প্ৰফুল্ল মহন্ত: আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা কৰক, অসম চৰকাৰৰ স্থিতি ‘ৰহস্যজনক’

Former Assam CM Prafulla Mahanta terms NRC as milestone

প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ফাইল ফটো।

অসমতো চুবুৰীয়া কেইখনমান ৰাজ্যৰ দৰে আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা কৰাৰ বাবে পুনৰ দাবী জনোৱাৰ লগতে সমগ্ৰ বিষয়টোত অসম চৰকাৰে ‘ৰহস্যজনক’ নীৰৱতা অৱলম্বন কৰা বুলি সমালোচনা কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই।

‘সমগ্ৰ বিষয়টোত ৰাজ্য চৰকাৰে ৰহস্যজনক নীৰৱতা অৱলম্বন কৰিছে,’ শাসকীয় মিত্ৰজোঁটৰো অংশীদাৰ অগপ নেতাজনৰ মন্তব্য।

আন্তঃৰাজ্যিক পাৰপত্ৰ ‘নথকাৰ অভিযোগত’ চুবুৰীয়া অৰুণাচল প্ৰদেশৰ পৰা অসমৰ একাংশ লোকক ৰাজ্যকেইখনৰ কেইটামান ছাত্ৰ সংগঠনে অসমলৈ বাহিৰ কৰি দিয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে মহন্তই বুধবাৰে এই দাবী উত্থাপন কৰিছে।

উল্লেখযোগ্য যে আন্তঃৰাজ্যিক পাৰপত্ৰৰ বাবে ২০১৬ চনটো মহন্তই কেন্দ্ৰৰ ওচৰত দাবী উত্থাপন কৰিছিল।

মহন্তৰ নেতৃত্বত যোৱা অসম আন্দোলন সংগ্ৰামী মঞ্চৰ এক প্ৰতিনিধি দলে ২০১৬ চনত অসমৰ খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ স্বাৰ্থত পাৰপত্ৰৰ ব্যৱস্থা কৰাৰ বাবে কেন্দ্ৰক দাবী জনাইছিল।

আনহাতে অসমৰ চূড়ান্ত এন আৰ চি নিৰ্ধাৰিত সময় মতে অহা ৩১ ডিচেম্বৰত প্ৰকাশ নাপায় বুলি প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত দাসে শেহতীয়াকৈ কৰা মন্তব্যকো প্ৰাক্তন মুখ্য মন্ত্ৰীজনে সমালোচনা কৰিছে।

মহন্তই কয় যে ৰঞ্জিত দাসে ‘এনে মন্তব্য কৰা উচিত নাছিল।’