পৰিৱৰ্তনৰ মহিমা! এপ্ৰিল মাহৰ পৰা ২০ শতাংশ বৃদ্ধি পাব পাৰে ভিটামিনকে ধৰি সকলো ঔষধৰ দাম

‘আত্মনিৰ্ভৰ ভাৰত’ৰ কথা কোৱা মোদীৰ চৰকাৰে দৰৱৰ কেঁচামাল আনে চীনৰ পৰাহে!

a drugs

দেশলৈ পৰিৱৰ্তনৰ ধাৰা দুৰন্ত গতিত নামি আহিছে।

সেই কথাৰ প্ৰমাণ ইতিমধ্যে ঘৰুৱা ব্যৱহৃত গেছ ছিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি নিত্য ব্যৱহাৰ্য সামগ্ৰী, ইন্ধন আদিৰ মূল্যবৃদ্ধিৰ পৰাই প্ৰমাণ হৈছে।

মূল্যবৃদ্ধিয়ে টেটুচেপা দিয়া দেশৰ জনতাৰ ওপৰত আন এক মাধমাৰ শোধাই অহা এপ্ৰিল মাহৰ পৰা দেশত বৃদ্ধি পাব প্ৰতি বিধ দৰৱৰে দাম।

ফাৰ্মাচিউটিকেল প্ৰতিষ্ঠান সমূহে নৰেন্দ্ৰ মোদীৰ চৰকাৰক ঔষধৰ দাম কমেও ২০ শতাংশ বৃদ্ধি কৰাৰ যি প্ৰস্তাৱ আগবঢাইছিল সেই প্ৰস্তাৱত চৰকাৰে ইতিমধ্যে সেউজ সংকেত দিছে।

সেয়ে এপ্ৰিল মাহৰ পৰা কাৰ্যকৰী হোৱাৰকৈ ভিটামিনকে ধৰি আন সকলো দৰৱৰ দাম কমেও ২০ শতাংশ বৃদ্ধি পাব পাৰে বুলি নেছনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথ’ৰিটিয়ে প্ৰকাশ কৰিছে।

মোদীৰ চৰকাৰে ২০২০ চনত দৰৱৰ হোলচেল প্ৰাইচ ইনডেক্স ০.৫ শতাংশলৈ পৰিৱৰ্তন কৰিছিল।

ক’ৰ’ণাৰ সংহাৰ চলি থকাৰ সময়তে চৰকাৰে  ক’ৰ’ণাৰ চিকিৎসাৰ লগতে আন ৰোগৰ চিকিৎসাতো ব্যৱহাৰ হোৱা হেপাৰ্ৰিন ইঞ্জেকছনৰ মূল্য একে কোবে ৫০ শতাংশ বৃদ্ধি কৰি দৰৱ বিধৰ মূল্যৰ ক্ষেত্তৰত আমূল ‘পৰিৱৰ্তন’ সাধন কৰিছিল।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল আত্মনিৰ্ভৰ ভাৰতৰ কথা কৈ থকা মদীৰ চৰকাৰে হৃৰোগৰ পৰা আৰম্ভ কৰি ভিটামিন আৰু আন প্ৰায় সংখ্যক ঔষধ প্ৰস্তুতৰ বাবে প্ৰয়োজন হোৱা কেঁচামাল চীনৰ পৰা আমদানি কৰি আহিছে।

ফাৰ্মাচিউটিকেল প্ৰতিষ্ঠানৰ এগৰাকী বিষয়ববীয়াই প্ৰকাশ কৰা অনুসৰি চীনে ঔষধ প্ৰস্তুতত ব্যৱহাৰ হোৱা কেঁচামালৰ মূল্য বঢ়াই দিয়াৰ লগতে সাগৰীয় পথেৰে কেঁচামল আনোতে হোৱা খৰচ বৃদ্ধিৰ বাবে দেশত ঔষধৰ দাম কমেও ২০ শতাংশ বঢ়াবলগীয়া হ’ব।

আন সকলো সামগ্ৰীৰে মূল্যবৃদ্ধিয়ে দেশৰ জনতাৰ অৱস্থা এতিয়া পানীত হাঁহ নচৰা কৰিছে।

এনে  সময়তে ঔষধৰ দাম কমেও ২০ শতাংশ বৃদ্ধি হ’লে জনতাৰ মূৰত নিশ্চিত ভাবে সৰগ ভাগি পৰিব।

এমুঠিমান হিতাধিকাৰীৰ সৃষ্টি কৰি বাঃবাঃ লোৱা মোদীৰ চৰকাৰে যে সাধাৰণ জনতাৰ কথা মুঠেও নাভাবে সেই কথা বাৰে বাৰে প্ৰমাণ হৈ আহিছে।পৰিৱৰ্তনৰ নামত মোদীৰ চৰকাৰে কেৱল দাম বৃদ্ধিৰ পৰিৱৰ্তনহে কৰি আহিছে।