NORTHEAST NOW (Assamese)

টীয়কত নেচনেল মেডিক’জ অৰ্গেনাইজেছনৰ সংবাদমেল

November 22, 2020 5:05 pm · নিৰ্মলেন্দু পাঠক

নেচনেল মেডিক’জ অৰ্গেনাইজেছন অসমে সেৱা ভাৰতীৰ সহযোগত ৰক্তদান শিৱিৰ সন্দৰ্ভত আজি টীয়কত এক সংবাদ মেল সম্বোধন কৰে।

অহা ২৪ নৱেম্বৰ তাৰিখে লাচিত দিৱস উপল্যক্ষত সংগঠনটোৱে টীয়কৰ লাহদৈগড়স্থিত বীৰ লাচিত বৰফুকনৰ সমাধিস্থলী লাচিত মৈডামৰ সমীপৰ নৰাহিলৈদাৰী প্ৰাথমিক বিদ্যালয়ত এক ৰক্তদান শিৱিৰৰ আয়োজন কৰিছে l

লগতে ৰক্তদান মহান দান কথাষাৰ সাৰোগত কৰি সকলোকে ৰক্ত দান কৰিবলৈ আহ্বান জনাই নেচনেল মেডিক’জ অৰ্গেনাইজেছনৰ অধ্যক্ষ ডা° যদুনাথ বুঢ়াগোহাঁয়ে।

উল্লেখযোগ্য যে এই সংবাদ মেলতে ৰক্তদানৰ সমান্তৰালকৈ বিভিন্ন ঋতুকালীন ৰোগ প্ৰতিৰোধ তথা নিৰাময়ৰ বিষয়ত আলোচনা কৰা হয়।

Related News