• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঘাইপথ মেৰামতিৰ বাবে দিয়া ধন আত্মসাৎ; তদন্তৰ দাবী মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
April 24, 2019 7:57 pm
807
VIEWS
Share on FacebookShare on Twitter

মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত পাৱৈৰ পৰা লিডু লৈকে থকা জৰাজীৰ্ণ ৩৮ নং ৰাষ্টীয় ঘাইপথছোৱাই অঞ্চলটোৰ ৰাইজক জীয়াতু ভোগাই আহিছে। বিগত প্ৰায় তিনিবছৰে পথটোৰ বিভিন্ন অংশত সৃষ্টি হৈছে দ’ দ’ গাঁত ৷

বিভিন্ন দল-সংগঠন আৰু অঞ্চলটোৰ ৰাইজে দীৰ্ঘদিন ধৰি পথছোৱা মেৰামতিৰ দাবী জনাই অহাৰ পিছত শেহতীয়াকৈ ৰাইজক সাময়িক সকাহ দিয়াৰ বাবে পথৰ জৰাজীৰ্ণ অংশ মেৰামতিৰ বাবে গড়কাপ্তানী বিভাগে প্ৰায় ৬০ লাখ টকা মোকলাই দিছিল ৷

কিন্তু ইয়াৰ পিছতো আজি পৰ্যন্ত পথটোৰ সামান্যতমো উন্নতি সাধন নহ’ল। আনহাতে ঠিকাদাৰে নামমাত্ৰ কাম কৰিয়ে মোকলাই দিয়া ধনৰ সিংহভাগ আত্মসাৎ কৰা বুলি গুৰুতৰ অভিযোগ উঠিছে।

ফলত আজি মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই অতি শীঘ্ৰে  পথটোৰ পুনঃনিৰ্মাণ আৰু মেৰামতিৰ নামত মোকলাই দিয়া ৬০ লাখ টকাৰ সন্দৰ্ভত তদন্ত কৰি দোষীৰ ওপৰত আইনগত ব্যৱস্থা ল’বলৈ দাবী জনাই মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে৷

মাৰ্ঘেৰিটা মহকুমাধিপতিৰ জৰিয়তে প্ৰেৰণ কৰা স্মাৰকপত্ৰৰ প্ৰতিলিপি গড়কাপ্তানী মন্ত্ৰী হিমন্তবিশ্ব শৰ্মা আৰু মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মালৈ প্ৰেৰণ কৰা হয়।

মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সভাপতি ৰামপ্ৰসাদ আম্বেদকাৰ আৰু সম্পাদক ৰাণাজ্যোতি নেওগ স্বাক্ষৰিত স্মাৰকপত্ৰখনৰ যোগে অহা ৭২ ঘণ্টাৰ ভিতৰত প্ৰসাশনে স্থিতি স্পষ্ট নকৰিলে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই  ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী লবলৈ বাধ্য হ’ব বুলি স্পষ্ট কৰি দিয়ে।

উল্লেখযোগ্য যে মাৰ্ঘেৰিটা, বৰগোলাই আৰু লিডুত মৰণফাণ্ডত পৰিণত হোৱা ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ বাবে মাৰ্ঘেৰিটাৰ বিধায়কৰ গৰাকীয়ে তেওঁৰ অতি ঘনিষ্ঠ বিতৰ্কিত ঠিকাদাৰ ৰঞ্জিত বৰপূজাৰীক ৭০ লাখ টকাৰ ঠিকা দিয়া বুলি ব্যাপক চৰ্চা হৈছিল।

আনহাতে ঠিকাদাৰ গৰাকীয়ে কেইটামান শিল-বালি পেলাই সিংহভাগ ধন আত্মসাৎ কৰা বুলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও অভিযোগ কৰি আহিছে৷

আজিৰ স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচীত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ প্ৰায় কেইজন বিষয়ববীয়া উপস্থিত থাকে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd