NORTHEAST NOW (Assamese)

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

July 15, 2026 9:21 am · এন ই নাও নিউজ. গুৱাহাটী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত প্ৰস্তাৱিত বিলাসী হোটেল নিৰ্মাণ প্ৰকল্পৰ বিৰোধিতা কৰা অসমৰ সমাজকৰ্মী প্ৰণৱ দলেক শেহতীয়াকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে ইণ্ডিজেনাছ পীপলছ ৰাইটছ ইণ্টাৰনেশ্যনেল নামৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে তেওঁৰ তাৎক্ষণিক আৰু বিনা চৰ্তত মুক্তিৰ দাবী জনাইছে। সংস্থাটোৱে অভিযোগ কৰিছে যে প্ৰস্তাৱিত প্ৰকল্পটোৰ বিৰোধিতা কৰা খিলঞ্জীয়া ভূমি ৰক্ষকসকলক অপৰাধী সজোৱাৰ এক ব্যাপক প্ৰচেষ্টাৰ অংশ হিচাপে দলেক গ্ৰেপ্তাৰ কৰা হৈছে।

 

এক জৰুৰী আৱেদনযোগে আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে দলেৰ গ্ৰেপ্তাৰ আৰু আটকক তীব্ৰ গৰিহণা দিছে। কাজিৰঙাৰ দাঁতিকাষৰীয়া ইংলে পথাৰত প্ৰস্তাৱিত হায়াট হোটেল প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদৰ নেতৃত্ব দিয়া প্ৰণৱ দলেক খিলঞ্জীয়াৰ মানৱ অধিকাৰ ৰক্ষক হিচাপে অভিহিত কৰিছে সংস্থাটোৱে। অভিযোগ অনুসৰি, গুৱাহাটীত দলে থকা বাসগৃহটো প্ৰায় এশগৰাকী আৰক্ষীয়ে ঘেৰাও কৰি কোনো গ্ৰেপ্তাৰী পৰোৱানা নেদেখুৱাকৈয়ে তেওঁক আটক কৰে। গ্ৰেপ্তাৰৰ লগে লগে তেওঁৰ ম’বাইল ফোনটো জব্দ কৰা হয় আৰু প্ৰথম অৱস্থাত তেওঁক সমৰ্থকসকলৰ সৈতে যোগাযোগ কৰাতো বাধা প্ৰদান কৰা হৈছিল বুলি দাবী কৰিছে।

 

সংস্থাটোৱে প্ৰকাশ কৰা মতে, দলেৰ বিৰুদ্ধে বৰ্তমান কমেও তিনিটা জামিনবিহীন অপৰাধকে ধৰি মুঠ ১৩ টা অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে। লগতে অভিযোগ কৰা হৈছে যে বৃহৎ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ আন এগৰাকী সদস্য ৰাজীৱ পেগুক বিচাৰি আৰক্ষীয়ে দলেৰ পৈতৃক বাসগৃহতো অভিযান চলাইছিল। এই ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি ইণ্ডিজেনাছ পীপলছ ৰাইটছ ইণ্টাৰনেশ্যনেলে ভাৰত চৰকাৰক দলেক মুক্তি দিয়াৰ লগতে তেওঁক আইনী পৰামৰ্শদাতা, পৰিয়ালৰ সদস্য আৰু চিকিৎসা সেৱা লাভৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে। মৌলিক অধিকাৰ সাব্যস্ত কৰা লোকক লক্ষ্য কৰি লোৱা অভিযোগসমূহ প্ৰত্যাহাৰ কৰাৰ লগতে প্ৰভাৱিত খিলঞ্জীয়া সম্প্ৰদায়ৰ আগতীয়া সন্মতি অবিহনে ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়া বন্ধ ৰাখিবলৈকো দাবী জনোৱা হৈছে।

 

যোৱা ১২ জুলাইত দিছপুৰ আৰক্ষীয়ে দলেক আটক কৰি জেৰাৰ বাবে দিছপুৰ আৰক্ষী থানালৈ লৈ গৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁক বোকাখাত আৰক্ষীৰ হাতত গটাই দিয়ে য’ত মূল গোচৰটো পঞ্জীয়ন কৰা হৈছে। আৰক্ষীয়ে আটক কৰাৰ সময়ত দলেয়ে এক ভিডিঅ’ যোগে কোনো নথি-পত্ৰ অবিহনে গ্ৰেপ্তাৰ কৰাৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰাৰ লগতে গণতন্ত্ৰৰ বৰ্তমানৰ অৱস্থাক লৈয়ো প্ৰশ্ন কৰিছিল। ইপিনে, আৰক্ষীয়ে প্ৰকাশ কৰা মতে দলেৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ৬১(২), ১৯১(২), ১৯১(৩), ১৯০, ৩২৯(৩), ৩২৪(২), ২২১, ১৩২, ১২১, ১২১(১), ১২১(২), ৩৫১(৩), ৭৪, ৩২৬(জি) আৰু ৬২ নম্বৰ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

 

স্মৰ্তব্য যে খিলঞ্জীয়া মিচিং জনগোষ্ঠীৰ প্ৰতিনিধি প্ৰণৱ দলেয়ে কাজিৰঙাৰ সমীপত প্ৰস্তাৱিত হোটেল প্ৰকল্পই পাৰিপাৰ্শ্বিকতা আৰু স্থানীয় ৰাইজৰ অধিকাৰৰ ওপৰত পেলাব পৰা প্ৰভাৱক লৈ ধাৰাবাহিকভাৱে সৰৱ হৈ আহিছে। দলে খিলঞ্জীয়াৰ অধিকাৰ, পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ হকে কাম কৰা চেন্টাৰ ফৰ নৰ্থ ইষ্ট ষ্টাডিজ এণ্ড পলিচী এডভোকেছী, সদৌ কাজিৰঙা প্ৰভাৱিত সম্প্ৰদায়ৰ অধিকাৰ সমিতি, পীপল ইক’লজী নেটৱৰ্ক আৰু জ্যোতি বিষ্ণু সাংস্কৃতিক আৰু গৱেষণা কেন্দ্ৰৰ দৰে কেইবাটাও সংস্থাৰ প্ৰতিষ্ঠাপক আৰু সহ-প্ৰতিষ্ঠাপক হিচাপে জড়িত হৈ আছে। বৰ্তমান সমগ্ৰ বিষয়টোৱে ৰাজ্যজুৰি চৰ্চা লাভ কৰাৰ লগতে পৰৱৰ্তী আইনী প্ৰক্ৰিয়ালৈ সকলোৱে দৃষ্টি নিৱদ্ধ ৰাখিছে।

Related News