ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰসন্ন কুমাৰ দাসৰ দেহাৱসান ,শোকৰ ছাঁ 

পশ্চিম অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত চাপৰ চহৰৰ শ্ৰদ্ধাৰ শিক্ষাবিদ তথা বহুমুখী প্ৰতিভা তথা বিশাল ব্যক্তিত্বৰ অধিকাৰী প্ৰসন্ন কুমাৰ দাস ( ৯৩) সোমবাৰে তেখেতৰ নিজা বাসভৱনত ইহলীলা সম্বৰণ কৰে।

ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতিৰ দায়িত্ব লৈ অগ্ৰণী ভূমিকা পালন কৰি জিলা খনৰ ইমূৰৰ পৰা সিমূৰলৈ তেখেতৰ একাংশ সাহিত্যপ্ৰেমী সংগঠকক লগত লৈ বহু কেইটা সাহিত্য সভাৰ শাখা গঠন কৰিবলৈ সক্ষম হৈছিল।

তেখেত কলিতা জনগোষ্ঠীয় সন্মিলন ‘ অসমৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক , অসম সাহিত্য সভাৰ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য , চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত কৃতি শিক্ষক , চাপৰ দক্ষীনেশ্বৰী কালী মন্দিৰৰ ( এক সময়ৰ) সভাপতি , ট্ৰেডিং কপাৰেতিভৰ সুদীৰ্ঘকাল সভাপতিৰ আসন অলংকৃত কৰিছিল।

ইয়াৰ লগতে প্ৰয়াত প্ৰসন্ন কুমাৰ দাস সাহিত্য সগঠকৰ লগতে এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ, নাট্যকাৰ , শাৰীৰ চৰ্চা বিদ আদিৰ লগতে ভক্তি মাৰ্গতো কাম কৰি ভাল পাইছিল। জানিব পৰা মতে প্ৰসন্ন কুমাৰ দাস ১৯২৯ চনৰ ২৩ ছেপ্টম্বৰত গোৱালপাৰা জিলাৰ “বৰভিটা” বানিৰাম পাৰত জন্ম গ্ৰহণ কৰিছিল। পিতা কিশোৰী মোহন দাস আৰু মাতৃ ডালিমী দাসৰ জেষ্ঠ পুত্ৰ প্ৰসন্ন কুমাৰ দাসে লক্ষীপুৰনামে নামে ঐতিহাসিক ঠাইত প্ৰাথমিক পৰ্যায়ত শিক্ষা জীৱনৰ পাতনি মেলিছিল।
প্ৰৱেশিকা পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত অধ্যয়ন কৰি ১৯৫১- ৫২ চনত স্নাতক ডিগ্ৰী অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

১৯৫৩ চনত প্ৰসন্ন কুমাৰ দাসে চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালযত সহযোগী শিক্ষক ৰূপে যোগদান কৰি কৰ্মজীৱনৰ জীৱনৰ পাতনি মেলিছিল। চাকৰিৰ লগতে তেখেতে এই চহৰতে চাপৰ স্থিত চৰকাৰী চিকিৎসালয়ৰ সন্মুখত ” চাপৰ ফাৰ্মাচী ” নামেৰে এখন ঔষধালয় খুলি ব্যৱসায়ত নিমগ্ন হৈছিল।

সোমবাৰে ইহলীলা সম্বৰণ কৰা প্ৰসন্ন কুমাৰ দাস ১৯৮৮ চনৰ পৰা ১৯৯৬ চন লৈকে চাপৰ শাখা সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰি কাৰ্যনিৰ্বাহ কৰিছিল।

আজি তেখেতৰ পাৰ্থিৱ শৰীৰ দুপৰীয়া ১২ বজাত জ্ঞান জ্যোতি জাতীয় বিদ্যালয় , ৰত্নপীঠ মহাবিদ্যালয় , চাপৰ শাখা সাহিত্য সভাৰ , প্ৰগতি সংঘ ভৱন , চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আদি অনুষ্ঠান প্ৰতিষ্ঠানত লৈ গৈ সুধি সমাজে শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে।

তাৰ পিছত চাপৰ আঞ্চলিক শ্মশান ঘাটত বৈদিক নিয়ম অনুসৰি অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি তৰনী কান্তি ৰায়, সম্পাদক আজাদ আলী আহমেদে সাহিত্য সভাৰ পতাকাৰে দাসৰ পাৰ্থিৱ শৰীৰ ঢাকি

শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।

লগতে চাপৰ শাখা সাহিত্য সভাৰ ফালৰ পৰাও সভাৰ পতাকাৰে শ্ৰদ্ধা জ্ঞাপন কৰে। ইয়াৰ লগে লগে লেখিকা সমাৰোহ সমিতি , কলিতা জনগোষ্ঠী সন্মিলন , চাপৰ আঞ্চলিক ছাত্ৰ সন্থা , চাপৰ আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থা , চাপৰ প্ৰ্ছে ক্লাব , বিজেপি , এ আই ইউ ডি এফ , ছাৰভাইবেল হেলপ গ্ৰুপ , কে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। ইপিনে প্ৰসন্ন কুমাৰ দাসৰ মৃত্যুত অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক উপেন্দ্ৰ জিৎ শৰ্মা , অসম চৰকাৰৰ বিপনন নিগমৰ অধ্যক্ষ অশোক কুমাৰ সিংহী , ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি তৰণী কান্ত ৰায় , সম্পাদক আজাদ আলী আহমেদ , বঙাইগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ এন এম দাস , অধ্যক্ষ হজৰত আলী, চাপৰ প্ৰেছ ক্লাবৰ সম্পাদক সাজিদ হুছেইন, বিশিষ্ট কবি ধীমাণ দাস আদিকে ধৰি বহু গণমুগ্ধ লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।