NORTHEAST NOW (Assamese)

৯৬ সংখ্যক জন্মজয়ন্তীত প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীলৈ ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

December 25, 2020 12:03 pm · এন ই নাও নিউজ

দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী তথা বিজেপিৰ পিতামহ স্বৰূপ অটল বিহাৰী বাজপেয়ীৰ ৯৬ সংখ্যক জন্মজয়ন্তী উপলক্ষে আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধান মন্ত্ৰী মোদীৰ উপৰিও কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ, ৰেল মন্ত্ৰী পিযুষ গোৱেল আৰু অন্যান্য মন্ত্ৰী তথা বিজেপিৰ নেতা সকলেও প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীৰ জন্মজয়ন্তী উপলক্ষ্যে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

‘‘অটল বিহাৰী বাজপেয়ীয়ে দেশক বিকাশৰ সৰ্বোচ্চ স্তৰলৈ লৈ গৈছিল,’’ নৰেন্দ্ৰ মোদীয়ে এইদৰে টুইট কৰে।

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৯৬ সংখ্যক জন্মজয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

‘‘এগৰাকী প্ৰকৃত ৰাষ্ট্ৰনায়ক, দুৰদৰ্শী নেতা আৰু কবি….জন্মজয়ন্তীত ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো,’’ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰে।

 

Related News