• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চায়ত নির্বাচন দলীয় প্রতীকৰ পৰা মুক্ত কৰাৰ মাজেৰে অবাধ ধনৰ লেনদেনৰ পথ মুকলি কৰিব বিচৰা হৈছে: চিপিআই(এম)

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 13, 2024 9:30 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত পঞ্চায়ত নির্বাচন সম্পর্কে মুখ্যমন্ত্রীয়ে প্রকাশ কৰা কেতবোৰ মন্তব্যই সমগ্র পঞ্চায়তী ব্যৱস্থা তথা ক্ষমতাৰ বিকেন্দ্ৰীকৰণ আৰু তৃণমূল পৰ্যায়ৰ গণতন্ত্ৰৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে। পঞ্চায়তত যোগ্য ব্যক্তি নিৰ্বাচন কৰাৰ স্বাৰ্থত পঞ্চায়তৰ ৱাৰ্ডৰ ক্ষেত্ৰত ৰাজনৈতিক দলৰ প্ৰতীক অবিহনে নির্বাচন অনুষ্ঠিত কৰাৰ গুৰুত্ব আছে বুলি মুখ্যমন্ত্রীয়ে বক্তব্য প্রদান কৰিছে। অথচ সেই একেই যুক্তি আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্য নিৰ্বাচন কৰাৰ ক্ষেত্ৰত প্রযোজ্য কৰা নাই। আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সদস্যসকল ৰাজনৈতিক দলৰ প্ৰতীকতেই যিহেতু নির্বাচিত হ’ব, সেয়ে তেনে লোক নিকা আৰু যোগ্য হোৱাটো বাঞ্ছনীয় নহয় নেকি?

আচলতে মুখ্যমন্ত্ৰীৰ এনেবোৰ তৰল আৰু টুলুঙা যুক্তিৰ কোনো বাস্তৱ ভিত্তি নাই। বৰং পঞ্চায়ত ৱাৰ্ড সদস্যৰ বেলিকা দলীয় প্রতীক ব্যৱহাৰ নহ’লে ভোটাৰসকলৰ নিৰক্ষৰ অংশটো নিশ্চিতভাৱে বিপাঙত পৰিব আৰু নিজৰ মনঃপুত প্রার্থীগৰাকীৰ পক্ষে ভোট প্রদান কৰাত গুৰুতৰ সমস্যাৰ সম্মুখীন হ’ব। তদুপৰি প্ৰতীকৰ ক্ষেত্ৰত এই দ্বৈত ব্যৱস্থাই দুর্নীতি আৰু ভ্ৰষ্টাচাৰৰ পথ প্রশস্ত কৰাৰ লগতে পঞ্চায়ত ৱাৰ্ডৰ জয়ী হোৱা সদস্যক ক্ৰয় কৰাৰ এক সুযোগ শাসনাধিষ্ঠিত দলটোক প্রদান কৰিব। চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিৰ সুস্পষ্ট অভিমত যে পঞ্চায়ত নির্বাচন দলীয় প্রতীকৰ পৰা মুক্ত কৰাৰ মাজেৰে অবাধ ধনৰ লেনদেনৰ পথহে মুকলি কৰি দিয়া হ’ব।

Apply Now

ফলত তৃণমূল পর্যায়লৈ গণতন্ত্ৰৰ সম্প্ৰসাৰণ ভেকো-ভাওনা তথা প্রহসনত পৰিণত হ’ব। আচলতে মুখ্যমন্ত্রীয়ে টকা-পইচাৰ অবাধ লেন-দেন, বিভিন্ন প্ৰকাৰৰ প্রলোভন, ভয়-ভীতি প্ৰদৰ্শন আদিৰ মাজেৰে নিৰ্বাচিত ৱাৰ্ড সদস্যসকলক শাসক বিজেপিৰ ফলীয়া কৰি পঞ্চায়তবোৰ দখল কৰাৰ পৰিকল্পনা কৰিছে। অন্যহাতে সময়ে সময়ে কেৱল মুখ্যমন্ত্ৰীয়েহে পঞ্চায়ত নির্বাচন সম্পৰ্কীয় ঘোষণা কৰি থকাৰ ঘটনাই ৰাজ্যিক নির্বাচন আয়োগৰ ভূমিকাৰ ওপৰতো প্ৰশ্নৰ অৱতাৰণা কৰিছে।

পঞ্চায়ত নিৰ্বাচনটো ৰাজ্যিক নির্বাচন আয়োগে অনুষ্ঠিত কৰিব নে মুখ্যমন্ত্ৰীয়ে কৰিব? ৰাজ্যিক নির্বাচন আয়োগৰ নির্বাক ভূমিকাৰ বিপৰীতে বহুবল্কী মুখ্যমন্ত্ৰীৰ পঞ্চায়ত নিৰ্বাচন সম্পর্কীয় বিভিন্ন ঘোষণাই সমগ্র নির্বাচনী প্রক্ৰিয়াটোৰ স্বাধীন আৰু নিৰপেক্ষ চৰিত্ৰক আঘাত কৰিব আৰু সামগ্রিকভাৱে গণতান্ত্রিক প্রক্রিয়াটোক দুৰ্বল কৰিব। মুখ্যমন্ত্ৰীৰ এনেবোৰ কাণ্ডই অনাগত পঞ্চায়ত নির্বাচনটোত শাসকীয় দলটোক অন্যায়ভাৱে সহায় কৰিব। সেয়ে মুখ্যমন্ত্ৰীৰ নেতৃত্বত সমাগত পঞ্চায়ত নির্বাচনটোক এক প্রহসনলৈ ৰূপান্তৰ কৰাৰ দুর্ভাৱনাই দেখা দিছে। এনে প্রেক্ষাপটত পঞ্চায়ত নির্বাচন সম্পর্কত চি পি আই (এম)-এ ৰাজ্যিক নির্বাচন আয়োগক সকলো দিশ স্পষ্ট কৰিবলৈ দাবী জনাইছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd