শিল্পী কেকেৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ওলাল, ‘অপ্ৰাকৃতিক মৃত্যু নহয়’

যোৱা নিশা কলকাতাত সংগীতানুষ্ঠান পৰিৱেশনৰ পিছতে অস্বাভাৱিকভাৱে মৃত্যুক সাবটি লোৱা বলীউডৰ জনপ্ৰিয় গায়ক কেকেৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ওলাল। প্ৰতিবেদনত কেকেৰ মৃত্যু ‘অপ্ৰাকৃতিক কাৰণ’ত হোৱা নাই বুলি কোৱা হৈছে।

শিল্পীগৰাকীৰ মুখ আৰু মূৰত ক’লা দাগ থকালৈ চাই তেওঁৰ মৃত্যু সন্দৰ্ভত কলকাতা আৰক্ষীয়ে এক ‘অপ্ৰাকৃতিক মৃত্যু’ৰ গোচৰ ৰুজু কৰিছিল।

এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই সংবাদ সংস্থা প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াক জনোৱা মতে, এই গোচৰ কলকাতাৰ নিউ মাৰ্কেট আৰক্ষী চকীত দাখিল কৰা হৈছে।

উল্লেখ্য যে অনুষ্ঠান পৰিৱেশনৰ বাবে কলকাতালৈ অহাৰ পিছত কেকে থকা পঞ্চতাৰকা যুক্ত হোটেলখন এই আৰক্ষী চকীৰ অধিকাৰক্ষেত্ৰত পৰে।

“আমি কেকেৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰিছো আৰু নিউ মাৰ্কেট আৰক্ষী থানাত অপ্ৰাকৃতিক মৃত্যুৰ গোচৰ ৰুজু কৰা হৈছে। আমি হোটেল কৰ্তৃপক্ষৰ সৈতে কথা পাতিছো আৰু তেওঁক চিকিৎসালয়লৈ নিয়াৰ আগতে কি ঘটিছিল জানিবলৈ চিচিটিভি ফুটেজ পৰীক্ষা কৰি আছো।”- আৰক্ষী বিষয়াজনে লগতে কয়।

উল্লেখ্য যে মঙ্গলবাৰে কলকাতাৰ নজৰুল মঞ্চত এটা সংগীতানুষ্ঠান পৰিৱেশনৰ কেইঘণ্টামান পিছতে কেকেৰ মৃত্যু হৈছিল। হৃদৰোগত আক্ৰান্ত হোৱাৰ ফলত গায়ক গৰাকীৰ মৃত্যু হৈছিল বুলি জানিব পৰা গৈছিল।

গায়কগৰাকীৰ পৰিয়াল কলকাতাত উপস্থিত হৈছে। কে.কে.-ৰ পত্নী জ্যোতি আৰু দুই সন্তান, নকুল কৃষ্ণ কুন্নাথ আৰু এগৰাকী কন্যা তামাৰা কুন্নাথ আছে। কেকেয়ে ১৯৯১ চনত জ্যোতিক বিয়া কৰাইছিল আৰু তেওঁলোক শৈশৱৰে প্ৰেমিক-প্ৰেমিকা আছিল।

কেকেৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। কাইলৈ মুম্বাইত শিল্পীগৰাকীৰ নশ্বৰ দেহৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব।