আশাহত কংগ্ৰেছ: কংগ্ৰেছত যোগদানৰ প্ৰস্তাৱ অগ্ৰাহ্য প্ৰশান্ত কিশোৰৰ

Prashant Kishor not to join Congress

শেহতীয়া কিছুদিন ধৰি চলি অহা তীব্ৰ জল্পনা-কল্পনাৰ অন্ত পেলাই আজি দেশৰ আগশাৰীৰ নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰে কংগ্ৰেছ দলে আগবঢ়োৱা প্ৰস্তাৱ অস্বীকাৰ কৰি কংগ্ৰেছত যোগদান নকৰে বুলি ঘোষণা কৰিছে।

কংগ্ৰেছে প্ৰশান্ত কিশোৰক দলৰ “ক্ষমতাপ্ৰাপ্ত কাৰ্যকৰী গোট”ত যোগদানৰ প্ৰস্তাৱ আগবঢ়াইছিল যদিও কিশোৰে এই প্ৰস্তাৱ অস্বীকাৰ কৰি কয় যে কংগ্ৰেছ দলক নেতৃত্বৰ লগতে গভীৰ গাঁথনিগত সমস্যা সমাধানৰ বাবে সামূহিক ইচ্ছাৰ প্ৰয়োজন।

প্ৰতিবেদন অনুসৰি কংগ্ৰেছে প্ৰশান্ত কিশোৰক মুক্তভাৱে কাম কৰাৰ ক্ষেত্ৰত সন্মতি দিবলৈ অস্বীকাৰ কৰিছিল আৰু সেয়ে কিশোৰে কংগ্ৰেছত যোগদান নকৰাৰ সিদ্ধান্ত লয়।

কংগ্ৰেছে আভ্যন্তৰীণভাৱে পৰৱৰ্তী সাধাৰণ নিৰ্বাচনৰ বাবে নতুন মুখ আৰু পৰিৱৰ্তনশীল ৰণনীতিৰ প্ৰয়োজন বুলি স্বীকাৰ কৰিলেও কিশোৰক স্বতন্ত্ৰভাৱে কাম কৰাৰ পৰিৱেশ দিবলৈ অস্বীকাৰ কৰে।

কংগ্ৰেছৰ প্ৰস্তাৱ অস্বীকাৰ কৰি প্ৰশান্ত কিশোৰে টুইটাৰত লিখিছে, “মই EAG ৰ অংশ হিচাপে দলটোত যোগদান কৰিবলৈ আৰু নিৰ্বাচনৰ দায়িত্ব ল’বলৈ কংগ্ৰেছে আগবঢ়োৱা প্ৰস্তাৱ অস্বীকাৰ কৰিছো।”

তেওঁ লগতে কয়, “মোৰ ধাৰণা অনুসৰি, পৰিৱৰ্তনশীল সংস্কাৰৰ জৰিয়তে গভীৰ ভাৱে গঢ় লৈ উঠা গাঁথনিগত সমস্যাবোৰ সমাধান কৰিবলৈ দলটোক নেতৃত্ব আৰু সামূহিক ইচ্ছাৰ প্ৰয়োজন।”

আনহাতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰণদীপ সুৰজেৱালাই আন এটা টুইটত কয়, “প্ৰশান্ত কিশোৰৰ সৈতে আলোচনাৰ পিছত কংগ্ৰেছ সভাপতিয়ে এটা ক্ষমতাপ্ৰাপ্ত কাৰ্যকৰী গোট ২০২৪ গঠন কৰিছে আৰু তেওঁক নিৰ্ধাৰিত দায়িত্বৰ সৈতে গোটটোৰ অংশ হিচাপে দলটোত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছে। অৱশ্যে এই প্ৰস্তাৱ তেওঁ অস্বীকাৰ কৰিলে। আমি তেওঁৰ প্ৰচেষ্টা আৰু দলক দিয়া পৰামৰ্শক প্ৰশংসা কৰিছো।”

উল্লেখ্য যে যোৱা কিছুদিন ধৰি কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী আৰু প্ৰশান্ত কিশোৰৰ মাজত কেইবালানিও বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকসমূহক কেন্দ্ৰ কৰিছে কিশোৰে কংগ্ৰেছত যোগদান কৰিব বুলি নিশ্চিত কৰা হৈছিল।