NORTHEAST NOW (Assamese)

১৭ বছৰীয়া প্ৰতীক্ষাৰ অন্ত পেলাবলৈ বগীবিল দলঙলৈ ৰাওনা প্ৰধান মন্ত্ৰী মোদী

December 25, 2018 1:48 pm · এন ই নাও নিউজ
Updated: December 25, 2018 1:52 pm
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফাইল ফটো।

আজি পৱিত্ৰ বৰদিন তথা প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম দিনটোতে ১৭বছৰীয়া অপেক্ষাৰ অন্ত পেলায় বগীবিল দলং উদ্বোধন কৰিবৰ বাবে ইতিমধ্যে ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হৈছেছি ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী।

প্ৰধান মন্ত্ৰী গৰাকীয়ে বিশেষ বিমানেৰে আহি মোহনবাৰী বিমানবন্দৰত দিনৰ প্ৰায় ১.৩০ উপস্থিত হোৱাৰ পিছতে তিনিখন বিশেষ হেলিকপ্টাৰেৰে বগীবিল দলঙলৈ ৰাওনা হৈছে।

ইতিমধ্যে প্ৰধান মন্ত্ৰী গৰাকী আহি উপস্থিত হোৱাৰ লগে ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনে কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা।

ইয়াৰ পিছতে প্ৰধান মন্ত্ৰী গৰাকীয়ে কাৰেং চাপৰিত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী সভাত জনতাক সম্বোধন কৰিব।

Related News