NORTHEAST NOW (Assamese)

গুৱাহাটীৰ ট্ৰেফিকে জ্বলা-কলা খুৱালে প্ৰীতি জিন্টাক : ক্ষোভত জ্বলিছে অনুৰাগী

April 10, 2023 7:30 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 10, 2023 8:15 am

২০২৩ চনৰ এপ্ৰিল মাহত সম্পূৰ্ণ হোৱাৰ কথা আছিল মালিগাঁৱৰ নিৰ্মিয়মান উৰণীয়া সেঁতুৰ কাম। কিন্তু এতিয়ালৈকে শেষ হোৱাৰ নামেই লোৱা নাই উৰণীয়া সেঁতুৰ কামে।

আজি কেইবাবছৰ ধৰি উৰণীয়া সেঁতু নিৰ্মাণৰ ফলত সৃষ্টি হোৱা ট্ৰেফিক জামে জ্বলাকলা খুৱাই আহিছে গুৱাহাটীবাসীক। মানুহৰ কাম থাকিলেও, বিয়া সবাস থাকিলেও যানজঁটৰ কথা ভাবিয়েই মালিগাঁৱৰ ফালে যাবলৈ সাহ নকৰে গুৱাহাটীৰ নাগৰিকে। কিয়নো মালিগাঁৱত উৰণীয়া সেঁতু নিৰ্মাণৰ ফলত সৃষ্টি হোৱা যানজঁট ইমানেই বেছি যে মাত্ৰ ১ কিলোমিটাৰ পাৰ হৈ যাবলৈকে কেতিয়াবা ঘন্টাজোৰা সময় লাগে।

যোৱা দেওবাৰে কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ আহিছিল বলিউডৰ মোহময়ী অভিনেত্ৰী প্ৰীতি জিন্টা। পিছে মালিগাঁৱৰ ট্ৰেফিক জামে জ্বলাকলা খুৱালে প্ৰীতিক। কামাখ্যা মন্দিৰ দৰ্শন কৰি গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত দ্বিতীয়খন আই পি এল মেচ চাবলৈ গৈছিল প্ৰীতি। পিছে ট্ৰেফিক জামৰ বাবে খেলখন আধাৰ পৰাহে উপভোগ কৰিবলৈ পালে অভিনেত্ৰীগৰাকীয়ে। এই কথা মুকলিকৈয়ে টুইটাৰত লিখিলে প্ৰীতিয়ে।

প্ৰীতিয়ে লিখিলে, “মন্দিৰ পাবলৈ আমাক দুঘন্টা সময় লাগিছিল, মন্দিৰৰ পৰা ঘূৰি আহোঁতেও দুঘন্টা সময় লাগিছিল। আৰু এঘন্টা সময় লাগিছিল ষ্টেডিয়ামলৈ।”

অৱশ্যে কামাখ্যা মন্দিৰ দৰ্শন কৰি এক নিস্তব্ধ প্ৰশান্তি লাভ কৰা বুলিও টুইটযোগে উল্লেখ কৰিলে অভিনেত্ৰীগৰাকীয়ে।

মালিগাঁৱৰ নিৰ্মিয়মান সেঁতুৰ নামত যাত্ৰীয়ে যানজঁটৰ যন্ত্ৰণাৰ পৰা কেতিয়া মুক্তি পাব সেয়া কেৱল চৰকাৰ আৰু ভগৱানেহে জানিব। অৱশ্যে দুৰ্গা পূজাৰ সময়লৈ সেঁতুখন সম্পূৰ্ণ কৰাৰ আশ্বাস দিছে অসম চৰকাৰৰ প্ৰতিনিধিয়ে।

যি কি নহওঁক ট্ৰেফিক জামে জুৰুলা কৰা প্ৰীতি জিন্টাৰ এই অৱস্থাৰ বাবে ক্ষোভ আৰু বেদনাত জ্বলিপকি উঠিছে প্ৰীতিৰ অনুৰাগীসকল।

Related News