মায়ঙত নাভ্ৰুত-নাশ্ৰুত ঘটনা; ডাকোৱালে জ্বলাই দিলে ৰাইজৰ পান, আধাৰ আৰু এটিএম কাৰ্ড

WhatsApp Image 2020-12-03 at 10.27.47 PM

ফটো: নৰ্থইষ্ট নাও।

এয়া কোনো যাদুৰ খেলা ন’হয়। এয়া এক বাস্তৱ সত্য ঘটনা। মৰিগাঁও জিলাৰ মায়ঙত সংঘটিত হৈছে এই অবাঞ্ছিত তথা আশ্চৰ্যনক কাণ্ড।

ঘটনাৰ সন্দৰ্ভভ প্ৰাপ্ত অভিযোগ মতে মায়ং আৰক্ষী থানাৰ অন্তৰ্গত বুঢ়া-বুঢ়ী ডাকঘৰৰ ডাকোৱাল হিছাপে কৰ্মৰত পথালি পাহাৰৰ মতিন্দ্ৰ নাথ মণ্ডল নামৰ ব্যক্তিগৰাকীয়ে ডাক বিভাগৰ লগতে ৰাইজক বিতৰণ কৰিবলগীয়া পান, ভোটাৰ আৰু আধাৰ কাৰ্ডসমূহ তথা এটিএম কাৰ্ডৰ দৰে নথিসমূহ ৰাইজক বিতৰণ নকৰি জ্বলাই দিয়ে।

এনে দুস্কাৰ্য ঘটনা সংঘটিত কৰি সমগ্ৰ ডাক বিভাগৰ ওপৰতে কালিমা সানিলে বুলি স্থানীয় ৰাইজে ডাকোৱাল জনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে ।

উত্থাপিত অভিযোগ অনুসৰি পূৰ্বেও অভিযুক্ত মণ্ডলৰ বিৰুদ্ধে আছো বহুকেইটা অভিযোগ।

ইপিনে, বছৰ বছৰ জুৰি ৰাইজে অপেক্ষা কৰিও ডাকোৱালজনৰ পৰা  আন বহুতো দৰকাৰী নথি-পত্ৰ নোপোৱাৰ অভিযোগৰ সময়তে পোহৰলৈ আহে ডাক বিভাগৰ কৰ্মৰত ব্যক্তিগৰাকীৰ এনে নিকৃষ্ট কাণ্ড ।

সম্প্ৰতি অঞ্চলটোৰ ৰাইজৰ মাজত এনে ঘটনাই ব্যাপক চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, চৰম কাণ্ডজ্ঞানহীনতা আৰু দায়িত্বহীনতাৰে এনে অপৰাধ সংঘটিত কৰা ডাকোৱাল মণ্ডলৰ বিৰুদ্ধে সংশ্লিষ্ট বিভাগ তথা জিলা প্ৰশাসনে কিবা শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবনে ? নে এনেদৰে আন অপৰাধীৰ দৰে আঁৰতেই থাকি যাব সমগ্ৰ ঘটনা। এই প্ৰশ্নই এতিয়া সচেতন মহলৰ মাজত চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে।