NORTHEAST NOW (Assamese)

“দেশত প্ৰতিজন নাগৰিকৰে সমান অধিকাৰ আছে”, দেশবাসীক উদ্দেশ্যে দিয়া ভাষণত বাৰ্তা ৰাষ্ট্ৰপতিৰ

August 15, 2023 8:16 am · এন ই নাও নিউজ, নতুন দিল্লী

দেশৰ প্ৰতিজন নাগৰিক সমান। প্ৰত্যেকৰে সমান অধিকাৰ আছে। ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক উদ্দশ্যে দিয়া ভাষণত এই কথা কয়। এই প্ৰেক্ষাপটত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সমাজৰ সকলো ক্ষেত্ৰতে মহিলাসকলক ‘আগবাঢ়ি অহাৰ’ আৰু ‘প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ’ আহ্বান জনায়।

সংবিধানৰ সম অধিকাৰৰ কথা উল্লেখ কৰি দেশবাসীক উদ্দেশ্যে দিয়া ভাষণত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয়,  “প্ৰতিজন ভাৰতীয় সম নাগৰিক। এই দেশত সকলোৰে সমান সুযোগ, সম অধিকাৰ আৰু সমান কৰ্তব্য আছে। জাতি, ধৰ্ম, ভাষাকে ধৰি সকলো পৰিচয়ৰ ওপৰত সকলোৰে এটা পৰিচয়, তেওঁলোক ভাৰতীয়।”

ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মুৰ্মুৱে তেওঁৰ দ্বিতীয়টো ভাষণ প্ৰদান কৰে। এই ভাষণৰ আৰম্ভণিৰ পৰা শেষলৈকে তেওঁ সকলো নাগৰিকৰ সম অধিকাৰ আৰু মহিলাৰ সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। বৰ্তমান সময়ত মহিলাসকলে সমাজৰ বিভিন্ন ক্ষেত্ৰত দেশৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ দায়িত্ব পালন কৰি আছে, যিটো আগতে কল্পনা কৰিব পৰা নাছিল বুলি দাবী কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে।

তেওঁ কয়, ‘আজি দেশৰ উন্নয়নৰ প্ৰতিটো ক্ষেত্ৰতে আৰু ৰাষ্ট্ৰীয় সেৱাত মহিলাসকলে অৰিহণা যোগাইছে, যিয়ে দেশক গৌৰৱান্বিত কৰি তুলিছে। আজি আমাৰ মহিলাসকলে যিদৰে বিভিন্ন ক্ষেত্ৰত অংশগ্ৰহণ কৰিছে সেয়া কেইটামান দশকৰ আগতেও কল্পনাতীত আছিল।”

ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে দেশৰ উন্নয়নৰ বিভিন্ন ক্ষেত্ৰত মহিলাসকল আগবাঢ়ি অহাৰ লগে লগে তেওঁলোক আৰ্থিকভাৱে স্বাৱলম্বী হৈ পৰিছে। তেওঁৰ ভাষাত “মহিলাৰ আৰ্থিক সবলীকৰণে পৰিয়াল আৰু সমাজত তেওঁলোকৰ স্থান শক্তিশালী কৰে।”

মহিলাসকলক আৰু আগবাঢ়ি আহিবলৈ আহ্বান জনাই দেশৰ মহিলা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয়, ‘’মই বিচাৰো যে দেশৰ ছোৱালীবোৰ আগবাঢ়ি আহক। এই প্ৰেক্ষাপটত তেওঁ সৰোজিনী নাইডু, আম্মু স্বামীনাথন, ৰমা দেৱী, অৰুণা আছাফ-আলি আৰু সুচেতা কৃপালিনীৰ প্ৰ সংগ উত্থাপন কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিটো পদক্ষেপতে কস্তুৰবাৰ ভূমিকাৰ কথা তুলি ধৰে।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দাবী কৰে যে দেশৰ মহিলাৰ অগ্ৰগতিয়েই নহয়, ভাৰত বিশ্বৰ দৰবাৰতো সঠিক স্থানত উপনীত হৈছে। ৭৭ সংখ্যক স্বাধীনতা দিৱসত দিয়া ভাষণত তেওঁ কয়, ‘ভাৰতে সমগ্ৰ বিশ্বতে উন্নয়ন আৰু মানৱতাক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতে নেতৃত্বও গ্ৰহণ কৰিছে।”

Related News