NORTHEAST NOW (Assamese)

মঙলদৈৰ সভাত বিজয়া চক্ৰৱৰ্তী আৰু ৰমেন ডেকাক বিশেষ কৃতজ্ঞতা প্ৰধান মন্ত্ৰী মোডীৰ

April 11, 2019 3:38 pm · এন ই নাও নিউজ
মঙলদৈৰ বিশাল জনসভাত নৰেন্দ্ৰ মোডী। উৎস-ইণ্টাৰনেট

ৰাজ্যৰ পাঁচটা সমষ্টিত প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকাৰ সময়তে আজি দ্বিতীয় আৰু তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমত উপস্থিত হয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী। মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ বিশাল নিৰ্বাচনী সভাক সম্বোধন কৰে মোডীয়ে।

মঙলদৈৰ নিৰ্বাচনী সভাত মোডীয়ে ভাষণৰ আৰম্ভণিতে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু নৱৰাত্ৰিৰ সময়ত কামাখ্যা দেৱীৰ ওচৰলৈ আহিবলৈ পোৱাটো এক সৌভাগ্য বুলি কয়।

আনহাতে, ভাষণত মোডীয়ে গুৱাহাটী আৰু মঙলদৈৰ সাংসদ বিজয়া চক্ৰৱৰ্তী আৰু ৰমেন ডেকাক বিশেষ ধন্যবাদ জ্ঞাপন কৰে। সংগঠন কেনেকৈ কৰিব লাগে সেয়া ৰমেন ডেকা আৰু বিজয়া চক্ৰৱৰ্তীয়ে দেখুৱাই দিলে আমি সকলোৱে দুয়োগৰাকী ব্যক্তিক আদৰ্শ হিচাপে ল’ব লাগে বুলি মন্তব্য কৰে প্ৰধান মন্ত্ৰীয়ে।

নিৰ্বাচনত প্ৰাৰ্থীত্ব নোপোৱাৰ পাছতো দুয়োগৰাকী বিজেপিৰ নেতাই যিধৰণে দলক আগুৱাই নিয়াৰ বাবে চেষ্টা অব্যাহত ৰাখিছে তাৰবাবে দুয়োগৰাকী নেতাৰ শলাগ লয়। মোডীয়ে বিজেপিয়ে জনতাৰ আশীৰ্বাদত বিপুল জয়লাভ কৰি পুনৰবাৰ ক্ষমতালৈ আহিব বুলি কয়।

উল্লেখযোগ্য যে, মোডীয়ে আজি মঙলদৈৰ লগতে শিলচৰতো আন এখন জনসভাত অংশ গ্ৰহণ কৰিব। দুয়োটা সমষ্টিতে দ্বিতীয় পৰ্য্যায়ত অৰ্থাৎ ১৮ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব।

Related News