• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনী লাভালাভৰ বাবে নিবনুৱাক গিনিপিগ নসজাব, নিযুক্তিৰ ক্ষেত্ৰত Overlapping ৰ সমস্যা সমাধান কৰক চৰকাৰে: দেবাংগ সৌৰভ গগৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 18, 2023 5:17 pm
নিৰ্বাচনী লাভালাভৰ বাবে নিবনুৱাক গিনিপিগ নসজাব, নিযুক্তিৰ ক্ষেত্ৰত Overlapping ৰ সমস্যা সমাধান কৰক চৰকাৰে: দেবাংগ সৌৰভ গগৈ
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে ৰাইজৰ দলৰ মঠঘৰীয়াস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত এখন সংবাদমেলৰ আয়োজন কৰি অসম চৰকাৰৰ বহুল প্ৰচাৰিত নিযুক্তি সন্দৰ্ভত কেইবাটাও প্ৰশ্ন উত্থাপন কৰে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক চিন্ময় বড়া আৰু তথ্য আৰু প্ৰচাৰ সম্পাদক দেবাংগ সৌৰভ গগৈয়ে।

দলৰ সাধাৰণ সম্পাদক চিন্ময় বড়াই অসমৰ ব্যাপক নিবনুৱা সমস্যাই কালৰূপ ধাৰণ কৰা বুলি উল্লেখ কৰি কয় যে ২০১৪ চনৰ পৰা কেন্দ্ৰ আৰু ৰাজ্যৰ শাসক দল বিজেপিয়ে নিবনুৱা সমস্যা সমাধানৰ নামত কেৱল প্ৰতাৰণা কৰি আহিছে। বড়াই ২০১৪ চনত নৰেন্দ্ৰ মোডীৰ বছৰি ২ কোটি চৰকাৰী চাকৰিৰ দিয়াৰ প্ৰতিশ্ৰুতিৰ প্ৰসংগ টানি আনি কয় যে ২০১৬ চন আৰু ২০২১ চনতো অসম বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে অনুৰূপ প্ৰতিশ্ৰুতিয়েই দিছিল। ২০২২ চনৰ ৩১ মাৰ্চৰ ভিতৰত ১ লাখ চৰকাৰী নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি আছিল । কিন্তু সময়ত সকলো অসাৰ হ‘ল। তেওঁ কয় নৰেন্দ্ৰ মোডী শাসনলৈ অহাৰ পাছত ২০১৪ পৰা আজি ৯ বছৰ পাছতো কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত ১০ লাখ নিবনুৱাকো চাকৰি দিব পৰা নাই। বড়াই কেইটামান পৰিসংখ্যাৰ বিশ্লেষণ কৰি কয় কেন্দ্ৰীয় লোকসেৱা আয়োগত ২০১৪ চনত ১৩৬৪ টা পদত নিযুক্তি দিয়াৰ বিপৰীতে ২০২০, ২০২১, ২০২২ আৰু ২০২৩ চনত মাথোঁ ক্ৰমে ৬৪১, ৭১২,১০১১ আৰু ১১০৫ টা পদতহে নিযুক্তি হয়। মুঠ ঘৰুৱা উৎপাদনৰ সৰ্বাধিক অংশই ব্যয় হোৱা প্ৰতিৰক্ষা ক্ষেত্ৰতো নিয়মীয়া চাকৰিৰ কৰ্তন কৰি অগ্নিবীৰৰ নিযুক্তিৰে নিবনুৱা সকলক আভুৱা ভাৰিছে। সেয়ে তেওঁ কয় কোনোবাই যদি ভাৱিছে যে নিবনুৱাসকলক বছৰি ২ লাখকৈ টকা দিয়েই অসমৰ নিবনুৱা সমস্যাৰ সমাধান হ‘ব, তেন্তে তেওঁ নিশ্চয়কৈ বৌদ্ধিক দৈন্যতাত ভুগিছে।

দলৰ তথ্য আৰু প্ৰচাৰ সম্পাদক দেবাংগ সৌৰভ গগৈয়ে সংবাদমেলত ২০১৬ আৰু ২০২১ চনৰ বিধান সভা নিৰ্বাচনত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতিৰ অডিঅ‘ ৰেকৰ্ড বজাই কয় যে ২০১৬ চনত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী ভাষণত প্ৰতিশ্ৰুতি আছিল ২৩ লাখ নিবনুৱাৰ নিযুক্তি, কিন্তু তাৰ ফল পোৱা নগ‘ল।

একদৰে ২০২১ চনত পুনৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি সভাপতি জে পি নাড্ডাৰ ঘোষণা আছিল গণি গণি ১ লাখ চৰকাৰী নিযুক্তি দিয়া হ‘ব ২০২২ চনৰ ৩১ মাৰ্চৰ ভিতৰত। লগতে আছিল ৮ লাখ বেচৰকাৰী কোম্পানীৰ নিযুক্তি। গগৈয়ে পুনৰ কয় কিন্তু বাস্তৱ ক্ষেত্ৰত সেয়াও কাৰ্যকৰী নহ‘ল। তেওঁ কয় এইবাৰ বাজেট অধিৱেশনত ৰাজ্যপালৰ ভাষণত উল্লেখ কৰা হ‘ল ৪২, ৯২০ টা নিযুক্তি হৈ যোৱাৰ কথা, তাৰ বিপৰীতে আমাৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ প্ৰশ্নৰ উত্তৰত আকৌ বিভাগীয় মন্ত্ৰীয়ে ক‘লে ৩৮, ৯৮৭ টা নিযুক্তি হৈ যোৱাৰ কথা। এতিয়া কোনটো সঁচা কোনটো মিছা বুলিও প্ৰশ্ন কৰে গগৈয়ে।

দ্বিতীয়তে দেবাংগ সৌৰভ গগৈয়ে প্ৰশ্ন উত্থাপন কৰি কয় যে চৰকাৰে যি নতুন নিযুক্তিৰ কথা কৈছে, তাত কিমান নতুন পদৰ সৃষ্টি কৰিছে? তেওঁ কয় খালী থকা পদ সমূহ পূৰণ কৰাতো চৰকাৰৰ দ্বায়িত্ব, তাত ইমান বুকু ফিন্দাই ঘোষণা কৰাৰ, কোটি কোটি টকা খৰচ কৰি ৰাজকীয় অনুষ্ঠান পাতি নিযুক্তি পত্ৰ প্ৰদান কৰাতো কেৱল ৰাজকোষৰ ধনৰ অপব্যৱহাৰ কৰি দলৰ নিৰ্বাচনী প্ৰচাৰৰ বাদে একো নহয়। কাৰণ প্ৰশাসন যন্ত্ৰটো চলাই যাবলৈ সেইয়া চৰকাৰৰ দ্বায়িত্ব।

দেবাংগ সৌৰভ গগৈয়ে নিযুক্তিৰ লগত জড়িত আন এটা অতি গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰি কয় যে চৰকাৰে যোৱা ২ এপ্ৰিলত কেবিনেট সিদ্ধান্ত লৈ ঘোষণা কৰিলে অহা ৬ মে‘ত ৫১, ৩৯৭ টা নিযুক্তি পদৰ ফলাফল ঘোষণা কৰা হ‘ব। তাৰে আৰক্ষী বিভাগৰ ৫৭৩০ টা, স্বাস্থ্য বিভাগৰ ৫৭৯৯ টা শিক্ষা বিভাগৰ ১৪,২৪১ টা আৰু নিযুক্তি আয়োগৰ জৰিয়তে তৃতীয় বৰ্গৰ ১১,৩৪৬ টা আৰু চতুৰ্থ বৰ্গৰ ১৪,২৮১ টা পদৰ বাবে ফলাফল ঘোষণা কৰাৰ সিদ্ধান্তক আমি আদৰণী জনাইছো। কিন্তু এই ক্ষেত্ৰত গগৈয়ে আশংকা প্ৰকাশ কৰি কয় যে ইয়াৰে আটাইকেইটা বিভাগৰ পদতে গৰিষ্ঠসংখ্যক চাকৰি প্ৰত্যাশীয়ে আবেদন কৰি নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে যথেষ্টসংখ্যক পৰীক্ষাৰ্থীয়ে এটাতকৈ অধিক পদত উত্তীৰ্ণ হোৱাটো স্বাভাৱিক৷

বিভিন্ন বিভাগৰ লগতে একেটা বিভাগৰ ভিতৰতো বহু কেইটা category আছে। উদাহৰণ স্বৰূপে নিযুক্তি আয়োগৰ তৃতীয় বৰ্গতে মুঠ চাৰিটা Category আছে। তেওঁ কয় সেয়েহে ৬ মে‘ৰ ফলাফলত এজন প্ৰাৰ্থীৰ নাম সৰ্ব্বোচ্চ ৬/৭ টা বিভাগ/ শ্ৰেণীত আহিব পাৰে। এটাতকৈ অধিক পদত উত্তীৰ্ণ প্ৰাৰ্থী এজনে যিহেতু এটা পদতহে যোগদান কৰিব, সেয়েহে এই ৫১,৩৯৭ টা পদৰ অধিকাংশই পদ খালী হৈ থকাটো নিশ্চিত ৷ যাৰ ফলত বহু নিবনুৱা যুৱক যুৱতী মকৰলৰ পৰা বঞ্চিত হৈ পৰিব ৷ সেয়ে গগৈয়ে চৰকাৰে এইক্ষেত্ৰত এটা উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী জনায়।

গগৈয়ে কয় আমি চৰকাৰক এই সমস্যা সমাধানৰ বাবে ফলাফল ঘোষণাৰ সময়ত এখন Provisional list ৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছো। কেইবাটাও বিভাগ বা শ্ৰেণীৰ বাবে যোগ্য বিবেচিত প্ৰাৰ্থীয়ে যাতে তেওঁলোকৰ পছন্দ বা যোগ্যতা অনুসৰি কৰি পদত মকৰল হ‘ব পাৰে তাৰ বাবে এটা Web Portal ৰ ব্যৱস্থা চৰকাৰে কৰিব পাৰে। গগৈয়ে কয় যে আমি নিশ্চিত এনে এক ব্যৱস্থাৰ জৰিয়তে নিবনুৱা যুৱক যুৱতী সকল মকৰলৰ পৰা বঞ্চিত হৈ নাথাকিব। গগৈয়ে শেষত কয় যে যদিহে চৰকাৰে এই সমস্যা সমাধানৰ পথ নুলিয়াই কেৱল ৫১ হাজাৰক চাকৰি দিলো বুলি কয় আমি ভাৱিবলৈ বাধ্য হ‘ব এইয়া চৰকাৰৰ উফাইদাং মৰা চৰিত্ৰ আৰু এক নিৰ্বাচনী প্ৰচাৰৰ কৌশল । চৰকাৰে নিযুক্তিৰ নামত নিবনুৱা সকলক গিনিপিগ সজাই তেওঁলোকৰ পৰা বাৰে বাৰে আবেদনৰ নামত ধন সংগ্ৰহ কৰি ৰাজকোষ টনকিয়াল কৰিব খুজিছে, যাতে সেইধন মন্ত্ৰী আমোলাৰ লাহ বিলাহৰ বাবে খৰছ কৰিব পাৰে। তেখেতে শেষত কয় Waiting List ৰ ক্ষেত্ৰত কিবা বাধ্যবাধকতা থকা বুলি আমি কোনো তথ্য পোৱা নাই।

অসম চৰকাৰৰ ১৭ মে‘ ২০০৫চনৰ এখন Gazette Notification অনুসৰি‘ The Assam Fiscal Responsibility and Budget Management Act, 2005’ ৰ কথা হয়তো বহুতে উল্লেখ কৰিব পাৰে। তাৰ 7 (d) দফাত উল্লেখ আছে যে ‘No appointment shall be made by the state government or the appointing authorities under it, in a post in anticipation of it’s failing vacant in future. কিন্তু আমি বুজা মতে ইয়াত একেটা পদৰ বিপৰীতে appointment দিয়াৰ কথাহে কৈছে, Waiting list বা Provisional list ৰ কথা কোৱা হোৱা নাই। আৰু যদি কোৱা হৈছে, অসম চৰকাৰে ইয়াৰ আইন সংশোধনী আনিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

August 13, 2025 6:31 pm
অবৈধ বেটিং এপ গোচৰত ED-ৰ প্ৰশ্নৰ সন্মুখীন ক্ৰিকেটাৰ সুৰেশ ৰাইনা

অবৈধ বেটিং এপ গোচৰত ED-ৰ প্ৰশ্নৰ সন্মুখীন ক্ৰিকেটাৰ সুৰেশ ৰাইনা

August 13, 2025 6:00 pm
নাগৰিকত্বৰ পূৰ্বে ভোটাৰ তালিকাত নাম সোমাইছিল ছোনিয়া গান্ধীৰ! বিস্ফোৰক অভিযোগ অমিত মালব্যৰ

নাগৰিকত্বৰ পূৰ্বে ভোটাৰ তালিকাত নাম সোমাইছিল ছোনিয়া গান্ধীৰ! বিস্ফোৰক অভিযোগ অমিত মালব্যৰ

August 13, 2025 4:44 pm
উচ্চতম ন্যায়ালয়ত নাটকীয় উন্মোচন! নিৰ্বাচন আয়োগে জীৱিত ব্যক্তিকো মৃত ঘোষণা কৰি ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিলে নাম

উচ্চতম ন্যায়ালয়ত নাটকীয় উন্মোচন! নিৰ্বাচন আয়োগে জীৱিত ব্যক্তিকো মৃত ঘোষণা কৰি ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিলে নাম

August 13, 2025 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

August 13, 2025 6:31 pm
অবৈধ বেটিং এপ গোচৰত ED-ৰ প্ৰশ্নৰ সন্মুখীন ক্ৰিকেটাৰ সুৰেশ ৰাইনা

অবৈধ বেটিং এপ গোচৰত ED-ৰ প্ৰশ্নৰ সন্মুখীন ক্ৰিকেটাৰ সুৰেশ ৰাইনা

August 13, 2025 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd