NORTHEAST NOW (Assamese)

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm · এন ই নাও নিউজ, গুৱাহাটী

উজবেকিস্তানত এগৰাকী ২১ বছৰীয়া ভাৰতীয় ছাত্ৰীৰ অস্বাভাৱিক মৃত্যু হৈছে। জানিব পৰা মতে, যুৱতীগৰাকী কেৰালাৰ পৰা তাত পঢ়িবলৈ গৈছিল। অভিযোগ অনুসৰি, তীব্ৰ বাকবিতণ্ডাৰ সময়ত তেওঁৰেই এজন সহপাঠীৰ আক্ৰমণত তেওঁৰ মৃত্যু হয়। এই হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও ৰহস্যৰ আৱৰ্তত যদিও বহু প্ৰত্যক্ষদৰ্শীৰ দাবী যে অভিযুক্তই তেওঁক ধৰ্মান্তৰিত হ’বলৈ হেঁচা দিছিল।

ঘটনাটো আচলতে কি আছিল সেই বিষয়ে লাহে লাহে পোহৰলৈ আহিছে। মৃত যুৱতীগৰাকীৰ নাম সাভাৰিয়া বসন্ত আৰু অভিযুক্তৰ নাম সাদাৰুল আনম। মৃত ছাত্ৰীগৰাকীৰ পৰিয়ালৰ দাবী অনুসৰি, দুয়োৰে মাজত প্ৰথমে কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু তাৰ পিছতেই সাদাৰুলে তেওঁক মূৰত লেপটপেৰে আঘাত কৰি হত্যা কৰে। তদন্তকাৰী বিষয়াসকলে প্ৰকাশ কৰা মতে, ঘটনাৰ পূৰ্বে অভিযুক্তই সাভাৰিয়াক ধৰ্মান্তৰিত কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল বুলি একাংশ ছাত্ৰ-ছাত্ৰীয়ে জনাইছে। বহুতো লোকৰ চকুৰ আগতেই এই ঘটনা সংঘটিত হৈছিল, কাৰণ সাভাৰিয়ায়ে ধৰ্ম সলনি কৰিবলৈ মান্তি হোৱা নাছিল। তালৈ যোৱা ভাৰতীয় দূতাবাসৰ কৰ্মীসকলকো এই বিষয়ে অৱগত কৰা হৈছে।

হত্যাৰ প্ৰকৃত কাৰণ এতিয়াই সম্পূৰ্ণৰূপে জানিব পৰা হোৱা নাই যদিও প্ৰাথমিকভাৱে ধৰ্মান্তৰকৰণকেই এই হত্যাকাণ্ডৰ মূল কাৰণ বুলি সন্দেহ কৰা হৈছে। যুৱতীগৰাকীৰ শৰীৰৰ বিভিন্ন অংশত আঘাতৰ চিন স্পষ্ট হৈ আছে, যাৰ পৰা নিশ্চিতভাৱে ক’ব পাৰি যে তেওঁ তীব্ৰ নিৰ্যাতনৰ বলি হৈছিল। পৰিয়ালৰ অভিযোগৰ ভিত্তিত বুধবাৰে আৰক্ষীয়ে এক হত্যাৰ গোচৰ ৰুজু কৰিছে। স্থানীয় চিকিৎসালয়ত দ্বিতীয়বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষাও সম্পন্ন কৰা হৈছে। সাভাৰিয়াৰ পৰিয়ালে দাবী জনাইছে যে এই সমগ্ৰ ঘটনাৰ তদন্ত কেৰালাত হ’ব লাগে আৰু অভিযুক্তক উচিত শাস্তি প্ৰদান কৰিবলৈ উজবেকিস্তানৰ পৰা ভাৰতলৈ ঘূৰাই আনিব লাগে।

 

Related News