অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেলবৰ্ণত অনুষ্ঠিত হ’বলগীয়া বক্সিং ডে’ টেষ্টৰ বাবে এঘাৰজনীয়া ভাৰতীয় দল ঘোষণা কৰে বি চি চি আয়ে।
শুকুৰবাৰে ঘোষণা কৰা এঘাৰজনীয়া ভাৰতীয় দলত নতুন মুখ হৈছে অপেনিং বেটছমেন শুভমন গীল আৰু বেগী বলাৰ মহম্মদ চিৰাজ।
শুভমন গীল আৰু মহম্মদ চিৰাজৰ মেলবৰ্ণত আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত অভিষেক ঘটিব।
আনহাতে, উইকেট কীপাৰ বেটছমেন ঋদ্ধিমান সাহাক অতিক্ৰমি ঋষভ পণ্টে উইকেট কীপাৰ বেটছমেন হিচাপে ভাৰতীয় দলত স্থান লাভ কৰিছে।
ইপিনে, টি-২০ শৃংখলাত আঘাতপ্ৰাপ্ত ৰবীন্দ্ৰ জাদেজা পুনৰ ভাৰতীয় দলৰ মাজলৈ উভতি আহিছে।
বক্সি ডে টেষ্টত ভাৰতীয় দলটোৱে ছয়গৰাকী বেটছমেন আৰু পাঁচগৰাকী বলাৰেৰে অৱতীৰ্ণ হ’ব।
পাঁচগৰাকী বলাৰৰ ভিতৰত ৰবীন্দ্ৰ জাডেজা আৰু ৰবিচন্দ্ৰন আশ্বিন অলৰাউণ্ডাৰ।
বিৰাট কোহলীৰ অনুপস্থিতি আজিংক ৰাহানে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বাকী থকা টেষ্ট কেইখনত ভাৰতীয় দলক নেতৃত্ব প্ৰদান কৰিব।