লোকসভাত কেব গৃহীত হোৱাৰ পাছত অমিত শ্বাহক প্ৰশংসাৰে উপচাই কি ক’লে প্ৰধান মন্ত্ৰী মোদীয়ে?

469491-modi-shah

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহ। ফাইল ফটো

কেন্দ্ৰীয় চৰকাৰে সোমবাৰে  মাজনিশা লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯’ গৃহীত কৰে। প্রায় ৮ ঘন্টা ধৰি চলা বিতৰ্কৰ অন্তত নিশা ১২ বজাত বিধেয়কখন গৃহীত কৰা হয়।

লোকসভাত সহজতেই গৃহীত হোৱাৰ পাছত এতিয়া বিধেয়কখন বুধবাৰে ৰাজ্যসভাত উত্থাপন কৰা হ’ব।

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৃহ মন্ত্ৰী অমিত শ্বাহক ভূয়ষী প্ৰশংসা কৰে।

প্ৰধান মন্ত্ৰী মোদীয়ে তেওঁৰ টুইটাৰত লিখিছে: ‘’লোকসভাত এক সমৃদ্ধ তথা ব্যাপক আলোচনাৰ অন্তত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ গৃহীত হোৱাটো আনন্দৰ বিষয়। মই বিধেয়কখনক সমৰ্থন কৰা সকলো সাংসদ আৰু দলক ধন্যবাদ জন্যবাদ জনাইছো। এই বিধেয়ক ভাৰতৰ শতিকা পুৰণি লোকাচাৰ আৰু মানৱীয় প্ৰমূল্যত বিশ্বাসৰ অনুৰূপ।‘’

আন এক টুইটত প্ৰধান মন্ত্ৰীয়ে লিখিছে: ‘’ নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৯’ৰ সকলো দিশ স্পষ্টৰূপত বুজাই দিয়াৰ বাবে মই গৃহ মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক অভিনন্দন জনাব খোজো। তেওঁ লোকসভাত চলা আলোচনাৰ সময়ত মাননীয় সাংসদসকলৰ দ্বাৰা উত্থাপিত বিভিন্ন দিশৰ বিশদ উত্তৰ দিছে।‘’

সোমবাৰে নিশা প্ৰায় ১১ বজাত গৃহ মন্ত্ৰী অমিত শ্বাহে বিৰোধী নেতাৰ দ্বাৰা উত্থাপিত প্ৰশ্নসমূহৰ উত্তৰ দিছিল।

ইয়াৰ পাছতে নিশা ১১.৩৫ বজাত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই গৃহ মন্ত্ৰীৰ বক্তব্যই সকলো দিশ স্পষ্ট কৰিছে বুলি সদৰী কৰি বিধেয়কখনৰ ওপৰত ভোট লয়।

সদনত বিধেয়কখনৰ সপক্ষে ৩১১টা আৰু বিপক্ষে ৮০টা ভোট পৰে। তাৎপৰ্যপূৰ্ণভাৱে, লোকসভাত শিৱসেনাই বিধেয়কখনৰ সপক্ষে ভোটদান কৰে।