ইভিএমত জালিয়াতি নকৰিলে বিজেপিয়ে ১৮০ খনতকৈ অধিক আসন নাপায়; দাবী প্ৰিয়ংকা গান্ধীৰ

প্ৰিয়ংকা গান্ধী। ফটোঃ সংগ্ৰহীত।

বিজেপিয়ে ১৫০খনতকৈ অধিক আসন নাপায় বুলি দাবী কৰিছে ৰাহুল গান্ধীয়ে। কংগ্ৰেছ নেতাগৰাকীৰ এই মন্তব্যই তোলপাৰ লগাইছে। এইবাৰ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ৰাহুলৰ দৰে বিজেপিৰ আসনৰ সম্পৰ্কত ভৱিষ্যদ্বাণী কৰিছে।

উত্তৰ প্ৰদেশৰ চাহাৰনপুৰত দলীয় কাৰ্যসূচীৰ পিছত প্ৰিয়ংকাই কয় যে বিজেপিয়ে কোনো প্ৰকাৰে ১৮০ খনতকৈ অধিক আসন নাপায়। একে সময়তে মূল্যবৃদ্ধি আৰু নিবনুৱা সমস্যাক লৈ তেওঁ মোডী চৰকাৰক সমালোচনা কৰে।

প্ৰিয়ংকাৰ ভাষাত ৪০০ পাৰ কৰাৰ যিমানেই শ্লোগান নিদিয়ক কিয়, ইভিএমত জালিয়াতি নকৰিলে ১৮০খনতকৈ অধিক আসন নাপায়। এনেদৰেই প্ৰিয়ংকাই বিজেপিৰ নাম নোলোৱাকৈ ইভিএম ৰিগিঙৰ অভিযোগ উত্থাপন কৰে।

লগতে পঢ়কঃ নিৰ্বাচনী বণ্ড বৃহত্তম কেলেংকাৰী, প্ৰধানমন্ত্ৰী হৈছে দুৰ্নীতিগ্ৰস্তসকলৰ মুৰব্বী: আক্ৰমণ ৰাহুলৰ

তেওঁৰ মন্তব্য, কি ভিত্তিত তেওঁলোকে ৪০০ তকৈ অধিক আসন পোৱাৰ দাবী কৰিছে নাজানো। ইতিমধ্যে তেওঁলোকে কিছু জালিয়াতি কৰা যেন লাগে, সেইবাবেই তেওঁলোকে ৪০০ৰো অধিক আসন লাভ কৰাৰ দাবী কৰিছে।

বিজেপিৰ আসনক লৈ মুখ মেলিলেও প্ৰিয়ংকাই ইণ্ডিয়া মিত্ৰজোঁটৰ আসনখনৰ বিষয়ে পোনপটীয়াকৈ একো ক’ব বিচৰা নাই। তেওঁৰ মতে মই কোনো জ্যোতিষী নহয়। কিন্তু আমি এইবাৰ ভাল সংখ্যক আসন পাবলৈ ওলাইছো। যোৱাবাৰতকৈ আমি অধিক আসন পাম। মানুহে পৰিৱৰ্তন বিচাৰে। উত্তৰাখণ্ড, ৰাজস্থানলৈ গৈছিলো৷ এই ৰাজনীতি চাই মানুহ ভাগৰি পৰিছে। খৰচ কৰিবলৈ মানুহৰ টকা নাই। সাধাৰণ মানুহৰ সমস্যাক লৈ মৌন বিজেপি।

প্ৰিয়ংকাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপি নেতাসকলক কঠোৰ ভাষাৰে আক্ৰমণ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোডী আৰু বিজেপি নেতাসকলে মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, কৃষক আৰু মহিলাসকলৰ সমস্যাৰ বিষয়ে কথা কোৱা নাই। তেওঁলোকে প্ৰকৃত বিষয়বোৰৰ পৰা মনোযোগ আঁতৰাই পেলাব বিচাৰে। সংবাদ মাধ্যমে প্ৰধানমন্ত্ৰীক সুধিব লাগে যে তেওঁৰ দলৰ নেতাসকলে কিয় সংবিধান সলনি কৰাৰ কথা কৈছে। সংবিধানত মানুহৰ অধিকাৰ সুৰক্ষিত কৰাৰ কথা কোৱা হৈছে। সেয়া সলনি কৰিব নোৱাৰি।