মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনাব প্ৰণৱ দলেই! : ব্যতিক্ৰমী প্ৰচাৰেৰে চৰ্চা লাভ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ

index.jpgbbb

সমাগত অসম বিধানসভা ২০২১ৰ নিৰ্বাচন। ইতিমধ্যে নিৰ্বাচন আয়োগে ঘোষণা কৰিছে অসম বিধানসভা ২০২১ৰ নিৰ্বাচনৰ সূচী।

নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে অসমৰ ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা।

প্ৰতিটো ৰাজনৈতিক দলেই নিৰ্বাচনী তৎপৰতা বৃদ্ধি কৰাৰ সময়তে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰস্তুতিৰ ব্যতিক্ৰমী প্ৰচেষ্টাই সচেতন লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

ব্যতিক্ৰমী প্ৰেচেষ্টাৰে সচেতন লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা এই যুৱকজন হৈছে ৰাইজৰ দ্বাৰা প্ৰক্ষেপিত ৯৩ নং বোকাখাত বিধানসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰণৱ দলে।যুৱ প্ৰাৰ্থী দলেই বোকাখাত সমষ্টিত কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাক তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰিবলৈ সাজু হৈ উঠিছে।

কলকতাৰ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়, শান্তিনিকেটনৰ স্নাতক আৰু টাটা ইনষ্টিটিউট অৱ চ’ছিয়েল চায়েন্সছ, মুম্বাইৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী উচ্চ শিক্ষিত যুৱক প্ৰণৱ দলেই ইতিমধ্যে অসমৰ কৃষকৰ ভূমি অধিকাৰ তথা ন্যায়ৰ পক্ষে দীৰ্ঘদিন কাম কৰি আহিছে।

জীপাল কৃষক শ্ৰমিক সংঘৰ প্ৰতিষ্ঠাপক সদস্য প্ৰণৱ দলেই যুৱশক্তিক একত্ৰীকৰণৰ যোগেদি বোকাখাত অঞ্চলত কৃষি অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ বাবে সমবায় প্ৰতিমান(মডেল)ৰ গঠনটো অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে।

চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ দুৰ্নীতিৰ বিৰুদ্ধে মাতি প্ৰণৱ দলেই কাৰাবাসো খাটি আহিছে।

আগন্তুক নিৰ্বাচনত বোকাখাতৰ বিধায়ক পদৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰণৱ দলেই ইতিমধ্যে এক ব্যতিক্ৰমী নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰিছে।

জানিব পৰা অনুসৰি প্ৰণৱ দলেৰ নিৰ্বাচনী খৰচ বহন কৰিবলৈ সমষ্টিটোৰ কৃষকসকলে ১০০ বিঘাৰো অধিক মাটিত খেতি কৰিছে। আনফালে শিপীনীসকলে বৈ উলিয়াইছে গামোছা। গামোছা বিক্ৰী কৰি পোৱা ধন প্ৰণৱ দলেৰ নিৰ্বাচনী পুঁজিবলৈ আগবঢ়োৱা হ’ব।

ইফালে সমষ্টিটোৰ যুৱপ্ৰজন্মই দলে বলে আগবাঢ়ি আহি বিভিন্ন মাধ্যমেৰে প্ৰণৱ দলেৰ সপক্ষে প্ৰচাৰত নামিছে ৰাইজৰ মাজত। ৰাইজ আৰু যুৱনেতাজনৰ এই প্ৰচেষ্টাক সমৰ্থন আৰু সহাঁৰি জনাইছে ভাৰতৰ বহুতো গণ্যমান্য ব্যক্তিয়ে।

স্বনামধন্য লেখক, জ্ঞানপীঠ আৰু সাহিত্য অকাডেমী বঁটা বিজয়ী পদ্মশ্ৰী অমিতাভ ঘোষে এক টুইট্ যোগে সমৰ্থন জনাইছে প্ৰণৱ দলেৰ নিৰ্বাচনী প্ৰচাৰৰ এই প্ৰয়াসক।

‘নেচেনেল এলায়েঞ্চ অব পিপলজ মুভমেণ্টছ’ৰ লগত জড়িত মানৱ অধিকাৰ কৰ্মী তথা ‘গ’ল্ডমেন এনভাইৰণমেণ্টেল বঁটা’ প্ৰাপক (উক্ত বঁটা ‘গ্ৰীণ নোবেল বঁটা’ৰূপে জনাজাত) মীৰা সংঘমিত্ৰা আৰু প্ৰফুল্ল সামান্তৰায়ো প্ৰণৱ দলেৰ নিৰ্বাচনী প্ৰস্তুতিক শলাগ লোৱাৰ লগতে সমৰ্থন জনাইছে।

প্ৰণৱ দলেৰ এই নিৰ্বাচনী প্ৰস্তুতিক সমৰ্থন আগবঢ়াইছে দেশৰ অন্য এক প্ৰখ্যাত যুৱনেতা কানহাইয়া কুমাৰ, নাৰীবাদী ইতিহাসবিদ উমা চক্ৰৱৰ্তী, সংগীতজ্ঞ টি এম কৃষ্ণা, পৰিবেশবিদ নিত্যানন্দ জয়াৰমণ, লেখক আৰু অধ্যাপক ভাৰ্জিনিয়াছ খাখা আদি বিশিষ্ট ব্যক্তিয়ে।