• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

ৰাম মন্দিৰৰ বিপুল পৰিমাণৰ ধন আৰু দান-সামগ্ৰী চুৰি হোৱা ঘটনাৰ চৰ্চা চলি থকাৰ মাজতে এইবাৰ শিৰোনামলৈ আহিছে জম্মু-কাশ্মীৰৰ বৈষ্ণোদেৱী মন্দিৰ।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 14, 2026 9:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাম মন্দিৰৰ বিপুল পৰিমাণৰ ধন আৰু দান-সামগ্ৰী চুৰি হোৱা ঘটনাৰ চৰ্চা চলি থকাৰ মাজতে এইবাৰ শিৰোনামলৈ আহিছে জম্মু-কাশ্মীৰৰ বৈষ্ণোদেৱী মন্দিৰ। মন্দিৰলৈ দান হিচাপে অহা ৫৫০ কোটি টকাৰ ৰূপ নকল নে চুৰি হৈছে, সেই সম্পৰ্কে সবিশেষ প্ৰতিবেদন জমা দিবলৈ তদন্তকাৰী সংস্থাক নিৰ্দেশ দিয়া হৈছে। মঙলবাৰে জম্মু-কাশ্মীৰৰ এখন আদালতে এই নিৰ্দেশ জাৰি কৰিছে।

যোৱা মে’ মাহতে এই সমগ্ৰ বিতৰ্কৰ সূত্ৰপাত ঘটিছিল। বৈষ্ণোদেৱী মন্দিৰৰ তৰফৰ পৰা প্ৰায় ৫৫০ কোটি টকা মূল্যৰ ২০ টন ৰূপৰ দান-সামগ্ৰী গলাই সংৰক্ষণ কৰিবলৈ চৰকাৰী টাকশাললৈ পঠিওৱা হৈছিল। এই প্ৰক্ৰিয়া চলি থকাৰ সময়তে পোহৰলৈ আহে যে মন্দিৰ কৰ্তৃপক্ষই পঠিওৱা ৰূপৰ ভিতৰত মাত্ৰ ৫ শতাংশহে আচল ৰূপ। বাকী ৯৫ শতাংশই হৈছে কেডমিয়াম আৰু লোহা। প্ৰাথমিক অৱস্থাত মন্দিৰ কৰ্তৃপক্ষই দাবী কৰিছিল যে ভক্তসকলে নাজানি ভগৱানৰ ওচৰত নকল ৰূপ অৰ্পণ কৰিছিল। কিন্তু এই বিষয়টোক লৈ অধিবক্তা দীপক শৰ্মাই সৰৱ হৈ পৰে। মন্দিৰত দান কৰা আচল ৰূপৰ সলনি নকল ৰূপ মিহলোৱাৰ সন্দেহত তেওঁ জম্মু-কাশ্মীৰৰ ক্ৰাইম ব্ৰাঞ্চৰ ইন্সপেক্টৰ জেনেৰেলৰ ওচৰত অভিযোগ দাখিল কৰে। ৯ মে’ত দাখিল কৰা উক্ত অভিযোগ পত্ৰত অপৰাধমূলক ষড়যন্ত্ৰ, প্ৰতাৰণা, বিশ্বাসঘাটকতা, ধন আত্মসাৎ আৰু চৰকাৰী নথি-পত্ৰ বিকৃত কৰাৰ অভিযোগ উত্থাপন কৰা হয়। ইয়াৰ উপৰিও সকলো নথি-পত্ৰ আৰু প্ৰমাণ সংৰক্ষণ কৰাৰ লগতে এখন এজাহাৰ দাখিল কৰিবলৈও অধিবক্তাগৰাকীয়ে দাবী জনাইছিল।

Apply Now

কিন্তু তেওঁৰ এই অভিযোগৰ পিছতো ক্ৰাইম ব্ৰাঞ্চে বিশেষ তৎপৰতা প্ৰদৰ্শন নকৰাত তেওঁ জম্মুৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আবেদন জনায়। এই গোচৰত ক্ৰাইম ব্ৰাঞ্চে তেওঁলোকৰ প্ৰতিবেদনত জনাইছিল যে এই অভিযোগটো অনুমোদনৰ বাবে শ্ৰীনগৰৰ ক্ৰাইম বিভাগৰ মুখ্য কাৰ্যালয়লৈ পঠিওৱা হৈছে আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অৱশ্যে অভিযোগকাৰীয়ে জানিবলৈ দিয়ে যে এই গোচৰত ক্ৰাইম ব্ৰাঞ্চে এজাহাৰ দাখিল কৰিবলৈ বাধ্য। অভিযোগকাৰীয়ে চিচিটিভি ফুটেজকে ধৰি সকলো নথি-পত্ৰ সংগ্ৰহ আৰু সংৰক্ষণ কৰাৰ বাবে আবেদন জনাইছে। তেওঁ ৰূপৰ সামগ্ৰীসমূহ পৰীক্ষা কৰা আৰু গলোৱা সম্পৰ্কীয় প্ৰতিবেদন, ইলেক্ট্ৰনিক তথ্য আৰু প্ৰমাণো বিচাৰিছে।

এই গোচৰৰ শুনানি গ্ৰহণ কৰিয়েই আদালতে ক্ৰাইম ব্ৰাঞ্চক সকলো তথ্য জমা দিবলৈ নিৰ্দেশ দিছে। অহা ২৯ জুলাইত হ’বলগীয়া গোচৰটোৰ পৰৱৰ্তী শুনানিত সকলো নথি-পত্ৰৰ সৈতে ক্ৰাইম ব্ৰাঞ্চৰ তদন্তকাৰী বিষয়াক ব্যক্তিগতভাৱে উপস্থিত থাকিবলৈ আদালতে কঠোৰ নিৰ্দেশ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

July 14, 2026 9:01 pm
মহাকাশ অভিমুখে ভাৰতীয় মূলৰ মহাকাশচাৰী অনিল মেনন, আৰম্ভ হ’ল আঠ মহীয়া দীঘলীয়া অভিযান

মহাকাশ অভিমুখে ভাৰতীয় মূলৰ মহাকাশচাৰী অনিল মেনন, আৰম্ভ হ’ল আঠ মহীয়া দীঘলীয়া অভিযান

July 14, 2026 8:41 pm
ৰাম মন্দিৰৰ দৰে গুজৰাটৰ অম্বাজী মন্দিৰতো চুৰি : বৰঙণিৰ ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি কৰ্মচাৰী

ৰাম মন্দিৰৰ দৰে গুজৰাটৰ অম্বাজী মন্দিৰতো চুৰি : বৰঙণিৰ ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি কৰ্মচাৰী

July 14, 2026 8:24 pm
১৭ মাহৰ অভিলেখ ভংগ কৰি ৪.৩৮ শতাংশলৈ বৃদ্ধি পালে মূল্যবৃদ্ধি : মোদী চৰকাৰক তীব্ৰ আক্ৰমণ কংগ্ৰেছৰ

১৭ মাহৰ অভিলেখ ভংগ কৰি ৪.৩৮ শতাংশলৈ বৃদ্ধি পালে মূল্যবৃদ্ধি : মোদী চৰকাৰক তীব্ৰ আক্ৰমণ কংগ্ৰেছৰ

July 14, 2026 8:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

July 14, 2026 9:01 pm
মহাকাশ অভিমুখে ভাৰতীয় মূলৰ মহাকাশচাৰী অনিল মেনন, আৰম্ভ হ’ল আঠ মহীয়া দীঘলীয়া অভিযান

মহাকাশ অভিমুখে ভাৰতীয় মূলৰ মহাকাশচাৰী অনিল মেনন, আৰম্ভ হ’ল আঠ মহীয়া দীঘলীয়া অভিযান

July 14, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd