লক্ষ্য সংক্ৰমণ প্ৰতিৰোধ; গোলাঘাটত ক’ভিডৰ সুৰক্ষাসূচক পালি প্ৰদান প্ৰক্ৰিয়া আৰম্ভ

FIvhFj8UUAU_wiO

গোলাঘাট জিলাতো সোমবাৰৰ পৰা কোভিডৰ সুৰক্ষাসূচক পালি (Precaution dose) প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত কৃষিমন্ত্ৰী অতুল বৰাই জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ উপস্থিতিত ক’ভিড প্ৰতিষেধকৰ সুৰক্ষাসূচক পালি প্ৰদান কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৷

তেওঁ পাছত সাংবাদিকৰ আগত কয় যে ক’ভিড-১৯ৰ ভয়াৱহতা এতিয়াও মাৰ যোৱা নাই । সেয়ে সকলোকে সাৱধান হ’বলৈ তেওঁ আহ্বান জনায়। ভোগালী বিহু উদযাপনৰ সময়ত সকলো স্বাস্থ্য বিধি মানি বিশেষভাৱে সতৰ্ক হ’বলৈ তেওঁ ৰাইজৰ প্ৰতি আহ্বান জনায় ।

ইফালে উপায়ুক্তগৰাকীয়ে নিজেও সুৰক্ষাসূচক পালি গ্ৰহণ কৰে। তেওঁ পাছত সাংবাদিকৰ আগত কয় যে দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰা সকলো স্বাস্থ্যসেৱা কৰ্মী আৰু প্ৰথম শাৰীৰ কৰ্মীক এই সুৰক্ষাসূচক পালি দিয়া হ’ব ৷

কোনো ৰোগত ভুগি থকা ৬০বছৰ বা তাতকৈ উৰ্ধৰ লোকসকলে চিকিৎসকৰ পৰামৰ্শমতে এই পালি প্ৰতিষেধক ল’ব পাৰিব।

দ্বিতীয় পালি প্ৰতিষেধক লোৱাৰ ৯ মাহ অতিক্ৰম কৰা লোকসকলে সুৰক্ষাসূচক পালি ল’ব পাৰিব বুলি উপায়ুক্তগৰাকীয়ে প্ৰকাশ কৰে ৷ ক’ভিডত আক্ৰান্ত হোৱা লোকে আৰোগ্য হোৱাৰ ৩ মাহৰ পাছত এই পালি প্ৰতিষেধক ল’ব পাৰিব।

তেওঁ সুৰক্ষাসূচক পালি গ্ৰহণৰ বাবে যোগ্য সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনায় । অনুষ্ঠানত শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ সুৰেন্দ্ৰনাথ তামুলী আৰু কেইবাগৰাকীও জ্যেষ্ঠ চিকিৎসক, স্বাস্থ্যকর্মী উপস্থিত আছিল ।