গোৱালপাৰা জিলাত মাঘ বিহুৰ প্ৰস্তুতি তুংগত; বিভিন্ন আৰ্হিৰ ভেলাঘৰে আকৰ্ষণ কৰিছে জনসাধাৰণক

Goalpara Story

গোৱালপাৰাত নিৰ্মাণ কৰা সুদৃশ্য ভেলাঘৰ

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ খলাৰবড়ীত মাঘ বিহু উপলক্ষ্যে আট্টালিকাৰ আৰ্হিত নিৰ্মাণ কৰা এটা ভেলাঘৰে সকলো লোকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে।

বিগত বছৰ সমূহৰ দৰে চলিত বছৰৰ ভেলাঘৰটো চাবলৈও যথেষ্ট সংখ্যক লোকে ভিৰ কৰিছে।

অঞ্চলটো সমূহ ৰাইজ ভোগালীক আদৰাৰ বাবে ব্যস্ত হৈ পৰিছে। প্ৰস্তুতি প্ৰায় শেষ হৈ উঠিছে এতিয়া সকলোৱে ভোগালীৰ ভোগলৈ অপেক্ষা কৰি আছে ৷

গাৱঁত ডেকা সকলৰ লগতে যুৱতী সকলেও সমানে সমানে আটকধুনীয়া ভেলাঘৰটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে। সুদৃশ্য ভেলাঘৰৰ বাকৰিতে উৰুকাৰ নিশা সকলোৱে মিলি এসাজ আহাৰ গ্ৰহণ কৰিব।

ইফালে, ভোগালী বিহুলৈ কেইটামান দিন বাকী থকাৰ সময়তে অঞ্চলটোৰ টিৰাঙ নোৱাপাৰাৰ গাঁৱৰ ডেকা- গাভৰু সকলেও ভীষণ ব্যস্ত হৈ পৰিছে ভেলাঘৰ আৰু মেজি সজাত ৷

ৰাজ্যৰ চৌদিশে ভেলাঘৰ-মেজি সজাৰ অঘোষিত প্ৰতিযোগিতা চলি থকাৰ সময়তে গোৱালপাৰা জিলাৰো ভিন্ন প্ৰান্তত ভেলাঘৰৰ চমক অব্যাহত আছে।

জিলাখনৰ কৃষ্ণাইৰ অসম-মেঘালয় সীমান্তবৰ্তী টিৰাং নোৱাপাৰাত এইবেলি “প্ৰকৃতি সংৰক্ষণ আৰু ধ্বংস” এক বাস্তৱ ছবিৰ আৰ্হিত স্থানীয় যুৱকসকলে নিৰ্মাণ কৰিছে  এক ব্যতিক্ৰমী আৰ্হিৰ ভেলাঘৰ ৷

গাঁৱখনৰ ভাস্কৰ্ষ শিল্পী নৱ কুমাৰ ৰাভাই বিগত বছৰৰ দৰে এইবেলি গছ থাকিলেহে মানুহ থাকিব এই কথাষাৰকে সাৰোগত কৰি প্ৰকৃতি ৰক্ষাৰ আৰ্হিত নিৰ্মাণ কৰি উলিয়াইছে আকৰ্ষণীয় ভেলাঘৰটো ৷

এখন অতব্য অৰণ্যত দুস্কৃতিকাৰীয়ে কেনেদৰে গছ-গছনি কাটি তহিলং কৰাৰ লগতে, জীৱ জন্তুক হত্যা কৰাৰ এক বাস্তৱ ছবি সুন্দৰকৈ উপস্হাপন কৰিছে শিল্পী গৰাকীয়ে।