।
আবেদনখনত দাবী কৰা হৈছে যে ছ’চিয়েল মিডিয়া চাইটত এনে পেজ বা প্ৰফাইল আছে যিয়ে কোনো ফিল্টাৰ নোহোৱাকৈ পৰ্ণগ্ৰাফিক কন্টেন্ট প্ৰচাৰ কৰি আছে আৰু বিভিন্ন অ’টিটি প্লেটফৰ্মত কন্টেন্ট ষ্ট্ৰীমিং কৰি আছে য’ত শিশু পৰ্ণগ্ৰাফীৰ উপাদানো থাকিব পাৰে। ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এনে পেজ বা প্ৰফাইল আছে যিয়ে কোনো নিয়ন্ত্ৰয়ন কৰাৰ ব্যৱস্থা নোহোৱাকৈ পৰ্ণগ্ৰাফিক বিষয়বস্তু প্ৰচাৰ কৰে। লগতে, বিভিন্ন অ’টিটি প্লেটফৰ্মত এনে বিষয়বস্তু ষ্ট্ৰীম কৰা হয় য’ত শিশু পৰ্ণগ্ৰাফীৰ সম্ভাৱ্য উপাদানো থাকিব পাৰে।
এনে যৌনগন্ধী বিষয়বস্তুৱে যুৱক-যুৱতী, শিশু আৰু প্ৰাপ্তবয়স্কৰ মনক প্ৰদূষিত কৰি অস্বাভাৱিক আৰু বিকৃত যৌন প্ৰৱণতাৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত অপৰাধৰ হাৰ বৃদ্ধি পায় বুলিও আবেদনত উল্লেখ কৰিছে। পৰ্ণগ্ৰাফিক সামগ্ৰীৰ অনিয়ন্ত্ৰিত প্ৰসাৰে সামাজিক মূল্যবোধ, মানসিক স্বাস্থ্য আৰু জনসাধাৰণৰ সুৰক্ষাৰ ওপৰত ভয়াৱহ পৰিণতিৰ সৃষ্টি কৰিব পাৰে বুলিও উল্লেখ কৰিছে।
যোগ্য কৰ্তৃপক্ষলৈ প্ৰতিনিধিত্ব বা অভিযোগ প্ৰেৰণ কৰি কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে যদিও একেটাৰেই কোনো ফলপ্ৰসূ ফলাফল পোৱা নাই বুলিও আবেদনকাৰীসকলে দাবী কৰিছে ।
ইণ্টাৰনেটৰ সহজলভ্যতা আৰু ব্যাপক ব্যৱহাৰৰ ফলত পৰ্ণগ্ৰাফিক বিষয়বস্তু সকলো বয়সৰ ব্যৱহাৰকাৰীৰ বাবে অবাধে উপলব্ধ হৈ পৰা বাবে ৰাষ্ট্ৰৰ নৈতিকতা ৰক্ষা, দুৰ্বল জনগোষ্ঠীৰ সুৰক্ষা আৰু ডিজিটেল ক্ষেত্ৰখন বইপথগামী হোৱাত বাধা প্ৰদানৰ বাবে সাংবিধানিক দায়িত্ব পালন কৰাটো অতি জৰুৰী হৈ পৰিছে বুলি আবেদনত উল্লেখ কৰিছে।
এই প্লেটফৰ্মসমূহে ভাৰতত, বিশেষকৈ শিশু আৰু নাবালকৰ বাবে, পৰ্ণগ্ৰাফিক বিষয়বস্তু নিষিদ্ধ কৰাৰ ব্যৱস্থা নকৰালৈকে ছ’চিয়েল মিডিয়া আৰু অ’টিটি প্লেটফৰ্মৰ প্ৰৱেশ বন্ধ কৰা বাবে কেন্দ্ৰক নিৰ্দেশ প্ৰদানৰ বাবে এই আবেদনৰ জড়িয়তে অনুৰোধ কৰিছে।
যেতিয়ালৈকে এই বিষয় নিয়ন্ত্ৰণৰ বাবে কোনো আইন প্ৰণয়ন নোহোৱা লৈকে অ’টিটি আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বিষয়বস্তুৰ প্ৰকাশ বা ষ্ট্ৰীমিং নিৰীক্ষণ আৰু প্ৰমাণীকৰণৰ বাবে অৱসৰপ্ৰাপ্ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ নেতৃত্বত আৰু বিশেষজ্ঞসকলৰে গঠিত এখন সমিতি গঠন কৰিবৰ বাবে উচ্চতম ন্যায়ালয়ক অনুৰোধ কৰিছে।
এই আবেদনৰ জৰিয়তে ভাৰতত পুনৰীক্ষণ সমিতিৰ স্বীকৃতিপ্ৰাপ্ত মনোবিজ্ঞানী আৰু অন্যান্য বিশেষজ্ঞৰে গঠিত এখন সমিতিৰ দ্বাৰা দেশজোৰা অধ্যয়ন চলাই সমাজত যৌনগন্ধী বিষয়বস্তুৰ বিৰূপ প্ৰভাৱ মূল্যায়নৰ বাবে প্ৰতিবেদন দাখিলৰো অনুৰোধ কৰিছে। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।