NORTHEAST NOW (Assamese)

প্ৰিয়ংকাৰ শৰীৰত জিলিকিছে দক্ষিণ ভাৰতৰ শাৰী : অনেকেই মনত পেলাইছে ইন্দিৰা গান্ধীলৈ

November 28, 2024 8:40 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: November 28, 2024 8:23 pm

আজি লোকসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰে প্ৰিয়ংকা গান্ধীয়ে। শপত অনুষ্ঠানলৈ প্ৰিয়ংকাই পিন্ধি আহে কেৰালাৰ পৰম্পৰাগত শাৰী কাচাভু। প্ৰিয়ংকাৰ শৰীৰৰ কাচাভু শাৰীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

অৱশ্যে প্ৰিয়ংকাক এই সাজত দেখা পায় ইন্দিৰা গান্ধীৰ এক প্ৰচ্ছায়া বিচাৰি পায় প্ৰিয়ংকাৰ শৰীৰত। বহুতেই প্ৰিয়ংকাক ইন্দিৰা গান্ধীৰ ব্যক্তিত্বৰ লগতো তুলনা কৰে।

উল্লেখ্য যে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আছিল দেশৰ অন্যতম শক্তিশালী নেতৃত্বৰ প্ৰতীক। ভাৰতীয় ঐতিহ্যক তেওঁ সদায় সন্মান কৰিছিল। সেই ফালৰ পৰা ইন্দিৰাৰ প্ৰিয় পোছাক আছিল শাৰী।

গোটেই দেশখনে জানিছিল যে বিভিন্ন পৰম্পৰাগত শাৰী পিন্ধিছিল ইন্দিৰা গান্ধীয়ে।

আজি ইমান বছৰৰ পাছত নাতিনী প্ৰিয়ংকাই শাৰী পিন্ধি সংসদলৈ অহাৰ সিদ্ধান্তই একে ধৰণে ইন্দিৰাৰ প্ৰতি থকা প্ৰেম আৰু শ্ৰদ্ধাৰ ছবিখন দাঙি ধৰিছে। প্ৰিয়ংকাৰ সাজ-পোছাকৰ বাছনিয়ে আইতাকৰ আত্মবিশ্বাস, ব্যক্তিত্ব আৰু ৰাজনৈতিক মূল্যবোধৰ কথা মনত পেলাই দিছে।

গতিকে আজি প্ৰিয়ংকাই এই শাৰীখন পিন্ধাটো কেৱল কেৰালাৰ পৰম্পৰাৰ প্ৰতি শ্ৰদ্ধা জনোৱাই নহয়, ই হৈছে ইন্দিৰা গান্ধীৰ এক প্ৰতিফলন। এই শাৰীয়ে আজি দেশৰ ৰাজনৈতিক মহললৈ এক গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিছে।

Related News