NORTHEAST NOW (Assamese)

নগাঁও জিলাৰ প্ৰান্তে প্ৰান্তে শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস উৎসৱৰ প্ৰস্তুতি তুংগত

November 28, 2020 6:42 pm · মুৰলী বৰুৱা
Updated: November 28, 2020 6:44 pm
প্ৰতিনিধিত্বমূলক ছবি

 ক’ভিড- ১৯ৰ ভয়াৱহতাৰ পৰিলক্ষিত ক’ভিড প্ৰট’কল ৰক্ষা কৰি নগাঁও জিলাৰ বিভিন্ন স্থানত অনুষ্টুপীয়াকৈ সীমিত ৰূপত আয়োজন কৰা ৰাস উৎসৱৰ প্ৰস্তুতি তুংগত উঠিছে।

ইতিমধ্যে বিভিন্ন ৰাস উৎসৱ সমিতিয়ে ৰাসৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা পৰিলক্ষিত হৈছে।

চৰকাৰে জাৰি কৰা সম্পূৰ্ণ ক’ভিড প্ৰটকল মানি নগাঁও জিলাৰ ধিং,জাজৰী হাতীচোং,কুজিদাহ,চকলাঘাট,ৰাইদঙীয়া,বৰচিলা, জামুগুৰি,শেনচোৱা, বেবেজীয়া,পুৰণিগুদামকে প্ৰমুখ্য কৰি জিলা খনৰ বিভিন্ন প্ৰান্তত কুৰি খনৰো অধিক ৰাস উৎসৱ সমিতিয়ে পৰম্পৰা ৰক্ষা কৰি শ্ৰীকৃষ্ণৰ ৰাস উৎসৱ অনুষ্ঠিত কৰিব।

কেতবোৰ ঠাইত কাইলৈৰ পৰা আৰু আন কেতবোৰ ঠাইত পৰিহিলৈ ৰাস উৎসৱ অনুষ্ঠিত হ’ব। অৱশ্যে কেতবোৰ ঠাইত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হ’ব ৰাস উৎসৱৰ।

প্ৰথম নিশা ছোৱালীৰ কেলি গোপাল ৰাস ভাওণা আৰু দ্বিতীয় দিনা বিভিন্ন ভাওণা অনুষ্ঠিত হ’ব।

ইপিনে, জিলা খনৰ পুৰণিগুদামৰ জলাহগাৱঁৰ ৰাইজো সাজু হৈছে ৰাস উৎসৱ উদযাপনৰ বাবে ।ইতিমধ্যে আজি পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয়ৰ এটা চিকিৎসকৰ দলে উদযাপন সমিতি,কলা-কুশলী সকলোকে কভিড- ১৯ পৰীক্ষা কৰিছে ।

অহা ৩ আৰু ৪ডিচেম্বৰত অনুষ্ঠিত হবলগীয়া ৰাস উৎসৱত ৩ তাৰিখে পুৱাৰে পৰা ক্ৰমে উষা কীৰ্তন,ধৰ্মধব্বজা উত্তোলন,ভাগৱত ভ্ৰমণ,নাম প্ৰসংগ,গায়ন-বায়ন আদি অনুষ্ঠিত হোৱাৰ পাছতেই নিশা ৯বজাত নাৰায়ন বৰাৰ পৰিচালনাত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা অনুষ্ঠিত হব বুলি ৰাস উৎসৱ উদযাপন সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে সুনীল শইকীয়া আৰু অসীম শইকীয়াই সংবাদ মাধ্যমক জানিবলৈ দিছে ।

এতিয়া জলাহগাৱঁৰ নামঘৰত দিনে-নিশাই ৰাস আৰু ভাওনাৰ আখৰাত যুৱক-যুৱতী-মহিলা সকলো ব্যস্ত হৈ পৰিছে ।অৱশ্যে পূৰ্বৰ বছৰ সমূহত ঐতিহ্যমণ্ডিত ৰাসখনত ২০০ গৰাকী গোপীয়ে নৃত্য কৰাৰ পৰিবৰ্তে এইবাৰ ক’ভিড প্ৰট’কলৰ বাবে মাথোঁ ৫০ গৰাকী যুৱতী-মহিলাকহে নৃত্য কৰিবলৈ চৰকাৰী নীতি-নিয়ম মানি অনুমতি দিছে উদযাপন সমিতিয়ে  ।

উল্লেখ্য যে উদযাপন সমিতিয়ে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস চাবলৈ অহা প্ৰতিগৰাকী দৰ্শককে চৰকাৰে জাৰি কৰা ক’ভিড বিধি মানিহে ৰাস দৰ্শন কৰিবলৈ আহ্বান জনাইছে।

Related News