NORTHEAST NOW (Assamese)

‘ষ্টাৰ কেম্পেইনা’ৰত পৰিণত হোৱা প্ৰিয়ংকা গান্ধী অসমলৈ আহিব কংগ্ৰেছৰ প্ৰচাৰৰ বাবে

March 20, 2019 11:36 am · এন ই নাও নিউজ
Updated: March 20, 2019 11:37 am
প্ৰিয়ংকা গান্ধী। ফাইল ফটো।

কেইদিন মানৰ ভিতৰতে এগৰাকী ষ্টাৰ কেম্পেইনাৰ হৈ পৰা ৰাজীৱ-তনয়া প্ৰিয়ংকা গান্ধী ভদ্ৰা অসমলৈ আহিব কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে। এই খবৰ দিছে দলৰে এটা সূত্ৰই। প্ৰিয়ংকাই ৰাজ্যখনৰ একাধিক ঠাইত নিৰ্বাচনী প্ৰচাৰত ভাগ লোৱাৰ সম্ভাৱনা আছে।

প্ৰিয়ংকা গান্ধীৰ অসমৰ সূচী এতিয়াও স্থিৰ হোৱা নাই যদিও অচিৰেই তেওঁৰ আন প্ৰচাৰ কাৰ্য্যসূচী চালি-জাৰি চাই ঠিক কৰাৰ কথা আৰু অসম প্ৰদেশ কংগ্ৰেছে এই সন্দৰ্ভত যোগাযোগ অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে যোৱা ২৩ জানুৱাৰিত দলে উত্তৰ প্ৰদেশ (পূব)ৰ সাধাৰণ সম্পাদিকাৰ দায়িত্ব দিয়াৰ লগে লগে সক্ৰিয় ৰাজনীতিত আনুষ্ঠানিক প্ৰৱেশ ঘটিছিল প্ৰিয়ংকাৰ।

গুজৰাটৰ গান্ধী নগৰত সমাৱেশত ভাষণৰ সময়ত প্ৰিয়ংকা গান্ধী।

দায়িত্ব লোৱাৰ পিছত একাধিক ৰাজহুৱা আত্মপ্ৰকাশত নিজৰ লাখ লাখ অনুৰাগী সৃষ্টি কৰিবলৈ সক্ষম হৈছে প্ৰিয়ংকাই। অলপতে গুজৰাটৰ গান্ধী নগৰৰ এখন সমাৱেশত দিয়া ভাষণে দেশজুৰি চৰ্চা লাভ কৰাৰ লগতে এই ভাষণৰ ভিডিঅ’ কোটি কোটি ভাৰতীয়ই চাইছে বিভিন্ন চেনেলৰ জৰিয়তে।

অনেকেই প্ৰিয়ংকাৰ মাজত আইতাক তথা প্ৰয়াত ইন্দিৰা গান্ধীৰ প্ৰতিচ্ছবি আৱিষ্কাৰ কৰাৰ প্ৰয়াস কৰিছে। গান্ধী নগৰৰ সভাত প্ৰিয়ংকাই মঞ্চত ভাষণ দিবলৈ ডায়াছলৈ আগ বাঢ়ি যাওঁতে বিপুল জনতাই ‘ইন্দিৰা গান্ধী জিন্দাবাদ’ ধ্বনি দিয়াটো আছিল তাৎপৰ্য্যপূৰ্ণ। ইপিনে মোহময়ী নেত্ৰীগৰাকীয়ে টুইটাৰত যোগ দিয়াৰ এপষেকৰ ভিতৰতে লাখ লাখ ফ’ল’ৱাৰে তেওঁক ফ’ল’ কৰে।

প্ৰিয়ংকাৰ এই জনপ্ৰিয়তাক কংগ্ৰেছে আগন্তুক লোকসভা নিৰ্বাচনত মূলধন কৰি লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

প্ৰিয়ংকা গান্ধীৰ উপৰি অসম তথা উত্তৰ-পূবত ষ্টাৰ কেম্পেইনাৰ হিচাপে ভাগ ল’ব প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিং, দলটোৰ প্ৰাক্তন অধ্যক্ষা ছোনিয়া গান্ধী আৰু জ্যেষ্ঠ নেতা গোলাম নবী আজাদে।

Related News