লালকিল্লাত স্বাধীনতা দিৱসৰ ভাষণ দি নতুন অভিলেখ সৃষ্টি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শুকুৰবাৰে পুৱা ৭:৩৪ বজাৰ পৰা পুৱা ৯:১৭ বজালৈ ভাষণ দিয়ে নৰেন্দ্ৰ মোদীয়ে। তেওঁ মুঠ ১ ঘণ্টা ৪৩ মিনিট বা ১০৩ মিনিট সময় ভাষণ দিছিল, যিটো স্বাধীনতা দিৱসৰ দিনটোত যিকোনো প্ৰধানমন্ত্ৰীৰ আটাইতকৈ দীঘলীয়া ভাষণ।
যোৱা বছৰ অৰ্থাৎ ২০২৪ চনত তেওঁ ৯৮ মিনিট ভাষণ দিছিল আৰু ২০১৫ চনত তেওঁ ৮৮ মিনিটৰ ভাষণেৰে আটাইতকৈ দীঘলীয়া ভাষণৰ অভিলেখ গঢ়িছিল। এইবাৰ তেওঁ নিজেই সেই সকলোবোৰ অভিলেখ ভংগ কৰিলে। ইন্দিৰা গান্ধীৰ অভিলেখো ভংগ কৰিলে মোদীয়ে।
এইবাৰ ১২ তম বাৰৰ বাবে মোদীয়ে লালকিল্লাৰ পৰা স্বাধীনতা দিৱসৰ ভাষণ প্ৰদান কৰিছে। একেৰাহে ১৭টা ভাষণ দি এই তালিকাৰ শীৰ্ষত আছে নেহৰু। তথ্য অনুসৰি ১৯৪৭ চনত স্বাধীনতা বছৰত জৱাহৰলাল নেহৰুৱে ৭২ মিনিটৰ ভাষণ প্ৰদান কৰিছিল, যিটো সেই সময়ত এক নজিৰ আছিল। ২০১৪ চনত লালকিল্লাৰ পৰা মোডীৰ প্ৰথম ভাষণ আছিল ৬৫ মিনিট, ২০১৬ চনত ৯৬ মিনিটলৈ বৃদ্ধি পাইছিল। ২০১৭ চনত তেওঁ আটাইতকৈ চুটি ভাষণ দিছিল, মাত্ৰ ৫৬ মিনিট।
২০১৮ চনত মোডীৰ ভাষণ আছিল ৮৩ মিনিটৰ। ২০১৯ চনত তেওঁ প্ৰায় ৯২ মিনিট সময় ভাষণ দিলে। ২০২০ চনত ৯০ মিনিট, ২০২১ চনত ৮৮ মিনিট, ২০২২ চনত ৭৪ মিনিট আৰু ২০২৩ চনত পুনৰ ৯০ মিনিট, এইবোৰ আছিল শেহতীয়া পৰিসংখ্যা।
ইফালে আটাইতকৈ চুটি ভাষণৰ অভিলেখ ১৪ মিনিট। ১৯৫৪ চনত নেহৰুৱে আৰু ১৯৬৬ চনত ইন্দিৰা গান্ধীয়ে এই অভিলেখ গঢ়িছিল।=
মনমোহন সিঙে প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত স্বাধীনতা দিৱসৰ ১০টা ভাষণ প্ৰদান কৰিছিল, বেছিভাগেই প্ৰায় ৫০ মিনিট। ২০০৫ আৰু ২০০৬ চনত দুয়োটা বছৰতে ৫০ মিনিট আৰু বাকী বছৰত ৩২ৰ পৰা ৪৫ মিনিটৰ ভিতৰত।
২০১২ আৰু ২০১৩ চনত মনমোহন সিঙৰ ভাষণ ক্ৰমে ৩২ আৰু ৩৫ মিনিটৰ বিপৰীতে ২০০২ আৰু ২০০৩ চনত অটল বিহাৰী বাজপেয়ীৰ ভাষণ আছিল ২৫ আৰু ৩০ মিনিট।