যোগী আদিত্য নাথৰ প্ৰশংসাত পঞ্চমুখ প্ৰিয়ংকা চোপ্ৰা

UNICEF ৰ গুড উইল এম্বেচাদৰ হিচাপে উত্তৰ প্ৰদেশ ভ্ৰমণ কৰাৰ সময়তে এখন ৰাজহুৱা সভাত উপস্থিত হৈ যোগীক প্ৰশংসা কৰিলে বিশ্ব অভিনয় জগতৰ তাৰকা প্ৰিয়ংকা চোপ্ৰাই।

তিনি বছৰৰ মূৰত ভাৰতলৈ আহি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ প্ৰশংসাত পঞ্চমুখ দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰা। UNICEF ৰ গুড উইল এম্বেচাদৰ হিচাপে উত্তৰ প্ৰদেশ ভ্ৰমণ কৰাৰ সময়তে এখন ৰাজহুৱা সভাত উপস্থিত হৈ যোগীক প্ৰশংসা কৰিলে বিশ্ব অভিনয় জগতৰ তাৰকা প্ৰিয়ংকা চোপ্ৰাই।

মঙলবাৰে উত্তৰ প্ৰদেশৰ ৰাজধানী লখনৌত অনুষ্ঠিত হোৱা UNICEF ৰ এখন ৰাজহুৱা সভাত যোগী আদিত্য নাথক প্ৰশংসাৰে উপছাই প্ৰিয়ংকাই কয় যে উত্তৰ প্ৰদেশ বৰ্তমান শিশুৰ উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িছে। শিশু খাদ্যকে ধৰি, শিশু স্বাস্থ্যৰ ভালেমান আঁচনি আদিত্যনাথ চৰকাৰে সফলতাৰে সাকাৰ কৰিছে বুলি সভাখনত বক্তব্য প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে। লগতে প্ৰিয়ংকাই কয় যে উত্তৰ প্ৰদেশত নাৰীজনিত অপৰাধ ৰোধ কৰাত আৰু নাৰীক সম মৰ্যদা দিয়াৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িছে যোগী আদিত্যনাথ।

UNICEF ৰ গুড উইল এম্বেচাদৰ হিচাপে উত্তৰ প্ৰদেশলৈ আহি যোৱা দুদিনত ভালেকেইখন অংগনবাড়ী কেন্দ্ৰ পৰিদৰ্শন কৰাৰ লগতে শিশু সকলৰ লগত সময় অতিবাহিত কৰিছে প্ৰিয়ংকাই। উল্লেখ্য যে বিবাহ সূত্ৰে আমেৰিকাৰ বাসিন্দা সুদীৰ্ঘ তিনি বছৰৰ মূৰত স্বদেশলৈ আহিছে।