• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অ’টিটি আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মত নিষিদ্ধ হ’ব যৌনগন্ধী বিষয়বস্তু! ২৮ এপ্ৰিলত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 27, 2025 5:46 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অনলাইন প্লেটফৰ্মসমূহত যৌনগন্ধী বিষয়বস্তু নিয়ন্ত্ৰণৰ বাবে এখন ৰাষ্ট্ৰীয় বিষয়বস্তু নিয়ন্ত্ৰণ কৰ্তৃপক্ষ গঠনৰ নিৰ্দেশনা বিচৰি আবেদন কৰিছিল। উচ্চতম ন্যায়ালয়ে সোমবাৰ,২৮ এপ্ৰিলত অ’টিটি আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মত যৌন সম্পৰ্কীয় বিষয়বস্তুৰ সম্প্ৰচাৰ নিষিদ্ধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব। ইতিমধ্যে আই এণ্ড বি মন্ত্ৰণালয়ে অ’টিটি প্লেটফৰ্মসমূহক ‘অশ্লীল বিষয়বস্তু’ৰ বিৰুদ্ধে সতৰ্ক কৰি দিছে। এই আবেদনৰ শুনানি গ্ৰহণ কৰিব ন্যায়াধীশ বি.আৰ.গাভা আৰু ন্যায়াধীশ অগাস্টিন জৰ্জ মাছিৰ বিচাৰপীঠে।

আবেদনখনত দাবী কৰা হৈছে যে ছ’চিয়েল মিডিয়া চাইটত এনে পেজ বা প্ৰফাইল আছে যিয়ে কোনো ফিল্টাৰ নোহোৱাকৈ পৰ্ণগ্ৰাফিক কন্টেন্ট প্ৰচাৰ কৰি আছে আৰু বিভিন্ন অ’টিটি প্লেটফৰ্মত কন্টেন্ট ষ্ট্ৰীমিং কৰি আছে য’ত শিশু পৰ্ণগ্ৰাফীৰ উপাদানো থাকিব পাৰে। ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এনে পেজ বা প্ৰফাইল আছে যিয়ে কোনো নিয়ন্ত্ৰয়ন কৰাৰ ব্যৱস্থা নোহোৱাকৈ পৰ্ণগ্ৰাফিক বিষয়বস্তু প্ৰচাৰ কৰে। লগতে, বিভিন্ন অ’টিটি প্লেটফৰ্মত এনে বিষয়বস্তু ষ্ট্ৰীম কৰা হয় য’ত শিশু পৰ্ণগ্ৰাফীৰ সম্ভাৱ্য উপাদানো থাকিব পাৰে।

Apply Now

এনে যৌনগন্ধী বিষয়বস্তুৱে যুৱক-যুৱতী, শিশু আৰু প্ৰাপ্তবয়স্কৰ মনক প্ৰদূষিত কৰি অস্বাভাৱিক আৰু বিকৃত যৌন প্ৰৱণতাৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত অপৰাধৰ হাৰ বৃদ্ধি পায় বুলিও আবেদনত উল্লেখ কৰিছে। পৰ্ণগ্ৰাফিক সামগ্ৰীৰ অনিয়ন্ত্ৰিত প্ৰসাৰে সামাজিক মূল্যবোধ, মানসিক স্বাস্থ্য আৰু জনসাধাৰণৰ সুৰক্ষাৰ ওপৰত ভয়াৱহ পৰিণতিৰ সৃষ্টি কৰিব পাৰে বুলিও উল্লেখ কৰিছে।

যোগ্য কৰ্তৃপক্ষলৈ প্ৰতিনিধিত্ব বা অভিযোগ প্ৰেৰণ কৰি কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে যদিও একেটাৰেই কোনো ফলপ্ৰসূ ফলাফল পোৱা নাই বুলিও আবেদনকাৰীসকলে দাবী কৰিছে ।

ইণ্টাৰনেটৰ সহজলভ্যতা আৰু ব্যাপক ব্যৱহাৰৰ ফলত পৰ্ণগ্ৰাফিক বিষয়বস্তু সকলো বয়সৰ ব্যৱহাৰকাৰীৰ বাবে অবাধে উপলব্ধ হৈ পৰা বাবে ৰাষ্ট্ৰৰ নৈতিকতা ৰক্ষা, দুৰ্বল জনগোষ্ঠীৰ সুৰক্ষা আৰু ডিজিটেল ক্ষেত্ৰখন বইপথগামী হোৱাত বাধা প্ৰদানৰ বাবে সাংবিধানিক দায়িত্ব পালন কৰাটো অতি জৰুৰী হৈ পৰিছে বুলি আবেদনত উল্লেখ কৰিছে।

এই প্লেটফৰ্মসমূহে ভাৰতত, বিশেষকৈ শিশু আৰু নাবালকৰ বাবে, পৰ্ণগ্ৰাফিক বিষয়বস্তু নিষিদ্ধ কৰাৰ ব্যৱস্থা নকৰালৈকে ছ’চিয়েল মিডিয়া আৰু অ’টিটি প্লেটফৰ্মৰ প্ৰৱেশ বন্ধ কৰা বাবে কেন্দ্ৰক নিৰ্দেশ প্ৰদানৰ বাবে এই আবেদনৰ জড়িয়তে অনুৰোধ কৰিছে।

যেতিয়ালৈকে এই বিষয় নিয়ন্ত্ৰণৰ বাবে কোনো আইন প্ৰণয়ন নোহোৱা লৈকে অ’টিটি আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বিষয়বস্তুৰ প্ৰকাশ বা ষ্ট্ৰীমিং নিৰীক্ষণ আৰু প্ৰমাণীকৰণৰ বাবে অৱসৰপ্ৰাপ্ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ নেতৃত্বত আৰু বিশেষজ্ঞসকলৰে গঠিত এখন সমিতি গঠন কৰিবৰ বাবে উচ্চতম ন্যায়ালয়ক অনুৰোধ কৰিছে।

এই আবেদনৰ জৰিয়তে ভাৰতত পুনৰীক্ষণ সমিতিৰ স্বীকৃতিপ্ৰাপ্ত মনোবিজ্ঞানী আৰু অন্যান্য বিশেষজ্ঞৰে গঠিত এখন সমিতিৰ দ্বাৰা দেশজোৰা অধ্যয়ন চলাই সমাজত যৌনগন্ধী বিষয়বস্তুৰ বিৰূপ প্ৰভাৱ মূল্যায়নৰ বাবে প্ৰতিবেদন দাখিলৰো অনুৰোধ কৰিছে। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm
পাহৰণিৰ গৰ্ভত থকা ইতিহাস: আমেৰিকাৰ স্বাধীনতাত মহীশূৰৰ হাইদৰ আলী আৰু টিপু চুলতানৰ অৱদান

পাহৰণিৰ গৰ্ভত থকা ইতিহাস: আমেৰিকাৰ স্বাধীনতাত মহীশূৰৰ হাইদৰ আলী আৰু টিপু চুলতানৰ অৱদান

July 4, 2026 5:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd