ড° মনমোহন সিঙৰ বক্তব্যক বিকৃত ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপস্থাপন কৰা কাৰ্যক বিৰোধিতা উত্তৰ-পূৰ্বাঞ্চলৰ বৌদ্ধিক সমাজৰ

যোৱা দেওবাৰে ৰাজস্থানৰ বাঁশৱাৰা নামৰ এখন ঠাইত অনুষ্ঠিত হোৱা এক নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া ভাষণৰ এটা ভিডিও আমাৰ হাতত পৰিছেহি। ভাষণটোত তেওঁ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু দেশৰ এটা নিৰ্দিষ্ট সম্প্ৰদায়ক অতি নিৰ্লজ্জভাৱে হেয় প্ৰতিপন্ন কৰিছে। তেখেতে তেখেতৰ বক্তব্যৰ সমৰ্থনত মনমোহন সিঙৰ এটা পুৰণি বক্তব্যৰ পৰা এটা অংশ প্ৰসংগ সংগতিহীনভাৱে আৰু বিকৃতভাৱে উপস্থাপন কৰিছে। দেশৰ প্ৰধানমন্ত্ৰীৰ পদত থকা এগৰাকী ব্যক্তিয়ে ইমান সাম্প্ৰদায়িক মন্তব্য কৰাটোত আমি সঁচাকৈয়ে স্তম্ভিত। তেখেতৰ এনে বক্তব্য গণতন্ত্ৰ আৰু সাংবিধানিক প্ৰমূল্যৰ সম্পূৰ্ণ বিৰোধী আৰু দেশত বৰ্তমান চলি থকা নিৰ্বাচনী আচৰণ বিধিৰো দেখ দেখ উলংঘন।

আমি নিম্ন স্বাক্ষৰকাৰীসকলে প্ৰধানমন্ত্ৰী মোদীৰ উক্ত বক্তব্যৰ তীব্ৰ নিন্দা কৰোঁ আৰু দেশৰ নিৰ্বাচন আয়োগক এই সন্দৰ্ভত বিহিত ব্যৱস্থা ল’বলৈ আহ্বান জনাওঁ!

স্বাক্ষৰকাৰীসকল:
ডঃ হীৰেন গোহাঁই, কুলদা কুমাৰ ভট্টাচাৰ্য্য, ফাদাৰ থমাছ মেনামপৰমপীল, অপূৰ্ব শৰ্মা, হাইদৰ হুছেইন, ডঃ পৰমানন্দ মহন্ত, অজিত কুমাৰ ভূঞা, ডঃ চন্দ্ৰ মোহন শৰ্মা, ডঃ আবু নাছেৰ চাঈদ আহমেদ, ডঃ অৰূপা পটংগীয়া কলিতা, নিত্য বৰা, লক্ষ্মীনাথ তামুলী, শেৱালি চৌধুৰী, আব্দুল মান্নান, ডঃ মণিৰুল হুছেইন, ৰবীন দত্ত, দীপক গোস্বামী, পৰেশ মালাকাৰ, শান্তনু বৰঠাকুৰ, ডঃ ৰশ্মি গোস্বামী, যশোময়ী দেৱী, ইন্দ্ৰাণী দত্ত, সুমিত্ৰা হাজৰিকা, ৰাজেন কলিতা, শিৱানন্দ কাকতি, জ্ঞান পূজাৰী, দেৱব্ৰত দাস, সীতানাথ লহকৰ, ডাঃ তৌফিকুৰ ৰহমান বৰবৰা, পূৰ্ণেশ্বৰ নাথ, এছ আৰ শইকীয়া, ডঃ হাছিম আহমেদ, ধনীৰাম তালুকদাৰ, ডঃ কমল বৰা, দীনেশ দত্ত, আব্দুল চালাম, জিয়াউদ্দিন মুনুৱাৰুল হক, চন্দন চুতীয়া, মাইনী মহন্ত, সবিতা লহকৰ, ৰূপালীম দত্ত, সুপৰ্ণা লাহিড়ী বৰুৱা, চৈয়দা মছফিকা বেগম, আইনুদ্দিন আহমেদ, ডঃ ঘনশ্যাম নাথ, ডঃ অহিজুদ্দিন শ্বেইখ, নাৰায়ণ দেৱনাথ, দ্বিজেন বৰ্মন, ডাঃ জীৱন চন্দ্ৰ দত্তবৰুৱা, হৰিশ চন্দ্ৰ নাথ, নজিবুদ্দিন আহমেদ, ডাঃ ভবেশ ভাগবতী, ডাঃ অনিল কুমাৰ চৌধুৰী, ডঃ পিনাকী সেনগুপ্ত, ডাঃ সুজিত চক্ৰবৰ্তী, শংকৰ শইকীয়া, ডঃ পৰমানন্দ মজুমদাৰ, নীৰেন ঠাকুৰীয়া, গুণীন চৌধুৰী, দুদুলমণি শৰ্মা, গজেন কলিতা, বেদব্ৰত বৰা, চক্ৰেশ্বৰ কছাৰী, ৰেজা আহমেদ, ৰমনীকান্ত দাস, অঞ্জন গোস্বামী, গীতা দেৱী গগৈ, কানন মোহন দত্ত, জয়গোবিন্দ শইকীয়া, বেগম বিলকিছ বানু, ডঃ ৰেকিবুদ্দিন আহমেদ, জয়নাল আবেদিন, ডঃ হাফিজ আহমেদ, ডঃ দেৱব্ৰত শৰ্মা, দীপেন কাকতী, ত্ৰিদীব দত্ত, মৃদুল কুমাৰ বৰা, মনোৰঞ্জন গোস্বামী, মহেন্দ্ৰ খনিকৰ, যামিনী বৰবৰুৱা, দিব্যেন্দু দাস, প্ৰমোদ মহন্ত, দিলীপ কুমাৰ বৰদলৈ, নিৰ্মল গগৈ, নিৰঞ্জন মহন্ত, কমল শৰ্মা, চৈয়দ নফৰুল্লা ইন্তেজাম, চৈয়দ নুৰুল ইছলাম, মৰিয়ম বেগম, চৈয়দ ৰকিব হুছেইন, আবু নাচেৰ, জাৰজুম ইটে, হেম্বি আদা – অৰুণাচল প্ৰদেশ, মেৰী বেথ চানাটে- মণিপুৰ, কাইচৰবৰ পাইথো, তৰুণ ভাড়তীয়া, থমা ইউ ৰাংলি জুকি, ডঃ মোচেচ খাৰবিথাই – শ্বিলং, আম্বা জামিৰ, চেমুকেদিমা, আলেমটেমচি জামিৰ- নগালেণ্ড