শিৱসাগৰত সদৌ অসম ভিত্তিত শিশু নাট সমাৰোহ আয়োজনৰ প্ৰস্তুতি: ভাগ ল’ব ৰাজ্যৰ কেইবাটাও শিশু নাট্য দলে
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নাট্য প্ৰতিভাসমূহক প্ৰতিভা প্ৰদৰ্শনৰ এক উপযুক্ত মঞ্চ প্ৰদান কৰাৰ লগতে নাট্য কলাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে শিৱসাগৰত অহা ২৯ আৰু ৩০ জুলাইত দুদিনীয়াকৈ সদৌ অসম ভিত্তিত শিশু নাট সমাৰোহ আয়োজন কৰা হৈছে।
শিৱসাগৰ নাট্য বিদ্যালয়ৰ উদ্যোগত তথা ৰামধেনু যুগৰ কবি বেনু চিৰিঙৰ সোঁৱৰণিত শিৱসাগৰৰ যুৱ দ’লত অনুষ্ঠিত হ’ব এই শিশু নাট সমাৰোহ।
এই নাট্য প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দল তথা শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীক প্ৰায় ১ লাখ টকাৰ প্ৰাইজমণি প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছে উদ্যোক্তা সমিতিয়ে।
ইতিমধ্যে ৰাজ্যৰ বিভিন্ন জিলাৰ প্ৰায় ৩৭ টা শিশু নাট্য দলে সদৌ অসম ভিত্তিত অনুষ্ঠিত হ’বলগীয়া এই নাট সমাৰোহত অংশ গ্ৰহণ কৰিব বুলি নিশ্চিত কৰিছে উদ্যোক্তাসকলে।
ইপিনে সদৌ অসম শিশু নাট সমাৰোহৰ লগত সংগতি ৰাখি শিৱসাগৰ নাট্য বিদ্যালয়ে অসমৰ বিশিষ্ট সংগীত শিল্পী মানস ৰবিনক সৌৰভপ্ৰাণ শিৱসাগৰ বঁটা প্ৰদান কৰিব।
দুদিনীয়াকৈ অনুষ্ঠিত হবলগীয়া শিশু নাট সমাৰোহত সমুহ শিৱসাগৰবাসীৰ লগতে সমগ্ৰ ৰাজ্যবাসীক অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায় উদযাপন সমিতিৰ সভাপতি জিতু জ্যোতি গায়নে।