• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জিম্মাৰ পৰা পলোৱা ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম আৰক্ষীৰ গুলীত নিহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 18, 2023 8:44 am
আৰক্ষীৰ এনকাউন্টাৰত নিহত শ্বাহ আলম তালুকদাৰ।

আৰক্ষীৰ এনকাউন্টাৰত নিহত শ্বাহ আলম তালুকদাৰ।

180
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে নিশা আৰক্ষীৰ গুলীচালনাত ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম তালুকদাৰ নিহত হোৱাৰ খবৰ পোৱা গৈছে।

আৰক্ষীয়ে ঘটনাটোৰ বিষয়ে বেছি প্ৰকাশ কৰা নাই যদিও সূত্ৰই নিশ্চিত কৰিছে যে অভিযুক্তজনক যোৱা নিশা গুলীয়াই হত্যা কৰা হৈছে। বৰ্তমান তেওঁৰ মৃতদেহ জিএমচিএইচৰ মৰ্গত ৰখা হৈছে।

যদিও তেওঁক “এনকাউণ্টাৰ”ত হত্যা কৰাৰ খৱৰ পোৱা গৈছে, প্ৰকৃততে ঘটনাটো কেনেকৈ আৰু ক‘ত সংঘটিত হৈছিল সেই বিষয়ে কোনো তথ্য আৰক্ষীয়ে প্রকাশ কৰা নাই। 

সূত্ৰসমূমূহৰ পৰা জানিব পৰা মতে মহানগৰীৰ সমীপৰ আমচিং যোৰাবাটত আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হৈছে শ্বাহ আলম তালুকদাৰ। শ্বাহ আলমৰ বুকুত দুটাকৈ গুলী লাগিছিল। 

উল্লেখ্য যে দিন-দুপৰতে মহানগৰীৰ মাজমজিয়াত সংঘটিত হোৱা ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম তালুকদাৰে বৃহস্পতিবাৰে নিশা সাতগাঁও আৰক্ষীৰ জিম্মাৰ পৰা পলাই গৈছিল।

জানিব পৰা গৈছিল যে আৰক্ষীৰ বেষ্টনী ভাঙি হাতত হেণ্ডকাফ লগা অৱস্থাতে শ্বাহ আলম তালুকদাৰে পলায়ন কৰিছিল।

সূত্ৰ অনুসৰি বৃহস্পতিবাৰে নিশা তালুকদাৰক লগত লৈ সাতগাঁও আৰক্ষীয়ে বতাহঘূলিত অভিযান চলাইছিল। অভিযানৰ সময়তে আৰক্ষীৰ বেহু ভাঙি পলায়ন কৰিছিল শ্বাহ আলমে।

বৃহস্পতিবাৰে নিশাই শ্বাহ আলমে পলায়ন কৰে যদিও এই ঘটনাটো গাপ দি ৰাখিছিল আৰক্ষীয়ে। শুকুৰবাৰে দুপৰীয়াহে পোহৰলৈ আহিছিল শ্বাহ আলমৰ পলায়নৰ খবৰ। আৰক্ষীয়ে পলাতক শ্বাহ আলমৰ সন্ধানত গুৱাহাটীৰ বিভিন্ন প্ৰান্তত অভিযান চলোৱা বুলি জানিব দিছিল।

লক্ষণীয়ভাৱে যোৱা ১০ ফেব্ৰুৱাৰীত শ্বাহ আলমে দিছপুৰ আৰক্ষী থানাৰ লকআপৰ ভিতৰতে আত্মহত্যাৰ চেষ্টা চলোৱা বুলিও জানিব পৰা গৈছিল। বাল্টিৰ চোকা ধাৰেৰে হাতৰ কব্জিত স্নায়ু কাটি আত্মহত্যাৰ চেষ্টা চলাইছিল বুলি প্ৰকাশ পাইছিল।

উল্লেখ্য যে, মহানগৰীৰ পাঞ্জাবাৰীত ২১ নৱেম্বৰৰ দুপৰীয়া সংঘটিত হোৱা এক গুলীচালনাৰ ঘটনাত গুৰুতৰভাৱে আহত পূৰৱী ডায়েৰীৰ বিতৰক ৰঞ্জিত বৰাৰ জিএমচিএইচলৈ নিয়াৰ পথত মৃত্যু হৈছিল।

বেংকত ধন জমা কৰিবলৈ যোৱাৰ সময়তে দুৰ্বৃত্তই বৰাক লক্ষ্য কৰি গুলীচালনা কৰিছিল। পাঞ্জাবাৰী পথৰ শিল্পগ্ৰামৰ সমীপত সংঘটিত হৈছিল এই ঘটনা।

পূৰৱী ডায়েৰীৰ বিতৰক ৰঞ্জিত বৰাৰ মূৰত গুলী কৰি দুৰ্বৃত্তই তেওঁৰ লগত থকা ৫ লাখ টকা লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল।

শ্বাহ আলম তালুকদাৰক এই ঘটনাৰ মূল অভিযুক্ত হিচাপে চিনাক্ত কৰা হৈছিল। বাইকত অহা এক্সেল একাডেমীৰ স্বত্বাধিকাৰী শ্বাহ আলমে ঘটনাৰ দিনা ৰঞ্জিত বৰালৈ গুলী চলাইছিল।

ইতিমধ্যে এই ঘটনাৰ মূল অভিযুক্ত শ্বাহ আলমৰ লগতে আন চাৰিগৰাকী অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

Recent News

ঘোষণা হ’ল ২০২৫ ৰ চিবিএছই দ্বাদশ শ্ৰেণীৰ ফলাফল: ৮৮.৩৯% উত্তীৰ্ণৰ হাৰ, ল’ৰাক পুনৰ অতিক্ৰম কৰিলে ছোৱালীয়ে

ঘোষণা হ’ল ২০২৫ ৰ চিবিএছই দ্বাদশ শ্ৰেণীৰ ফলাফল: ৮৮.৩৯% উত্তীৰ্ণৰ হাৰ, ল’ৰাক পুনৰ অতিক্ৰম কৰিলে ছোৱালীয়ে

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd