পৰিৱৰ্তন! ‘প্ৰতাৰণা দিৱস’ হিচাপে গুৱাহাটীৰ ৰাজপথত পালন হ’ল বিশ্ব প্ৰতিবন্ধী দিৱস

Disability Day

বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনটোতে প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ উদ্যোগত প্ৰতিবন্ধীসকলৰ প্ৰতাৰণা দিৱস।

প্ৰতিবন্ধীসকলক ‘দিব্যাংগ’ নাম দি তেওঁলোকৰ প্ৰতি অতুলনীয় মহানুভৱতা থকা যেন দেখুওৱা বিজেপি চৰকাৰৰ প্ৰকৃত স্বৰূপ উদঙাই আজি ৰাজ্যৰ প্ৰতিবন্ধীসকলে বিশ্ব প্ৰতিবন্ধী দিৱসটো ‘প্ৰতাৰণা দিৱস’ হিচাপে পালন কৰে। তেওঁলোকৰ বাবে ‘বিশেষ’ আজিৰ এই দিনটোত মুখত ক’লা কাপোৰ বান্ধি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ গুৱাহাটীৰ ৰাজপথলৈ ওলাই আহিল শ শ প্ৰতিবন্ধী পুৰুষ-মহিলা।

তাৰ পিছতে প্ৰতিবন্ধীসকলে দীঘলীপুখুৰীপাৰত প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ উদ্যোগত সমবেত হয়। তাৰ পৰা সমদল কৰি কাছাৰী, উচ্চ ন্যায়ালয় হৈ পুনৰ দীঘলীপুখুৰী পাৰত অৱস্থান গ্ৰহণ কৰে। তেওঁলোকে চৰকাৰৰ বঞ্চনাৰ প্ৰতিবাদ কৰাৰ লগতে ন্যায্য প্ৰাপ্তিৰ দাবী তোলে।

উল্লেখযোগ্য যে প্ৰতিবন্ধীসকলৰ প্ৰতি মহানুভৱতা, সহায় আৰু তেওঁলোকৰ অধিকাৰ সুনিশ্চিত কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘই আৰু অন্যান্য মানৱতাবাদী সংস্থা-সংগঠন, প্ৰতিষ্ঠানবোৰে ৩ ডিচেম্বৰৰ দিনটো বিশ্ব প্ৰতিবন্ধী দিৱস হিচাপে পালন কৰি আহিছে। কিন্তু অসমত এইবাৰ প্ৰতিবন্ধীসকলৰ বাবে উৎসৰ্গিত এই বিশেষ দিনটো প্ৰতিবন্ধীসকলে ‘প্ৰতাৰণা দিৱস’ হিচাপে পালন কৰিব লগীয়া হোৱাটো দুৰ্ভাগ্য হিচাপে চিহ্নিত হৈছে।

পৰিৱৰ্তনৰ শ্ল’গান দি শাসনলৈ অহা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে আজি আয়োজন কৰা বিশ্ব প্ৰতিবন্ধী দিৱসৰ কাৰ্যসূচীও বৰ্জন কৰে তেওঁলোকে।

প্ৰতিবন্ধীসকলে অভিযোগ কৰে যে ‘সবকা সাথ সবকা বিকাশ’ৰ কথা কোৱা চৰকাৰখনৰ দিনত প্ৰতিবন্ধীসকলৰ বিকাশৰ বাবে গুৰুত্বপূৰ্ণ বিবেচিত চৰকাৰী চাকৰিত নিযুক্তি, মাহিলি ভাট্টা আদিবোৰ প্ৰতিশ্ৰুতি হৈয়ে থাকিল। গতিকে তেওঁলোকে আজি প্ৰতিবাদ কৰিব লগীয়া হৈছে।

“আজি প্ৰতিবন্ধীসকলৰ বাবে এটা বিশেষ দিন। এই দিনটোত আমি ৰং-ৰইচ কৰাৰ বিপৰীতে চৰকাৰৰ বঞ্চনাৰ প্ৰতিবাদ কৰিব লগীয়া হৈছে। আমাৰ দাবীসমূহ ১ ডিচেম্বৰৰ ভিতৰত পূৰণ কৰাৰ আহ্বান জনাইছিলো কিন্তু সেয়া হৈ নুঠিল।” সমদলৰ নেতৃত্ব দি প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ সম্পাদক নৃপেন মালাকাৰে কয়।

মালাকাৰে চৰকাৰৰ প্ৰতাৰণাৰ বিষয়ে জানিবলৈ দি কয়, “প্ৰতিবন্ধীসকলৰ বাবে সংৰক্ষিত ৪,৪১৯টা পদৰ নিযুক্তি এতিয়াও চৰকাৰে দিয়া নাই। চৰকাৰে প্ৰতিবন্ধীসকলক এহেজাৰ টকা মাহিলি ভাট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেই ধনো আদায় দিয়া নাই।”

ইয়াৰ উপৰি প্ৰতিবন্ধীসকলৰ বাবে বিশেষ সঞ্চালকালয় স্থাপনৰো দাবী কৰি অহা বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে, আটাইখিনি কাম নহ’লেও কিছু সংখ্যক দাবী পূৰণ কৰাৰ বাবে চৰকাৰক আহ্বান জনাইছিল যদিও চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

আনহাতে, বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত এহেজাৰ টকাৰ মাহিলি ভাট্টাৰ ধন আদায় দিয়া বুলি মিছা মাতিছে বুলি তেওঁ অভিযোগ উত্থাপন কৰে। তেওঁ কয়, “অসমৰ কোনো এখন ঠাইত এজনো প্ৰতিবন্ধী লোক নোলাব, যিয়ে এই ভাট্টাৰ ধন লাভ কৰিছে।”

ইয়াৰ উপৰি যোৱা ৫ অক্টোবৰত দিচপুৰত প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবন্ধীসকলৰ ওপৰত আৰক্ষী জঁপিয়াই পৰা কাৰ্যৰ গৰিহণা দি তেওঁ কয়, “উগ্ৰতৰা মন্দিৰৰ বিগ্ৰহ চোৰক ধৰিব নোৱৰা, ধলা কাণ্ডৰ হত্যাকাৰীক চিনাক্ত কৰিব নোৱৰা আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলৰ ওপৰত বীৰত্ব প্ৰদৰ্শন কৰিছিল।”

তেওঁ লগতে সিদিনা দায়িত্বত থকা আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেও ক্ষোভ উজাৰে।

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত দৃষ্টিহীন পৰিষদ, অসম; সদৌ অসম দৃষ্টিহীন ছাত্ৰ সন্থা, অল বি টি এ ডি প্ৰতিবন্ধী সুৰক্ষা সংস্থায়ো সহযোগ কৰে।