প্ৰিয়ংকা গান্ধীয়ে সংসদলৈ লৈ গ’ল ‘পেলেষ্টাইন’ৰ বেগঃ কঠোৰ সমালোচনা বিজেপিৰ
ইজৰাইল-হামাছৰ সংঘাতত কোন সঠিক আৰু কোন ভুল সেই সম্পৰ্কে সৰ্বত্ৰ চৰ্চা চলিছে। বহুতে পেলেষ্টাইনীসকলৰ ওপৰত কৰা এই আক্ৰমণক গৰিহণা দিছে। এই বিষয়টোৱে এইবাৰ ভাৰতৰ সংসদক চুই গ’ল। কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধীয়ে সংসদলৈ লৈ গ’ল ‘পেলেষ্টাইন’ লিখা বেগ এটা। সেইটোৱেই হুলস্থুলৰ সৃষ্টি কৰিলে সংসদত।
ইয়াৰ পূৰ্বেও কেইবাবাৰো কংগ্ৰেছ নেত্ৰী হিচাপে গাজাৰ আক্ৰমণ সন্দৰ্ভত প্ৰিয়ংকা গান্ধীয়ে মুখ মেলিছে। এইবাৰ তেওঁ সাংসদ হিচাপে নিজৰ স্থিতি স্পষ্ট কৰিলে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে প্ৰিয়ংকা গান্ধীয়ে ‘পেলেষ্টাইন’ৰ বেগ লৈ থকা এখন ছবি। আন এগৰাকী কংগ্ৰেছ নেত্ৰী সামা মহম্মদে লিখিছে, প্ৰিয়ংকাই স্পষ্টকৈ কৈছে যে জেনেভা সন্ধি কোনেও উলংঘা কৰিব নোৱাৰে। তেওঁ ন্যায় আৰু মানৱতাৰ আদৰ্শ দাঙি ধৰিব বিচাৰিছিল।
স্বাভাৱিকতে প্ৰিয়ংকা গান্ধীৰ এই ছবিখন ছচিয়েল মিডিয়াত শীঘ্ৰে ভাইৰেল হৈ পৰিল। বিজেপিয়েও এই সন্দৰ্ভত মুখ মেলিছে। দলৰ মুখপাত্ৰ সম্বিত পাত্ৰই কংগ্ৰেছক সমালোচনা কৰি কয়, “গান্ধী পৰিয়ালে সদায় এনেদৰে প্ৰশংসাৰ মোনা কঢ়িয়াই লৈ ফুৰে। আৰু সেইবাবেই নির্বাচনত তেওঁলোকৰ ফলাফল এনেকুৱা।”
উল্লেখ্য যে, চলিত বৰ্ষৰ আৰম্ভণিতে প্ৰিয়ংকা গান্ধীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক আক্ৰমণ কৰিছিল। তেওঁৰ স্পষ্ট বক্তব্য আছিল যে গাজা প্ৰদেশত যি কৰা হৈছে সেয়া গণহত্যাৰ বাহিৰে আন একো নহয়। আৰু দোষী নেতানিয়াহু। একে সময়তে তেওঁ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰক শান্তি পুনৰুদ্ধাৰৰ বাবে কিছু পদক্ষেপ গ্ৰহণ নকৰাৰ বাবেও আক্ৰমণ কৰে।