প্রধান মন্ত্রী মোডীৰ ভ্ৰমণকলৈ তৎপৰ মহানগৰ আৰক্ষী প্ৰশাসন : আজি সন্ধিয়া পাবহি গুৱাহাটী

modi-assam-759

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আজি দুদিনীয়া ভ্ৰমণসূচীলৈ অসমত আহি উপস্থিত হ’ব। জানিব পৰা মতে, সন্ধিয়া ৬ বজাত প্ৰধান মন্ত্ৰী আহি বৰঝাৰ বিমানবন্দৰত উপস্থিত হ’ব। বিমানবন্দৰৰ পৰা প্ৰধান মন্ত্ৰী মোডী পোনে পোনে ৰাজভৱনলৈ যাব আৰু আজি নিশাটো তাতেই কটাব।

শনিবাৰে পুৱাই গুৱাহাটীৰ পৰা মোডী ইটানগৰলৈ যাব। বৰঝাৰৰ পৰা বিমানেৰে  ডিব্ৰুগড়ৰ লীলাবাৰী বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত প্ৰধান মন্ত্ৰী হেলিকপ্টাৰেৰে ইটানগৰলৈ বুলি ৰাওনা হ’ব।

প্ৰধান মন্ত্ৰী গৰাকীয়ে চমু ভ্ৰমণসূচী সমাপ্ত কৰি ইটানগৰৰ পৰা উভতিব আৰু দিনৰ ১২-৩০ বজাত আহি আমিনগাওঁত উপস্থিত হ’ব। তেওঁ চাংসাৰিৰ এইমছৰ ভূমি পূজন অনুষ্ঠানত অংশ কৰিব। ইয়াৰ পাছতে প্ৰধান মন্ত্ৰী মোডী দিনৰ ২-৩০ বজাত আগৰতলালৈ ৰাওনা হ’ব।

ইপিনে, প্ৰধান মন্ত্ৰী মোডীৰ অসম ভ্ৰমণকলৈ তৎপৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন। প্ৰধান মন্ত্ৰীৰ ভ্ৰমণৰ বাবে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। তদুপৰি, প্ৰধান মন্ত্ৰীৰ আগমনৰ বাবে মহানগৰ যান-বাহন আৰক্ষীয়ে কিছু পথ নিৰ্দেশনাও জাৰি কৰিছে। আৰক্ষীয়ে আজিৰে পৰা ৩১নং আৰু ৩৭ নং ঘাইপথত চোকা নজৰ ৰাখিব।

আনহাতে, আজি দিনৰ ১২ বজাৰ পৰা আৰক্ষীয়ে গধূৰ যান-বাহনৰ চলাচল নিয়ন্ত্ৰণ কৰিব। শনিবাৰে পুৱাৰে পৰা গধূৰ বাণিজ্যিক যান-বাহনৰ চলাচল নিয়ন্ত্ৰণ কৰা হ’ব। প্ৰধান মন্ত্ৰীৰ ভ্ৰমমৰ সময়ত যাতে কোনোধৰণৰ যানজঁটৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীৰ যান-বাহন শাখাই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

সেই অনুসৰি, আজি মহানগৰীৰ কেইবাটাও পথত বাণিজ্যিক যান-বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। মহানগৰীৰ সদা ব্যস্ত ডি জি ৰোড, এম জি ৰোড, এ টি ৰোড আৰু আৰ জি বি ৰোডত এই নিষেধাজ্ঞা বাহাল থাকিব।

আনহাতে, মহানগৰীৰ কেইবাটাও পথত নো পাৰ্কিং অঞ্চল ঘোষণা কৰা হৈছে। সেই অনুসৰি বৰঝাৰ বিমানবন্দৰৰ পৰা বিশ্ববিদ্যালয়লৈ বাইপাছত, জালুকবাৰী ৰ’টাৰীত, জালুকবাৰীৰ পৰা ভৰলুমুখলৈ ডি জি ৰোডত, ভৰলুমুখৰ পৰা ৰাজভৱনলৈ এম জি ৰোডত, খানাপাৰাৰ পৰা জালুকবাৰলৈ ৩৭নং ঘাইপথত আৰু বিমানবন্দৰৰ পৰা খানাপাৰালৈ ছাৰ্ভিচ ৰোডত নো পাৰ্কিং জ’ন ঘোষণা কৰা হৈছে।