• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁও জিলাৰ প্ৰান্তে প্ৰান্তে শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস উৎসৱৰ প্ৰস্তুতি তুংগত

কভিড-১৯ পৰীক্ষা কৰি সাজু হৈছে উৎসৱ সমিতি,কলা-কুশলী

NE NOW NEWS মুৰলী বৰুৱা
নগাঁও , November 28, 2020 6:44 pm

2 min read

a raas-2-

প্ৰতিনিধিত্বমূলক ছবি

300
VIEWS
Share on FacebookShare on Twitter

 ক’ভিড- ১৯ৰ ভয়াৱহতাৰ পৰিলক্ষিত ক’ভিড প্ৰট’কল ৰক্ষা কৰি নগাঁও জিলাৰ বিভিন্ন স্থানত অনুষ্টুপীয়াকৈ সীমিত ৰূপত আয়োজন কৰা ৰাস উৎসৱৰ প্ৰস্তুতি তুংগত উঠিছে।

ইতিমধ্যে বিভিন্ন ৰাস উৎসৱ সমিতিয়ে ৰাসৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা পৰিলক্ষিত হৈছে।

চৰকাৰে জাৰি কৰা সম্পূৰ্ণ ক’ভিড প্ৰটকল মানি নগাঁও জিলাৰ ধিং,জাজৰী হাতীচোং,কুজিদাহ,চকলাঘাট,ৰাইদঙীয়া,বৰচিলা, জামুগুৰি,শেনচোৱা, বেবেজীয়া,পুৰণিগুদামকে প্ৰমুখ্য কৰি জিলা খনৰ বিভিন্ন প্ৰান্তত কুৰি খনৰো অধিক ৰাস উৎসৱ সমিতিয়ে পৰম্পৰা ৰক্ষা কৰি শ্ৰীকৃষ্ণৰ ৰাস উৎসৱ অনুষ্ঠিত কৰিব।

কেতবোৰ ঠাইত কাইলৈৰ পৰা আৰু আন কেতবোৰ ঠাইত পৰিহিলৈ ৰাস উৎসৱ অনুষ্ঠিত হ’ব। অৱশ্যে কেতবোৰ ঠাইত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হ’ব ৰাস উৎসৱৰ।

প্ৰথম নিশা ছোৱালীৰ কেলি গোপাল ৰাস ভাওণা আৰু দ্বিতীয় দিনা বিভিন্ন ভাওণা অনুষ্ঠিত হ’ব।

ইপিনে, জিলা খনৰ পুৰণিগুদামৰ জলাহগাৱঁৰ ৰাইজো সাজু হৈছে ৰাস উৎসৱ উদযাপনৰ বাবে ।ইতিমধ্যে আজি পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয়ৰ এটা চিকিৎসকৰ দলে উদযাপন সমিতি,কলা-কুশলী সকলোকে কভিড- ১৯ পৰীক্ষা কৰিছে ।

অহা ৩ আৰু ৪ডিচেম্বৰত অনুষ্ঠিত হবলগীয়া ৰাস উৎসৱত ৩ তাৰিখে পুৱাৰে পৰা ক্ৰমে উষা কীৰ্তন,ধৰ্মধব্বজা উত্তোলন,ভাগৱত ভ্ৰমণ,নাম প্ৰসংগ,গায়ন-বায়ন আদি অনুষ্ঠিত হোৱাৰ পাছতেই নিশা ৯বজাত নাৰায়ন বৰাৰ পৰিচালনাত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা অনুষ্ঠিত হব বুলি ৰাস উৎসৱ উদযাপন সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে সুনীল শইকীয়া আৰু অসীম শইকীয়াই সংবাদ মাধ্যমক জানিবলৈ দিছে ।

এতিয়া জলাহগাৱঁৰ নামঘৰত দিনে-নিশাই ৰাস আৰু ভাওনাৰ আখৰাত যুৱক-যুৱতী-মহিলা সকলো ব্যস্ত হৈ পৰিছে ।অৱশ্যে পূৰ্বৰ বছৰ সমূহত ঐতিহ্যমণ্ডিত ৰাসখনত ২০০ গৰাকী গোপীয়ে নৃত্য কৰাৰ পৰিবৰ্তে এইবাৰ ক’ভিড প্ৰট’কলৰ বাবে মাথোঁ ৫০ গৰাকী যুৱতী-মহিলাকহে নৃত্য কৰিবলৈ চৰকাৰী নীতি-নিয়ম মানি অনুমতি দিছে উদযাপন সমিতিয়ে  ।

উল্লেখ্য যে উদযাপন সমিতিয়ে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস চাবলৈ অহা প্ৰতিগৰাকী দৰ্শককে চৰকাৰে জাৰি কৰা ক’ভিড বিধি মানিহে ৰাস দৰ্শন কৰিবলৈ আহ্বান জনাইছে।

Recent News

a mam

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd