NORTHEAST NOW (Assamese)

’প্ৰয়াস’ৰ উদ্যোগত গোৱালপাৰাৰ ৰংজুলিত ব্যতিক্ৰমী অনুষ্ঠান ‘মন্থন’

June 17, 2019 6:40 pm · নীলমণি শৰ্মা

গোৱালপাৰা জিলাৰ ৰংজুলি অঞ্চলৰ শিক্ষা আৰু শিক্ষাৰ্থীৰ উত্তৰণৰ হকে উৎসৰ্গীত সংস্থা ‘প্ৰয়াস’ৰ উদ্যোগত আৰু জাতীয় বিদ্যালয়, ৰংজুলিৰ সহযোগত কালি অৰ্থাৎ দেওবাৰে ‘মন্থন’ শীৰ্ষক এক ব্যতিক্ৰমী অন্তৰঙ্গ অনুষ্ঠান অনুষ্ঠিত হয়।

ৰংজুলি অঞ্চলৰ পৰা ২০২০ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ-ছাত্ৰী, তেওঁলোকৰ অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ উপস্থিতিত জাতীয় বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ বাবে নিজক কেনেকৈ প্ৰস্তুত কৰিব লাগে, অভিভাৱকৰ দায়িত্ব আৰু সহযোগিতা, পুথিগত জ্ঞানৰ লগতে কাকত-আলোচনী তথা অন্য গ্ৰন্থৰ প্ৰভাব, মোবাইল-ইণ্টানেটৰ ব্যৱহাৰ, সমাজৰ দায়িত্ব আদি বিভিন্ন দিশত আলোচনা কৰা হয় |

দুধনৈ কলেজৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ক্ষীৰোদ খাখলাৰী, আমজোঙ্গাস্থিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ নৱজ্যোতি শৰ্মা, গুৱাহাটীৰ জ্যেষ্ঠ সাংবাদিক জিষ্ণু মেধিৰ উপৰি অঞ্চলটোৰ কেইবাগৰাকী সন্মানীয় ব্যক্তি উপস্থিত থাকে।

পুৱা ১০-৩০ বজাত আৰম্ভ হোৱা আজিৰ উক্ত অনু,্ঠানত সঞ্জীৱ অধিকাৰীয়ে ‘প্ৰয়াস’ গোষ্ঠীৰ লক্ষ্য উদ্দেশ্য সম্পৰ্কে সমবেত প্ৰায় তিনি শতাধিক ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীসকলক অৱগত কৰে।

বৰ্ণিল মেধিয়ে পৰিবেশন কৰা জয়ন্ত হাজৰিকাৰ গীতেৰে সামৰণি পৰা ‘প্ৰয়াস’ৰ উক্ত পদক্ষেপক ৰংজুলিৰ বিদ্ব্যত সমাজে শলাগ লয়।

Related News