• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিতে বিবৃতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 21, 2025 5:30 pm
সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিতে বিবৃতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদ ভৱনত ২০২৫ চনৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংবাদ মাধ্যমক সম্বোধন কৰে। বৰ্ষাকালীন অধিৱেশনলৈ সকলোকে আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে বাৰিষা উদ্ভাৱন আৰু নৱীকৰণৰ প্ৰতীক, সমগ্ৰ দেশতে বৰ্তমান বতৰ অনুকূলভাৱে আগবাঢ়িছে, যি কৃষিৰ বাবে লাভজনক পূৰ্বাভাস কঢ়িয়াই আনিছে।

তেওঁ উল্লেখ কৰে যে বৰষুণে কেৱল গ্ৰাম্য অৰ্থনীতি আৰু দেশৰ সামগ্ৰিক অৰ্থনৈতিক গাঁথনিতে নহয়, প্ৰতিটো পৰিয়ালৰ আৰ্থিক কল্যাণৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।  মোদীয়ে উল্লেখ কৰে যে, বৰ্তমানৰ তথ্যৰ ভিত্তিত, যোৱা দহ বছৰৰ তুলনাত এই বছৰ পানী জলাশয়ৰ স্তৰ তিনিগুণ বৃদ্ধি পাইছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই বৃদ্ধিয়ে আগন্তুক দিনত ভাৰতৰ অৰ্থনীতিক যথেষ্ট লাভান্বিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ভাৰতীয় ত্ৰিৰংগ পতাকা উত্তোলন কৰাৰ ঐতিহাসিক মুহূৰ্তৰ আঁত ধৰি কয়, “বৰ্তমানৰ বৰ্ষাকালীন অধিৱেশন দেশৰ বাবে অত্যন্ত গৌৰৱৰ মুহূৰ্ত, ই ভাৰতৰ বাবে বিজয় উদযাপনৰ প্ৰতিনিধিত্ব কৰে“। প্ৰতিজন ভাৰতীয় নাগৰিকৰ বাবে ইয়াক এক অপৰিসীম গৌৰৱৰ উৎস বুলিও তেওঁ অভিহিত কৰে। তেওঁ গুৰুত্বসহকাৰে উল্লেখ কৰে যে এই কৃতিত্বই সমগ্ৰ দেশতে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ বাবে নতুন উৎসাহ আৰু উত্তেজনাৰ সৃষ্টি কৰিছে।  মোদীয়ে লগতে উল্লেখ কৰে যে ভাৰতৰ জনসাধাৰণৰ লগতে সমগ্ৰ সংসদ– লোকসভা আৰু ৰাজ্যসভা দুয়োখনেই এই সাফল্যৰ বাবে গৌৰৱ কৰিবলৈ একত্ৰিত হৈছে। তেওঁ লগতে কয় যে এই সামূহিক উদযাপনে ভাৰতৰ ভৱিষ্যতৰ মহাকাশ অন্বেষণ অভিযানৰ বাবে অনুপ্ৰেৰণা আৰু উৎসাহ হিচাপে কাম কৰিব।

চলিত বৰ্ষাকালীন অধিৱেশনক ভাৰতৰ বিজয়ৰ উদযাপন বুলি অভিহিত কৰি  মোদীয়ে কয় যে বিশ্বই ভাৰতৰ সশস্ত্ৰ বাহিনীৰ শক্তি আৰু সামৰ্থ্য প্ৰত্যক্ষ কৰিছে। অপাৰেচন সিন্দুৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে যে ভাৰতীয় সেনাই ১০০ শতাংশ সফলতাৰে নিজৰ লক্ষ্যত উপনীত হৈছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে মাত্ৰ ২২ মিনিটৰ ভিতৰতে অপাৰেচন সিন্দুৰৰ অধীনত ভাৰতৰ বাহিনীয়ে তেওঁলোকৰ নিজৰ ঘাটিত উচ্চ মূল্যৰ লক্ষ্যসমূহ নিষ্ক্ৰিয় কৰিছিল। তেওঁ উল্লেখ কৰে যে তেওঁ বিহাৰত এক ৰাজহুৱা অনুষ্ঠানত এই অভিযানৰ কথা ঘোষণা কৰিছিল আৰু সশস্ত্ৰ বাহিনীয়ে দ্ৰুতগতিত নিজৰ সামৰ্থ্য প্ৰমাণ কৰিছিল।

মোদীয়ে ভাৰতৰ উদীয়মান “মেড ইন ইণ্ডিয়া” প্ৰতিৰক্ষা সামৰ্থ্যৰ প্ৰতি বিশ্বৰ আগ্ৰহ বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰি কয় যে তেওঁৰ শেহতীয়া আন্তঃৰাষ্ট্ৰীয় মত বিনিময়ৰ সময়ত বিশ্বৰ নেতাসকলে ভাৰতৰ থলুৱাভাৱে বিকশিত সামৰিক সঁজুলিবোৰৰ প্ৰশংসা কৰিছে। তেওঁ আস্থা প্ৰকাশ কৰে যে অধিৱেশনৰ সময়ত সংসদে একক কণ্ঠেৰে এই বিজয়ক উদযাপন কৰিবলৈ একত্ৰিত হোৱাৰ লগে লগে ই ভাৰতৰ সামৰিক শক্তিক অধিক শক্তিশালী আৰু উৎসাহিত কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে এই সামূহিক মনোভাৱে নাগৰিকসকলকো অনুপ্ৰাণিত কৰিব আৰু প্ৰতিৰক্ষা খণ্ডৰ গৱেষণা, উদ্ভাৱন আৰু উৎপাদনক গতি প্ৰদান কৰিব, ভাৰতৰ যুৱক–যুৱতীসকলৰ বাবে নতুন নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই দশকত প্ৰতিটো খোজতে নিৰন্তৰ উন্নয়নৰ ভাৱনাৰ সৈতে শান্তি আৰু প্ৰগতি একেলগে আগবাঢ়ি যোৱাটো প্ৰতিফলিত হয়। তেওঁ উল্লেখ কৰে যে দেশখনে দীৰ্ঘদিন ধৰি বিভিন্ন হিংসাত্মক ঘটনাৰ সন্মুখীন হৈছে, সেয়া সন্ত্ৰাসবাদেই হওক বা নক্সালবাদ, যিবোৰ স্বাধীনতাৰ পিছৰে পৰা অব্যাহত আছে।

নক্সালবাদ আৰু মাওবাদৰ ভৌগোলিক প্ৰসাৰ এতিয়া দ্ৰুতগতিত হ্ৰাস পাইছে বুলি মন্তব্য কৰি  মোদীয়ে কয় যে ভাৰতৰ নিৰাপত্তা বাহিনীয়ে নতুন আত্মবিশ্বাস আৰু ত্বৰান্বিত প্ৰচেষ্টাৰে নক্সালবাদ আৰু মাওবাদক সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ লক্ষ্যৰ দিশত ক্ৰমাগতভাৱে অগ্ৰসৰ হৈছে। তেওঁ সগৌৰৱে দৃঢ়তাৰে কয় যে সমগ্ৰ দেশৰ শ শ জিলা এতিয়া নক্সাল হিংসাৰ কবলৰ পৰা ওলাই আহি মুক্তভাৱে উশাহ লৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে ভাৰতৰ সংবিধানে অস্ত্ৰ–শস্ত্ৰ আৰু হিংসাৰ ওপৰত জয়লাভ কৰিছে। তেওঁ উল্লেখ কৰে যে পূৰ্বৰ ‘ৰঙা কৰিডৰ’ এলেকাবোৰ এতিয়া দৃশ্যমানভাৱে ‘সেউজ বিকাশ অঞ্চল’ লৈ ৰূপান্তৰিত হৈছে, যিয়ে দেশৰ বাবে এক প্ৰতিশ্ৰুতিপূৰ্ণ ভৱিষ্যতৰ ইংগিত দিয়ে।

দেশপ্ৰেম আৰু ৰাষ্ট্ৰৰ কল্যাণৰ প্ৰতি সমৰ্পণেৰে চালিত এই অনুষ্ঠানসমূহে প্ৰতিজন সন্মানীয় সাংসদৰ বাবে গৌৰৱৰ মুহূৰ্তৰ প্ৰতিনিধিত্ব কৰে বুলি উল্লেখ কৰি  মোদীয়ে গুৰুত্বসহকাৰে কয় যে সংসদৰ এই বৰ্ষাকালীন অধিৱেশনত সমগ্ৰ দেশে প্ৰতিজন সাংসদ আৰু প্ৰতিটো ৰাজনৈতিক দলে কণ্ঠদান কৰা এই ৰাষ্ট্ৰীয় গৌৰৱৰ উদযাপন শুনিব।

২০১৪ চনত তেওঁলোকৰ চৰকাৰে দায়িত্ব লোৱাৰ সময়ত ভাৰত পাঁচটা দুৰ্বল অৰ্থনীতিৰ অংশ আছিল বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সেই সময়ত ভাৰতে বিশ্ব অৰ্থনৈতিক ৰেংকিঙত দশম স্থান দখল কৰিছিল, কিন্তু আজি ভাৰতে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে আৰু সেই মাইলৰ খুঁটিৰ দুৱাৰত টুকুৰিয়াইছে।

তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে ২৫ কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে, যিটো পৰিৱৰ্তনক বিশ্বৰ প্ৰতিষ্ঠানসমূহে বহুলভাৱে স্বীকৃতি দিছে আৰু প্ৰশংসা কৰিছে।  মোদীয়ে উল্লেখ কৰে যে ২০১৪ চনৰ পূৰ্বে ভাৰতে দুটা অংকৰ মুদ্ৰাস্ফীতিৰ সৈতে যুঁজিছিল। “আজি মুদ্ৰাস্ফীতিৰ হাৰ প্ৰায় ২ শতাংশ হোৱাৰ সময়ত নাগৰিকে সকাহ আৰু সহজ জীৱনধাৰণ লাভ কৰিছে। অধিক বিকাশৰ সৈতে নিম্ন মুদ্ৰাস্ফীতিয়ে এক শক্তিশালী আৰু স্থিৰ উন্নয়ন যাত্ৰাক প্ৰতিফলিত কৰিছে“,  মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “ডিজিটেল ইণ্ডিয়া আৰু ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ (ইউপিআই)ৰ দৰে পদক্ষেপে ভাৰতৰ উদীয়মান সামৰ্থ্য বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰিছে আৰু ভাৰতৰ ডিজিটেল পৰিৱেশ তন্ত্ৰৰ প্ৰতি আগ্ৰহ দ্ৰুতগতিত বৃদ্ধি পাইছে। তেওঁ মন্তব্য কৰে যে ইউ. পি. আয়ে ফিনটেক ক্ষেত্ৰত এক শক্তিশালী উপস্থিতি প্ৰতিষ্ঠা কৰিছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে বাস্তৱ–সময়ৰ ডিজিটেল লেনদেনৰ ক্ষেত্ৰত ভাৰতে বিশ্বক নেতৃত্ব দিছে, যিটো বিশ্বৰ আন যিকোনো দেশতকৈ অধিক।

আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ শেহতীয়া গোলকীয় সন্মিলনত ভাৰতৰ গুৰুত্বপূৰ্ণ কৃতিত্বৰ ওপৰত আলোকপাত কৰি  মোদীয়ে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা (আই. এল. অ ‘.) ৰ উদ্ধৃতি দি  প্ৰকাশ কৰে যে ভাৰতৰ ৯০ কোটিৰো অধিক লোকক এতিয়া সামাজিক সুৰক্ষাৰ অধীনত সামৰি লোৱা হৈছে, যিটো হৈছে সমাজ কল্যাণৰ ক্ষেত্ৰত এক যুগান্তকাৰী সাফল্য।

সাধাৰণতে বাৰিষাৰ বতৰত দেখা দিয়া চকুৰ ৰোগ ট্ৰেকোমাৰ পৰা ভাৰত মুক্ত বুলি বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰাৰ প্ৰসংগও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই স্বীকৃতি ভাৰতৰ জনস্বাস্থ্যৰ প্ৰতি চলোৱা প্ৰচেষ্টাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে।

বিশ্বক স্তম্ভিত কৰি সন্ত্ৰাসবাদ আৰু ইয়াৰ পৃষ্ঠপোষকসকলৰ প্ৰতি সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰা পহলগামত সংঘটিত নৃশংস হত্যাকাণ্ডৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে বেছিভাগ ৰাজনৈতিক দল আৰু ৰাজ্যৰ প্ৰতিনিধিয়ে দলীয় স্বাৰ্থৰ ঊৰ্ধ্বত দেশৰ সেৱাত আন্তঃৰাষ্ট্ৰীয় প্ৰচাৰ আৰম্ভ কৰিছিল। তেওঁ এই ঐকবদ্ধ কূটনৈতিক অভিযানৰ সফলতাৰ ওপৰত আলোকপাত কৰে, যি পাকিস্তানক বিশ্ব মঞ্চত সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক হিচাপে উদঙাই দিছিল।  

মোদীয়ে এই গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় পদক্ষেপ গ্ৰহণ কৰা সাংসদ আৰু ৰাজনৈতিক দলসমূহৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ কয় যে তেওঁলোকৰ এই প্ৰচেষ্টাই দেশত এক ইতিবাচক পৰিৱেশৰ সৃষ্টি কৰিলে আৰু সন্ত্ৰাসবাদৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগীৰ প্ৰতি আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ মন মুকলি কৰিলে। তেওঁ লগতে উল্লেখ কৰে যে ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি আগবঢ়োৱা এই গুৰুত্বপূৰ্ণ অৱদানত জড়িত সকলোকে প্ৰশংসা কৰাটো তেওঁৰ সৌভাগ্যৰ কথা।

একতাৰ শক্তি আৰু দেশক অনুপ্ৰাণিত তথা শক্তিশালী কৰা এক কণ্ঠস্বৰৰ মনোভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চলিত বৰ্ষাকালীন অধিৱেশনে এই মনোভাৱক বিজয়ৰ উদযাপন হিচাপে প্ৰতিফলিত কৰিব, ভাৰতৰ সামৰিক শক্তি আৰু ৰাষ্ট্ৰীয় ক্ষমতাক সন্মান জনাই ১৪০ কোটি নাগৰিকৰ বাবে অনুপ্ৰেৰণাৰ উৎস হিচাপে কাম কৰিব।  মোদীয়ে আস্থা প্ৰকাশ কৰে যে সামূহিক প্ৰচেষ্টাই প্ৰতিৰক্ষা খণ্ডত ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ অন্বেষণ শক্তিশালী কৰিব। তেওঁ দেশবাসীক সশস্ত্ৰ বাহিনীৰ শক্তিক স্বীকৃতি দিবলৈ আৰু প্ৰশংসা কৰিবলৈ আহ্বান জনায়। জনসাধাৰণ আৰু ৰাজনৈতিক দলসমূহক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে একতাৰ শক্তি আৰু একক কণ্ঠত কথা কোৱাৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰে। তেওঁ সংসদৰ সকলো সদস্যক সংসদত এই মনোভাবক আগবঢ়াই নিয়াৰো আহ্বান জনায়। ৰাজনৈতিক দলসমূহৰ বৈচিত্ৰ্য আৰু তেওঁলোকৰ নিজ নিজ কাৰ্যসূচীক স্বীকাৰ কৰি  মোদীয়ে কয় যে দলৰ স্বাৰ্থত মতামত ভিন্ন হ“ব পাৰে যদিও জাতীয় স্বাৰ্থৰ বিষয়ত অভিপ্ৰায়ৰ সামঞ্জস্য থাকিব লাগিব। দেশৰ উন্নয়ন বৃদ্ধি, নাগৰিকৰ সবলীকৰণ আৰু ভাৰতৰ প্ৰগতি শক্তিশালী কৰাৰ লক্ষ্যৰে এই অধিৱেশনত কেইবাখনো প্ৰস্তাৱিত বিধেয়ক অন্তৰ্ভুক্ত কৰাৰ নিশ্চয়তা দি তেওঁ বক্তব্যৰ সামৰণি মাৰে। তেওঁ লগতে সংসদৰ সকলো সদস্যক ফলপ্ৰসূ আৰু উচ্চ মানৰ বিতৰ্কৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

August 21, 2025 9:30 pm
ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

August 21, 2025 8:49 pm
ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ উদ্বেগ! ঐতিহাসিক ধনশিৰীমুখত ৰাজহুৱা সভাই ল’লে গণতান্ত্ৰিক আন্দোলনৰ সংকল্প  

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ উদ্বেগ! ঐতিহাসিক ধনশিৰীমুখত ৰাজহুৱা সভাই ল’লে গণতান্ত্ৰিক আন্দোলনৰ সংকল্প  

August 21, 2025 7:25 pm
অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

August 21, 2025 6:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

August 21, 2025 9:30 pm
ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

August 21, 2025 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd