জ্যৰ্ডানো ব্ৰুনোৰ স্মৃতিত বোকাখাতত ‘যুক্তি দিৱস’ আয়োজনৰ প্ৰস্তুতি

Giordano Bruno

আমাৰ শৰীৰৰ কোনো অংগত ক্ষন্তেকৰ বাবে জুই লাগিলে কেনেকুৱা অনুভৱ হয় বাৰু?

সঁচাই, জুয়ে পোৰা যন্ত্রণা অবৰ্ণনীয়। গাত জুই লগাৰ কথা ভাবিলে আমি সকলো নিশ্চয় আতংকিত হৈ পৰিম ভয়ংকৰ যন্ত্রণাৰ কথা ভাবি।

তেনে অনুভৱ এটা মনলৈ আনি, এইবাৰ ভাবিবলৈ চেষ্টা কৰোঁ আহক, জীৱন্ত এজন মানুহৰ গাত, হাত-ভৰি বান্ধি জুই লগাই দিয়া হৈছে!

কি কৰিব মানুহজনে? যন্ত্রণা আৰু আতংকত চিঞৰিব‌? সহায়ৰ বাবে বুকু ফাটি যোৱা আৰ্তনাদ কৰি উঠিব?

নাই, মানুহজনে সেইবোৰ একোকে কৰা নাছিল। জুইত জীয়াই জীয়াই জ্বলাই দিয়াৰ আগতে সেই ভয়-ভীতিহীন আচৰিত মানুহজনে কৈছিল এটি কথা। সেই কথাটি মানুহৰ ইতিহাসত চিৰস্মৰণীয় হৈ থাকি গ’ল।

কোন আছিল সেই দুৰ্মদ মানুহজন‌? মানুহজনে কৰিছিল কি, যাৰ বাবে তেওঁক জুইলৈ নিক্ষেপ কৰা হৈছিল মানুহজনৰ নাম জ্যৰ্ডানো ব্রুনো (Giordano Bruno)।

আজিকালিৰ পাঠশালাৰ ছাত্রইও জানে যে পৃথিৱীখনৰ অৱস্থান বিশ্বব্রহ্মাণ্ডৰ কেন্দ্রত নহয়। কিন্তু সেই কথাটো কোৱাৰ বাবেই ব্রুনোক জীয়াই জীয়াই পুৰি মাৰি পেলোৱা হৈছিল আনুষ্ঠানিক বিচাৰ-প্রক্রিয়াৰ শেষত। তাৰিখটো আছিল ১৬০০ চনৰ ১৭ ফেব্রুৱাৰী।

ব্রুনোক যেতিয়া জ্বলাবলৈ লৈ গৈছিল, তেতিয়া ব্রুনোৱে ধীৰ-স্থিৰভাবে ঘাতকবোৰক কৈছিল, “মই মৃত্যুলৈ যিমান ভয় খাইছোঁ, তোমালোকে মোৰ মতক তাতকৈ বহুত বেছি ভয় কৰিছা”!

কিহৰ প্রতি ভয় আছিল সেই ঘাতক-বাহিনীৰ? ভয় আছিল সিহঁতৰ সত্যৰ প্রতি, যুক্তিৰ প্রতি, মুক্ত চিন্তাৰ প্রতি।

ব্রুনোক জীয়াই জীয়াই জ্বলাই দিয়াৰ পাছতো সিহঁতে পৃথিৱীক ব্রহ্মাণ্ডৰ কেন্দ্রত স্থাপন কৰিব নোৱাৰিলে। কেনেকৈ পাৰিব‌? সত্যসন্ধানী ব্যক্তিৰ হত্যাই সত্যক জানো স্থানান্তৰিত কৰিব পাৰে! ব্রুনোৱে এই কথাটোকেই মানৱ-জাতিৰ আগত প্রমাণ কৰি গ’ল তেওঁৰ অমৰ মৰণৰ মাজেদি।

ব্ৰুন’ৰ ওপৰত কৰা সেই নিৰ্মম অত্যাচাৰ আৰু হত্যাৰ আজি চাৰিশ বছৰৰো অধিক হ’ল। আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিয়ে মানৱ সমাজ সম্পূৰ্ণৰূপে সলনি কৰি পেলালে। কিন্তু তথাপিও জানো মুক্ত চিন্তাৰ পথ প্ৰশস্ত হ’ল?

নৰেন্দ্ৰ ডাবোলকাৰ, এম কালবুৰ্গী, গোবিন্দ পানচাৰে, গৌৰী লংকেশ, অভিজিত ৰয়, এইছ ফাৰুক আদি বহুজন মুক্তচিন্তকৰ কণ্ঠ ৰুদ্ধ কৰি দিয়া হ’ল আজিৰ যুগতো। সেয়েহে মুক্ত চিন্তাৰ প্ৰতিভূ হিচাপে ব্ৰুনোৰ প্ৰাসংগিকতা আজিও হেৰাই যোৱা নাই।

অসমত যুক্তি বিকাশ সমিতি, অসম আৰু মুক্ত চিন্তাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে ২০১৮ চনত ব্ৰুনোৰ হত্যাৰ দিনটোক ‘যুক্তি দিৱস’ ৰূপে উদ্যাপন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছিল। সেইবছৰৰ পৰা প্ৰত্যেক বছৰে ‘যুক্তি দিৱস’ পালন কৰি অহা হৈছে। সুখৰ কথা, লাহে লাহে অসমৰ বিভিন্ন প্ৰান্তৰ বিজ্ঞানমনস্ক ৰাইজে নিজ নিজ অঞ্চলতো ব্ৰুনোৰ স্মৃতিত ‘যুক্তি দিৱস’ পালন কৰিবলৈ লৈছে।

প্ৰথমবাৰৰ কাৰ্যসূচীৰ এক দৃশ্য

এইবাৰ অহা ১৮ ফেব্ৰুৱাৰী দেওবাৰে তিনিটা সংগঠন, ক্ৰমে ‘যুক্তি বিকাশ সমিতি, অসম’, ‘ইলোৰা বিজ্ঞান মঞ্চৰ বোকাখাত শাখা আৰু প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত বোকাখাত জাতীয় বিদ্যালয়ত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে এই দিৱস পালন কৰিবলৈ লোৱা হৈছে।

কাৰ্যসূচীৰ মুখ্য আকৰ্ষণ হ’ব ‘সাপ অন্ধবিশ্বাস আৰু আমাৰ সমাজ’ শীৰ্ষক বিষয়ত ডিমৌ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডা০ সুৰজিত গিৰিৰ বক্তৃতা। আনহাতে ‘সমাজৰ পৰা অন্ধবিশ্বাস নিৰ্মূলকৰণৰ বাধাসমূহ, তাৰ প্ৰতিকাৰৰ উপায়’ শীৰ্ষক বিষয়ত মুকলি আন্তৰিক আলাপৰ কাৰ্যসূচী গ্ৰহণ কৰিছে উদ্যোক্তাসকলে।

ইতিমধ্যে অসমৰ বিভিন্ন ঠাইৰ যুক্তিমনস্ক মানুহে এই কাৰ্যসূচীত যোগ দিবলৈ আগবাঢ়ি আহিছে। গুৱাহাটী, ঢেকীয়াজুলি, গোৰেশ্বৰ আদি ঠাইতো যুক্তি বিকাশ সমিতিৰ আৰু ইলোৰা বিজ্ঞান মঞ্চৰ শাখাসমূহে দিৱসটি পালনৰ প্ৰস্তুতি চলাই আছে।

আহকচোন যুক্তিবাদৰ বাবে, বিজ্ঞানমনস্কতাৰ বাবে তথা সমাজৰ সৰ্বাংগীন সমতা আৰু গণতন্ত্ৰৰ বাবে আমি সকলো একত্ৰিত হওঁ আৰু সত্য প্ৰতিষ্ঠাৰ যুঁজত ব্ৰুনোৰ আত্মবলীদানক শ্ৰদ্ধাৰে সোঁৱৰো।