NORTHEAST NOW (Assamese)

অভিনেতা অক্ষয় কুমাৰৰ আগত অসমৰ গামোচাক প্ৰসংশা প্ৰধান মন্ত্ৰী মোডীৰ

April 24, 2019 7:41 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰেট

অভিনেতা অক্ষয় কুমাৰে নিৰ্বাচনৰ সময়ত লোৱা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এটা সাক্ষাৎকাৰত আলোচনা প্ৰসংগত পুনৰবাৰ প্ৰধান মন্ত্ৰীগৰাকীয়ে প্ৰসংশা কৰিলে অসম আৰু অসমীয়াৰ স্বাভিমান গামোচাখনক।

ৰাজনীতি বাদ দি শৈশৱ, কৈশোৰ, জীৱন পৰিক্ৰমা, চলচিত্ৰ, ষ্টাইল আদি বিষয়বস্তক সামৰি অক্ষয় কুমাৰে লোৱা সাক্ষাৎকাৰৰ সময়ত নৰেন্দ্ৰ মোডীয়ে অসমৰ গামোচাখনৰ প্ৰসংগ উল্লেখ কৰে।

অক্ষয়ে বেমাৰ হ’লে কেনেদৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতিকাৰ লয় বুলি কৰা এক প্ৰশ্নৰ উত্তৰত মোডীয়ে তেওঁ আয়ুৰ্বেদক প্ৰাধান্য দিয়াৰ লগতে গৰম পানী, উপবাসেৰে চিকিৎসা কৰাৰ কথা উল্লেখ কৰে। তাৰোপৰি অসমৰ গামোচাখন সদায় তেওঁৰ লগত থাকে আৰু শৰীৰত বিষ অনুভৱ হ’লে তেওঁ গামোচাখনেৰে বান্ধি আৰাম পাই বুলি কয়।

উল্লেখযোগ্য যে, আন্তঃৰাষ্ট্ৰীয় যোগ দিবসৰ পৰা আৰম্ভ কৰি বিভিন্ন অনুষ্ঠানত প্ৰধান মন্ত্ৰীগৰাকীয়ে অসমীয়া গামোচাখন ডিঙিত লৈ থকা প্ৰায়ে দেখা যায়।

অসমৰ বিজেপিৰ ৰাজনৈতিক নেতাসকলেও বিভিন্ন সময়ত মোডীৰ গামোছা প্ৰীতিৰ কথা নিৰ্বাচনী সভাত উল্লেখ কৰি আহিছে। স্বয়ং প্ৰধান মন্ত্ৰীগৰাকীয়ে অসমত অনুষ্ঠিত জনসভাত অসমীয়াৰ হেপাহৰ গামোচাখনক বহুবাৰ প্ৰসংশা কৰিছিল।

Related News