NORTHEAST NOW (Assamese)

অগপৰ বিজেপি সংগ দিবলৈ কৰা কুচকাৱাজে তৃণমূল পৰ্য্যায়ৰ কৰ্মীক হতাশ কৰিছে : প্ৰদ্যুৎ বৰা

March 7, 2019 10:30 pm · কল্পজ্যোতি শইকীয়া

‘বিজেপিৰ সংগ ত্যাগ কৰা অগপই আকৌ বিজেপিক সংগ দিবলৈ কৰা কুচকাৱাজে সকলোকে স্তম্ভিত কৰিছে।‘ গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি এলডিপিৰ অধ্যক্ষ প্ৰদ্যুৎ বৰাই অগপক কটাক্ষ কৰি এই মন্তব্য কৰে।

তেওঁ লগতে কয় ‘যি স্থলত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে লখিমপুৰৰ জনসভাত সদম্ভে নাগৰিকত্ব সংশোধনী বিধেয়ক(২০১৬) গৃহীত কৰাৰ কথা ঘোষণা কৰাৰ পাছতো বিজেপিক সংগ দিবলৈ ওলোৱা অগপৰ কাম-কাজে সকলোকে স্তম্ভিত কৰিছে।‘

‘এয়াই নেকি অগপৰ ৰাজনৈতিক নৈতিকতা?’ অগপ নেতৃত্বৰ প্ৰতি প্ৰশ্ন বৰাৰ।

আনহাতে একেখন সংবাদমেলতে এলডিপিৰ অধ্যক্ষ বৰাই সকলো আঞ্চলিক দলক একত্ৰিত হৈ অসমৰ ৰাইজৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰাৰ বাবে আহ্বান জনায়।

‘কংগ্ৰেছৰ স্বজন-তোষণ আৰু দুৰ্নীতিৰ তেজাল ঘোঁৰাক লেকাম লগাবলৈ বিজেপি দলক সকলোৱে নিষ্ঠাৰে আঁকোৱালি লৈছিল। কিন্তু তেওঁলোকৰ প্ৰতি জনসাধাৰণৰ মোহভংগই বিকল্প ৰাজনৈতিক দলৰ সন্ধান কৰিবলৈ বাধ্য কৰিছে।‘ তদুপৰি বহু জাতি-জনগোষ্ঠীৰে গঠিত অসমৰ সমস্যা উপলব্ধি কৰাত ৰাষ্ট্ৰীয় দলবোৰ সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলিও তেওঁ কয়।

তেওঁ আৰু কয় যে, ‘সেয়ে আঞ্চলিক দলৰ প্ৰাসংগিকতা বৃদ্ধি পাইছে। ৰাজ্যখনৰ এই সন্ধিক্ষণত সৎ, দক্ষ আৰু অক্লান্ত কৰ্মীৰ নেতৃত্বত সকলোৱে ভিন্নমত ত্যাগ কৰি এখন মঞ্চত উপবিষ্ট হৈ অসমৰ সামূহিক মংগলৰ বাবে আগবাঢ়ি যোৱাটো সকলোৱে কামনা কৰে।‘

Related News