শক্তি বিভাগত সংস্কাৰৰ কাম আৰম্ভ কৰিবলৈ তৎপৰ শক্তি মন্ত্ৰী

20180922_130338

শিৱসাগৰত সাংবাদিকৰ আগত মন্তব্য ৰখাৰ সময়ত শক্তি মন্ত্ৰী তপন গগৈ। ফটো : নৰ্থইষ্ট নাও

শুকুৰবাৰে নগাঁৱৰ ৰূপহীহাটত পুখুৰীত মাছ ধৰি থাকোতে বিদ্যুৎস্পৃষ্ট হৈ ৬ জন লোকৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অসমতে শোকৰ ছাঁ পেলাইছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সেইদিনাই ঘটনাস্থলীত উপস্থিত হৈছিল শক্তি মন্ত্ৰী তপন গগৈ।

শনিবাৰে শিৱসাগৰত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংশ লবলৈ আহি  সাংবাদিকৰে হোৱা বাৰ্তালাপৰ সময়ত মন্ত্ৰী তপন গগৈয়ে কয় যে ৰূপহীহাটৰ ঘটনাৰ তদন্ত ঘোষণা কৰা হৈছে আৰু ১৫ দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই তদন্তৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব। তেওঁ লগতে কয় যে মৃতকৰ পৰিয়ালক ২ লাখ ৫০ হাজাৰ টকা দিয়াৰ ৱ্যৱস্থা কৰা হৈছে।

শক্তি বিভাগৰ সংস্কাৰৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিছে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে বিভাগত সংস্কাৰৰ কাম চলি আছে। সমগ্ৰ অসমত বিদ্যুৎ প্ৰবাহিত হৈ থকা তাঁৰ বিলাক এ ভি কেব’ললৈ ৰূপান্তৰ কৰা হ’ব আৰু এই কাম পৰ্যায়ক্ৰমে চলি আছে।

আনহাতে, তেওঁ জানিবলৈ দিয়ে যে যিমান বিলাক বাহৰ আৰু কাঠৰ খুটা আছে সেই বিলাক পকী খুটালৈ ৰূপান্তৰিত কৰা হ’ব। এই কাম আৰম্ভ হৈছে আৰু অতি সোনকালে সম্পূৰ্ণ হৈ উঠিব। এই কামৰ বাবে ইতিমধ্যে ২৫ কোটি টকা মোকলাই দিয়া হৈছে বুলিও শক্তি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।

তেওঁ লগতে এ ভি কেব’ল আৰু পকী খুটাৰ ব্যৱস্থা সমগ্ৰ অসমত সম্পূৰ্ণ হৈ উঠিলে ৰূপহীহাটৰ দৰে ঘটনাৰ পুনৰাবৃত্তি নহ’ব বুলিও মন্তব্য কৰে।