নতুন সংসদ ভৱনত ঐতিহাসিক ‘ছেংগ’ল’ বা ৰাজদণ্ড প্ৰতিষ্ঠা কৰিব প্ৰধানমন্ত্ৰীয়ে; কি এই Sengol?

দেওবাৰে লোকসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰাৰ দিনা ভাৰতৰ স্বাধীনতাৰ সৈতে জড়িত ঐতিহাসিক ‘ছেংগ’ল’ বা ৰাজদণ্ড স্থাপন কৰিব।

২৪ মে’ত দিল্লীৰ নেশ্যনেল মিডিয়া চেণ্টাৰত এক সংবাদমেলত অমিত শ্বাহে কয় যে ন্যায়ৰ শাসনৰ প্ৰতীক হিচাপে প্ৰধানমন্ত্ৰী মোদীয়ে সংসদত এই ৰাজদণ্ড স্থাপন কৰিব।

লগতে পঢ়ক: ৰক ‘এন’ ৰোলৰ ৰাণী কিংবদন্তি গায়িকা টিনা টাৰ্নাৰৰ ৮৩ বছৰ বয়সত মৃত্যু

১৯৪৭ চনৰ ১৪ আগষ্টত মাজনিশাৰ ঠিক আগতেই এই ৰাজদণ্ড ব্ৰিটিছ শাসকৰ পৰা ভাৰতৰ স্বাধীন চৰকাৰৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ হাতত ক্ষমতা অৰ্পণ কৰাৰ সাক্ষী হৈছিল। এতিয়ালৈকে সেই ৰাজদণ্ডটো এলাহাবাদৰ সংগ্ৰহালয়ত ৰখা হৈছিল। এইবাৰ ইয়াক সংসদ ভৱনত ৰখা হ’ব।

এই ৰাজদণ্ড অধ্যক্ষৰ মঞ্চৰ সন্মুখত স্থাপন কৰা হ’ব। অমিত শ্বাহে কয় যে প্ৰথমে পণ্ডিত জৱাহৰলাল নেহৰুক ৰাজদণ্ড অৰ্পণ কৰা তামিলনাডুৰ মঠৰ পুৰোহিতসকলে প্ৰধানমন্ত্ৰী মোডীক ৰাজদণ্ড অৰ্পণ কৰিব।

লগতে পঢ়ক:শিৱসাগৰত জুৱাৰ বেহা: জুৱাকেন্দ্ৰিক কাজিয়াত আঘাতপ্ৰাপ্ত বিজেপি নেতা

গৃহমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে নতুন সংসদ ভৱন দেশবাসীৰ বাবে উৎসৰ্গা কৰিব। প্ৰায় ৬০ হাজাৰ শ্ৰমিক এই নিৰ্মাণৰ কামত জড়িত আছিল আৰু সকলোকে সন্মান জনোৱা হ’ব।