প্ৰিয়ংকা চোপ্ৰাক এতিয়া বলীউডত বিশেষ দেখা পোৱা নাযায়। ‘দেশী গাৰ্ল’ হিচাপে পৰিচিত এইগৰাকী অভিনেত্ৰীয়ে পশ্চিমীয়া বিশ্বত যি সফলতা লাভ কৰিছে সেয়া এক কথাত ঈৰ্ষণীয়! মিছ ৱৰ্ল্ডৰ মুকুট লাভ কৰি লাইমলাইটলৈ অহাৰ পিছত বলীউডত অভিষেক ঘটিছিল। কিন্তু ৰূপালী পৰ্দাৰ জগতখনত তেওঁৰ যাত্ৰা সহজ নাছিল। এবাৰ এখন ছবিৰ শ্বুটিঙৰ সময়ত এজন পৰিচালকে ‘প্ৰিয়ংকাৰ অন্তৰ্বাস চাব বিচাৰিছিল’। শেহতীয়াকৈ এটা সাক্ষাৎকাৰত তেওঁ সেই তিক্ত অভিজ্ঞতাৰ বিষয়ে সদৰী কৰিছে।
পৰিচালকগৰাকীৰ আপত্তিজনক আচৰণৰ কথা কওঁতে অভিনেত্ৰীগৰাকীয়ে কয় যে সেই মুহূৰ্তটো আছিল ‘অমানৱীয়’। প্ৰিয়ংকাই পৰিচালকৰ নাম বা ছবিখনৰ নাম প্ৰকাশ কৰা নাই। অৱশ্যে ২০০২-০৩ চনত এই কাণ্ডৰ সন্মুখীন হোৱা বুলিও তেওঁ কয়। ছবিখনত তেওঁ ‘আণ্ডাৰকাভাৰ এজেণ্ট’ৰ চৰিত্ৰত অভিনয় কৰিছিল।
লগতে পঢ়ক: মহানগৰীৰ খাৰঘূলিৰ পানীৰ পাইপ বিস্ফোৰণৰ ঘটনাত ২ জনৰ মৃত্যু, বিধ্বস্ত ৪০ টাৰো অধিক ঘৰ
‘দ্য জ’ ৰিপ’ৰ্ট’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰিয়ংকাই কয়, ‘২০০২-০৩ চনৰ কথা, মই এটা আণ্ডাৰকাভাৰ চৰিত্ৰত অভিনয় কৰি আছিলো আৰু মই এজন মানুহক প্ৰলোভিত কৰিবলৈ লৈছিলো – আণ্ডাৰকাভাৰত থাকিলে সেইটোৱেই কৰিবলগীয়া হয়, ই স্বাভাৱিক। এটা মুহূৰ্তত মোৰ কাপোৰ খুলিব লগা হ’ল।মই কেইবাটাও পোছাক পিন্ধিব বিচাৰিছিলো। কিন্তু পৰিচালকে ক’লে, মই অন্তৰ্বাস চাব বিচাৰো। নহ’লে কোনোৱে ছবিখন চাবলৈ কিয় আহিব?’
তাৰ পাছত প্ৰিয়ংকাই কয়, ‘তেওঁ কেৱল মোকেই এই কথা কোৱা নাছিল। এই নিৰ্দেশনা তেওঁ মোৰ ষ্টাইলিষ্টক দিছিল। সেই মুহূৰ্তটো আছিল অতি অমানৱীয়। ভাৱ হৈছিল মোৰ শিল্পকলা গুৰুত্বপূৰ্ণ নহয়, মোক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি সেয়াহে গুৰুত্বপূৰ্ণ আছিল। মই কি কাম কৰিব পাৰিম সেইটো নহয়।‘ সেই ছবিখনত দুদিন কাম কৰাৰ পিছত প্ৰিয়ংকাই ছবিখন এৰি থৈ আহে।
পিছত পিতৃ অশোক চোপ্ৰাৰ নিৰ্দেশত প্ৰিয়ংকাই সেই দুদিনত তেওঁৰ নামত প্ৰডাকচন কোম্পানীটোৱে খৰচ কৰা সকলো টকা ঘূৰাই দিয়ে। লগতে পাৰিতোষিকৰ আগতীয়াকৈ লোৱা ধন ঘূৰাই দিয়ে। ইয়াৰ পূৰ্বে প্ৰিয়ংকাই তেওঁৰ আত্মজীৱনী ‘আনফিনিছ’ত এই ঘটনাৰ কথা উল্লেখ কৰিছে।
লগতে পঢ়ক: অসমৰ ফেশ্বন উদ্যোগী ৰূপালী বৰুৱাৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল অভিনেতা আশীষ বিদ্যাৰ্থী
অভিনেত্ৰীগৰাকীৰ মতে, সেই পৰিচালকৰ চকুৰে কাম কৰি যোৱাটো তেওঁৰ বাবে সম্ভৱ নাছিল। সেই ছবিখন এৰি যোৱাৰ পিছতো অভিনেত্ৰীগৰাকীয়ে আন এখন ছবিৰ চেটত পৰিচালকজনক লগ পাইছিল। পৰিস্থিতি ইমানেই হাতৰ বাহিৰলৈ যাবলৈ ওলাইছিল যে সেই মুহূৰ্তটো চম্ভালিবলৈ ছলমান খানে হস্তক্ষেপ কৰিবলগীয়া হৈছিল।