NORTHEAST NOW (Assamese)

এইখন সংবিধান, সংঘৰ বিধান নহয় : সংসদৰ প্ৰথমটো ভাষণত বিজেপিক তুলাধূনা প্ৰিয়ংকা গান্ধীৰ

December 13, 2024 8:38 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

জৱাহৰলাল নেহেৰুৰ পৰিয়ালৰ চতুৰ্থ প্ৰজন্মৰ প্ৰতিনিধি প্ৰিয়ংকা গান্ধী ভাদ্ৰাই আজি প্ৰথমবাৰৰ বাবে সংসদত সম্বোধন কৰে। কেৰালাৰ ৱায়ানাদ সমষ্টিৰ লোকসভাৰ সদস্য প্ৰিয়ংকাই ভাষণত জাতিভিত্তিক লোকপিয়লৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

প্ৰিয়ংকাৰ প্ৰথম লোকসভা ভাষণ শুনিবলৈ উপস্থিত আছিল তেওঁৰ স্বামী ৰবাৰ্ট ভাদ্ৰা আৰু তেওঁলোকৰ পুত্ৰ। কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ভাষণৰ আৰম্ভণিৰে পৰা কেন্দ্ৰীয় চৰকাৰক লক্ষ্য কৰি লৈছিল। তেওঁ কয় যে দেশত জাতিভিত্তিক লোকপিয়লৰ ক্ষেত্ৰত আৰম্ভণিৰে পৰাই চৰকাৰে সংগ্ৰাম কৰি আহিছে। তেওঁৰ মতে, জাতিভিত্তিক লোকপিয়ল সময়ৰ দাবী । কাৰণ ইয়াৰ দ্বাৰা চৰকাৰী নীতি ৰূপায়ণ বহুত সহজ হৈ পৰিব। আনহাতে এই চৰকাৰে সংবিধান দুৰ্বল কৰি তুলিছে।

প্ৰিয়ংকাই লগতে কয় যে আমাৰ সংবিধান আমাৰ ঢাল। যিয়ে দেশৰ জনসাধাৰণক সুৰক্ষিত কৰি ৰাখে। ন্যায়, ঐক্য, সংহতি, প্ৰকাশৰ কৱচ আমাৰ সংবিধান। কিন্তু দুখৰ বিষয় যে যোৱা ১০ বছৰ ধৰি শাসকীয় দলে আমাৰ সংবিধানখন শেষ কৰিবলৈ চেষ্টা কৰি আহিছে।

Related News